--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে কলকাতাৰ এক অনুষ্ঠানত গীত গাই থাকোতেই অসুস্থ হৈ পৰিছিল শিল্পী কেকে। পিছত চিকিৎসালয়লৈ নিয়াৰ পিছতে তেওঁৰ মৃত্যু ঘটিছিল।একে ঘটনাই পুনৰ ঘটিল বংগত।  কালী পূজা অনুষ্ঠানত গান গাই থকা অৱস্থাতে  মঞ্চত অসুস্থ হৈ পৰে  গায়ক দেৱশীষ দাস। 

৪৮ বছৰীয়া গায়কজনৰ ক্ষন্তেক পিছতে  মৃত্যু হয়। ঘটনাটো  দক্ষিণ ২৪ পৰগণাৰ কেনিঙৰ খাছ কুমৰোখালী গাঁৱত সংঘটিত হৈছে।  নজৰুল মঞ্চত অনুষ্ঠানৰ সময়ত শিল্পীজন অসুস্থ হৈ পৰিছিল। পিছত তেওঁৰ মৃত্যু হয়। আৰক্ষীৰ সূত্ৰই জনোৱা  অনুসৰি দেৱাশীষৰ ঘৰ কাকদ্বীপৰ হাৰউড পইণ্টত । তেওঁ কালী পূজা উপলক্ষে কুমৰোখালী গাঁৱৰ এখন সাংস্কৃতিক অনুষ্ঠানত গান গাবলৈ আহিছিল। 

আৰম্ভণিৰ পৰাই তেওঁ বহু কেইটা  গান গাইছিল আৰু দৰ্শকসকলক মনোৰঞ্জন দিছিল। কিন্তু  তেওঁ হঠাতে গান গাবলৈ বন্ধ কৰিলে আৰু মঞ্চত বহি পৰে। তেওঁ আয়োজকসকলক কৈছিল যে তেওঁৰ বুকুৰ বিষ হৈছে। পিছত, শিল্পীজনক কেনিং উপ-বিভাগীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। 

য'ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। কেনিং আৰক্ষীয়ে কয় যে মৃত শিল্পীজনৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। অপ্ৰাকৃতিক মৃত্যুৰ এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে। এই ঘটনাই সমগ্ৰ দেশতে পুনৰ শোকৰ ছাঁ পেলাইছে। সন্দেহ কৰা অনুসৰি গায়কজন হৃদৰোগত আক্ৰান্ত হৈছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক