--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ হৈ ইডিৰ জিম্মাত থকাৰ সময়তে দলটোৰ শীৰ্ষ নেতৃত্বই ঘটাইছে বিস্ফোৰণ৷ 
এইপৰ্যন্ত প্ৰৱৰ্তন সঞ্চালকালয়ে আবকাৰী নীতিৰ গোচৰত কোনো আপ নেতাৰ বিৰুদ্ধে ধন সৰবৰাহৰ প্ৰমাণ কৰিবলৈ সক্ষম হোৱা নাই৷ তাৰ মাজতে এজন অভিযুক্ত-অনুমোদনকাৰীয়ে ভাৰতীয় জনতা পাৰ্টিক ইলেক্ট’ৰেল বণ্ডত কোটি কোটি টকা দিয়া বুলি দাবী কৰিছে আম আদমী পাৰ্টীয়ে৷

দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীয়ে এখন সংবাদমেলত কয়, দিল্লীৰ তথাকথিত আবকাৰী নীতি কেলেংকাৰীত যোৱা দুবছৰ ধৰি চিবিআই আৰু ইডিৰ তদন্ত চলি আছে। এই দুবছৰত, বাৰে বাৰে এটা প্ৰশ্ন আহিছে যে ধনৰ পথ ক’ত আছে? টকাখিনি ক’লৈ গৈছিল? কোনো নেতা, মন্ত্ৰী বা আপৰ কৰ্মীৰ পৰা অপৰাধৰ কোনো উপাৰ্জন উদ্ধাৰ কৰা হোৱা নাই৷ 

জ্যেষ্ঠ আপ নেতাজনে লগতে কয় যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কেৱল অৰবিন্দ ফাৰ্মাৰ শৰৎ ৰেড্ডীৰ বিবৃতিৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰিছিল, যাক ইডিয়ে একেটা গোচৰত নৱেম্বৰত গ্ৰেপ্তাৰ কৰিছিল। এইগৰাকী ৰেড্ডীয়েই ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে বিজেপিক কোটি কোটি টকা দিছিল বুলি আতিশীয়ে দাবী কৰিছে৷

আতিশীয়ে কয়, শৰৎ ৰেড্ডীয়ে স্পষ্টকৈ কৈছিল যে তেওঁ কেতিয়াও অৰবিন্দ কেজৰিৱালক লগ পোৱা নাছিল বা কথা পতা নাছিল আৰু আপৰ সৈতে কোনো সম্পৰ্ক নাই। কেইবামাহ ধৰি কাৰাগাৰত থকাৰ পাছত তেওঁ তেওঁৰ বিবৃতি সলনি কৰিলে।

মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিৰ একাউণ্টত মানী ট্ৰেইল পোৱা গৈছিল আৰু সেয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক 'গ্ৰেপ্তাৰ' কৰি  সাহস দেখুৱাওক।

আতিশীয়ে কয়, শৰত চন্দ্ৰ ৰেড্ডীয়ে বিজেপিক ৪.৫ কোটি টকাৰ ইলেক্ট’ৰেল বণ্ড দিছিল। আৰু তাৰ পাছত ৫৫ কোটি বণ্ডো দিছিল। মানি ট্ৰেইল ক’ত আছে? বিজেপিৰ একাউণ্টত মানি ট্ৰেইল পোৱা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু