--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে জীৱনত বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰে। একো একোটা সময়ত একো একোবিধ সামগ্ৰী মানুহ এজনৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে। কিন্তু এটা সময়ত সেই সামগ্ৰীবিধ মানুহজনৰ বাবে আৱৰ্জনাতহে পৰিণত হয়। ইমানৰ পিছতো অৱশ্যে সেই বস্তুবিধ মানুহ এজনে পেলাই দিয়াৰ সলনি ঘৰতে ৰাখি থয়।

 ইয়াৰ ফলত অলাগতিয়াল বস্তুৰে ঘৰ ভৰি পৰে। এনে পৰিস্থিতিত অলাগতিয়াল বস্তুৰে ভৰি পৰা ঘৰত বাস কৰা লোকসকলৰ মনোজগতত নেতিবাচক প্ৰভাৱ পৰে। বাহিৰৰ পৰা আহি ঘৰত প্ৰৱেশ কৰাৰ পিছতেই ঘৰখন বিভিন্ন অলাগতিয়াল বস্তুৰে ভৰি থকা দেখিলে মনটোত ঋণাত্মক ভাৱৰ সৃষ্টি হয়। যি কথাই মানুহ এজনৰ শাৰীৰিক তথা মানসিক স্বাস্থ্যত প্রভাব পেলায়। সেইবাবে অলাগতিয়াল যেন লগা বস্তু সাঁচি ৰখাৰ সলনি তাক তৎকালে ঘৰৰ বাহিৰ কৰি দিয়া উচিত । তেতিয়া ঘৰখন অলাগতিয়াল বস্তুৰ পৰা মুক্ত হৈ থাকিব আৰু ঘৰখন পৰিষ্কাৰ হৈ থাকিব।

কিছুমান বস্তুৰ সৈতে মানুহৰ আৱেগ জড়িত হৈ থাকে। কিন্তু সেই বস্তুবোৰ পুৰণি হৈ যোৱাৰ পিছত সেইবোৰ আৱৰ্জনালৈ ৰূপান্তৰিত হয়। এইক্ষেত্ৰত ঘৰখনক আৱৰ্জনামুক্ত কৰি ৰাখিবলৈ আৱেগ পৰিহাৰ কৰি তেনে অলাগতিয়াল বস্তু পেলাই দিয়া উচিত। এইক্ষেত্ৰত এটা কথা মন কৰিব লাগিব যে আৱৰ্জনাই সদায় ঘৰখনত নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰি থাকে। এনে প্ৰভাৱৰ বাবে ঘৰৰ উন্নতিত বিভিন্ন ধৰণৰ বাধাই দেখা দিয়ে। এনে আৱর্জনাই নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰাৰ বাবেই গৃহস্থৰ উন্নতিত বাধা আহি পৰে। 

সেয়ে চকু কাণ মুদি তেনে আবর্জনা পেলাই দিয়া উচিত। এটা কথা মন কৰা উচিত যে তেনে আৱৰ্জনাই আপোনাক কোনোদিনেই কোনোধৰণে উপকৃত নকৰে। ইয়াৰ বিপৰীতে তেনে আৱর্জনাই আপোনাৰ ঘৰৰ ঠাই অধিকাৰ কৰি থাকিব আৰু ঘৰৰ পৰিৱেশ বিনষ্ট কৰিব। 

সেইবাবে তেনে আৱৰ্জনা সদায় পেলাই দিয়া উচিত। আৱৰ্জনামুক্ত ঘৰখনত আপুনি শান্তিৰে উশাহ ল'ব পাৰিব আৰু মনত এক ইতিবাচক ধাৰণাৰ সঞ্চাৰ ঘটিব। আৱৰ্জনামুক্ত কৰাৰ পিছত আপুনি ঘৰত ধূপ-ধুনা আদি জ্বলাই ঘৰখনৰ পৰিবেশ আৰু অধিক পৱিত্ৰ কৰি তুলিব পাৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে