--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পাছতেই দেশৰ লগতে বিদেশতো সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰক লৈ বিবৃতি জাৰি কৰা প্ৰথমখন ৰাষ্ট্র হ’ল জাৰ্মানী। অৰবিন্দ কেজৰিৱালক নিৰপেক্ষ আৰু উচিত বিচাৰ প্ৰদানৰ কথা উল্লেখ কৰিছে ইউৰোপীয় ৰাষ্ট্রখনৰ বিদেশ মন্ত্ৰণালয়ে। কিন্তু জাৰ্মানীৰ এনে বিবৃতিৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। ভাৰতৰ বিদেশ মন্ত্ৰালয়ে এইক্ষেত্ৰত প্ৰকাশ কৰিছে তীব্ৰ অসন্তুষ্টি। ভাৰতৰ আভ্যন্তৰীণ বিষয় মাত নামাতিবলৈ আহ্বান জনাইছে জাৰ্মানীক। 

ইতিমধ্যে জাৰ্মান চৰকাৰৰ এনে প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত দেশখনৰ নতুন দিল্লীস্থ কূটনীতিবিদক জৰুৰীভাৱে তলব কৰিলে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে। গণতান্ত্ৰিক ৰাষ্ট্র ভাৰতত আইন সঠিকভাৱে পালন কৰা হয় বুলি জাৰ্মানীক প্ৰত্যুত্তৰ দিছে ভাৰতে। 

দৰাচলতে দীৰ্ঘদিন ধৰি ভাৰতৰ শিক্ষানুষ্ঠানত জাৰ্মান ভাষা অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে জাৰ্মানীয়ে। তাৰ মাজতে ২০২২ চনত কেজৰিৱাল চৰকাৰে জাৰ্মানীৰ এক শৈক্ষিক প্ৰতিষ্ঠানৰ সৈতে দিল্লীৰ চৰকাৰী বিদ্যালয়ত জাৰ্মান ভাষা শিকাৰ বাবে স্বাক্ষৰিত কৰিছিল চুক্তিত। যাৰ পাছৰ পৰাই দিল্লীৰ চৰকাৰী স্কুলত আৰম্ভ হৈছিল জাৰ্মান ভাষাৰ শিক্ষা। আনহাতে ২০২২ চনত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও ভ্ৰমণ কৰিছিল জাৰ্মানী। পঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত বিনিয়োগৰ বাবে অনুৰোধ জনাইছিল জাৰ্মান চৰকাৰক। যাৰ বাবে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পাছত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জাৰ্মান চৰকাৰে। 

আনহাতে বিদেশৰ বহু প্ৰখ্যাত বাতৰি সংস্থায়ো অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰক লৈ প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। ৱাশ্বিংটন পোষ্ট, CNN, BBC, আলজাজিৰা, নিউয়ৰ্ক টাইমছৰ দৰে সংস্থাই কেজৰিৱালক গ্ৰেপ্তাৰক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। 

অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰক লৈ ভাৰত চৰকাৰক তীব্ৰ সমালোচনা কৰিছে এইসমূহ বিদেশী সংবাদ প্ৰতিষ্ঠানে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু