--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে কলকাতাৰ এক অনুষ্ঠানত গীত গাই থাকোতেই অসুস্থ হৈ পৰিছিল শিল্পী কেকে। পিছত চিকিৎসালয়লৈ নিয়াৰ পিছতে তেওঁৰ মৃত্যু ঘটিছিল।একে ঘটনাই পুনৰ ঘটিল বংগত।  কালী পূজা অনুষ্ঠানত গান গাই থকা অৱস্থাতে  মঞ্চত অসুস্থ হৈ পৰে  গায়ক দেৱশীষ দাস। 

৪৮ বছৰীয়া গায়কজনৰ ক্ষন্তেক পিছতে  মৃত্যু হয়। ঘটনাটো  দক্ষিণ ২৪ পৰগণাৰ কেনিঙৰ খাছ কুমৰোখালী গাঁৱত সংঘটিত হৈছে।  নজৰুল মঞ্চত অনুষ্ঠানৰ সময়ত শিল্পীজন অসুস্থ হৈ পৰিছিল। পিছত তেওঁৰ মৃত্যু হয়। আৰক্ষীৰ সূত্ৰই জনোৱা  অনুসৰি দেৱাশীষৰ ঘৰ কাকদ্বীপৰ হাৰউড পইণ্টত । তেওঁ কালী পূজা উপলক্ষে কুমৰোখালী গাঁৱৰ এখন সাংস্কৃতিক অনুষ্ঠানত গান গাবলৈ আহিছিল। 

আৰম্ভণিৰ পৰাই তেওঁ বহু কেইটা  গান গাইছিল আৰু দৰ্শকসকলক মনোৰঞ্জন দিছিল। কিন্তু  তেওঁ হঠাতে গান গাবলৈ বন্ধ কৰিলে আৰু মঞ্চত বহি পৰে। তেওঁ আয়োজকসকলক কৈছিল যে তেওঁৰ বুকুৰ বিষ হৈছে। পিছত, শিল্পীজনক কেনিং উপ-বিভাগীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। 

য'ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। কেনিং আৰক্ষীয়ে কয় যে মৃত শিল্পীজনৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। অপ্ৰাকৃতিক মৃত্যুৰ এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে। এই ঘটনাই সমগ্ৰ দেশতে পুনৰ শোকৰ ছাঁ পেলাইছে। সন্দেহ কৰা অনুসৰি গায়কজন হৃদৰোগত আক্ৰান্ত হৈছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু