--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পাছতেই দেশৰ লগতে বিদেশতো সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰক লৈ বিবৃতি জাৰি কৰা প্ৰথমখন ৰাষ্ট্র হ’ল জাৰ্মানী। অৰবিন্দ কেজৰিৱালক নিৰপেক্ষ আৰু উচিত বিচাৰ প্ৰদানৰ কথা উল্লেখ কৰিছে ইউৰোপীয় ৰাষ্ট্রখনৰ বিদেশ মন্ত্ৰণালয়ে। কিন্তু জাৰ্মানীৰ এনে বিবৃতিৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। ভাৰতৰ বিদেশ মন্ত্ৰালয়ে এইক্ষেত্ৰত প্ৰকাশ কৰিছে তীব্ৰ অসন্তুষ্টি। ভাৰতৰ আভ্যন্তৰীণ বিষয় মাত নামাতিবলৈ আহ্বান জনাইছে জাৰ্মানীক। 

ইতিমধ্যে জাৰ্মান চৰকাৰৰ এনে প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত দেশখনৰ নতুন দিল্লীস্থ কূটনীতিবিদক জৰুৰীভাৱে তলব কৰিলে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে। গণতান্ত্ৰিক ৰাষ্ট্র ভাৰতত আইন সঠিকভাৱে পালন কৰা হয় বুলি জাৰ্মানীক প্ৰত্যুত্তৰ দিছে ভাৰতে। 

দৰাচলতে দীৰ্ঘদিন ধৰি ভাৰতৰ শিক্ষানুষ্ঠানত জাৰ্মান ভাষা অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে জাৰ্মানীয়ে। তাৰ মাজতে ২০২২ চনত কেজৰিৱাল চৰকাৰে জাৰ্মানীৰ এক শৈক্ষিক প্ৰতিষ্ঠানৰ সৈতে দিল্লীৰ চৰকাৰী বিদ্যালয়ত জাৰ্মান ভাষা শিকাৰ বাবে স্বাক্ষৰিত কৰিছিল চুক্তিত। যাৰ পাছৰ পৰাই দিল্লীৰ চৰকাৰী স্কুলত আৰম্ভ হৈছিল জাৰ্মান ভাষাৰ শিক্ষা। আনহাতে ২০২২ চনত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও ভ্ৰমণ কৰিছিল জাৰ্মানী। পঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত বিনিয়োগৰ বাবে অনুৰোধ জনাইছিল জাৰ্মান চৰকাৰক। যাৰ বাবে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পাছত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জাৰ্মান চৰকাৰে। 

আনহাতে বিদেশৰ বহু প্ৰখ্যাত বাতৰি সংস্থায়ো অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰক লৈ প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। ৱাশ্বিংটন পোষ্ট, CNN, BBC, আলজাজিৰা, নিউয়ৰ্ক টাইমছৰ দৰে সংস্থাই কেজৰিৱালক গ্ৰেপ্তাৰক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। 

অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰক লৈ ভাৰত চৰকাৰক তীব্ৰ সমালোচনা কৰিছে এইসমূহ বিদেশী সংবাদ প্ৰতিষ্ঠানে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement