--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে জীৱনত বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰে। একো একোটা সময়ত একো একোবিধ সামগ্ৰী মানুহ এজনৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে। কিন্তু এটা সময়ত সেই সামগ্ৰীবিধ মানুহজনৰ বাবে আৱৰ্জনাতহে পৰিণত হয়। ইমানৰ পিছতো অৱশ্যে সেই বস্তুবিধ মানুহ এজনে পেলাই দিয়াৰ সলনি ঘৰতে ৰাখি থয়।

 ইয়াৰ ফলত অলাগতিয়াল বস্তুৰে ঘৰ ভৰি পৰে। এনে পৰিস্থিতিত অলাগতিয়াল বস্তুৰে ভৰি পৰা ঘৰত বাস কৰা লোকসকলৰ মনোজগতত নেতিবাচক প্ৰভাৱ পৰে। বাহিৰৰ পৰা আহি ঘৰত প্ৰৱেশ কৰাৰ পিছতেই ঘৰখন বিভিন্ন অলাগতিয়াল বস্তুৰে ভৰি থকা দেখিলে মনটোত ঋণাত্মক ভাৱৰ সৃষ্টি হয়। যি কথাই মানুহ এজনৰ শাৰীৰিক তথা মানসিক স্বাস্থ্যত প্রভাব পেলায়। সেইবাবে অলাগতিয়াল যেন লগা বস্তু সাঁচি ৰখাৰ সলনি তাক তৎকালে ঘৰৰ বাহিৰ কৰি দিয়া উচিত । তেতিয়া ঘৰখন অলাগতিয়াল বস্তুৰ পৰা মুক্ত হৈ থাকিব আৰু ঘৰখন পৰিষ্কাৰ হৈ থাকিব।

কিছুমান বস্তুৰ সৈতে মানুহৰ আৱেগ জড়িত হৈ থাকে। কিন্তু সেই বস্তুবোৰ পুৰণি হৈ যোৱাৰ পিছত সেইবোৰ আৱৰ্জনালৈ ৰূপান্তৰিত হয়। এইক্ষেত্ৰত ঘৰখনক আৱৰ্জনামুক্ত কৰি ৰাখিবলৈ আৱেগ পৰিহাৰ কৰি তেনে অলাগতিয়াল বস্তু পেলাই দিয়া উচিত। এইক্ষেত্ৰত এটা কথা মন কৰিব লাগিব যে আৱৰ্জনাই সদায় ঘৰখনত নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰি থাকে। এনে প্ৰভাৱৰ বাবে ঘৰৰ উন্নতিত বিভিন্ন ধৰণৰ বাধাই দেখা দিয়ে। এনে আৱর্জনাই নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰাৰ বাবেই গৃহস্থৰ উন্নতিত বাধা আহি পৰে। 

সেয়ে চকু কাণ মুদি তেনে আবর্জনা পেলাই দিয়া উচিত। এটা কথা মন কৰা উচিত যে তেনে আৱৰ্জনাই আপোনাক কোনোদিনেই কোনোধৰণে উপকৃত নকৰে। ইয়াৰ বিপৰীতে তেনে আৱর্জনাই আপোনাৰ ঘৰৰ ঠাই অধিকাৰ কৰি থাকিব আৰু ঘৰৰ পৰিৱেশ বিনষ্ট কৰিব। 

সেইবাবে তেনে আৱৰ্জনা সদায় পেলাই দিয়া উচিত। আৱৰ্জনামুক্ত ঘৰখনত আপুনি শান্তিৰে উশাহ ল'ব পাৰিব আৰু মনত এক ইতিবাচক ধাৰণাৰ সঞ্চাৰ ঘটিব। আৱৰ্জনামুক্ত কৰাৰ পিছত আপুনি ঘৰত ধূপ-ধুনা আদি জ্বলাই ঘৰখনৰ পৰিবেশ আৰু অধিক পৱিত্ৰ কৰি তুলিব পাৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ