--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো প্ৰমাণ নোহোৱাকৈ স্বামীক চৰিত্ৰহীন বা মদাহী বুলি কোৱাটো এক নিষ্ঠুৰতা। এই কথা আমি কোৱা নাই, বম্বে উচ্চ ন্যায়ালয়ে এক বিবাহ বিচ্ছেদৰ গোচৰত ৰায় ঘোষণা কৰাৰ সময়ত এই কথা কয়। ন্যায়াধীশ নীতিন জামদাৰ আৰু শৰ্মিলা দেশমুখৰ এখন সংমণ্ডল বিচাৰপীঠে এই সন্দৰ্ভত পুনে পৰিয়াল আদালতে দিয়া ৰায়ক সমৰ্থন কৰাৰ সমান্তৰালভাৱে পত্নীৰ আবেদন খাৰিজ কৰে।

পুনেৰ ৫০ বছৰীয়া মহিলাগৰাকীৰ স্বামী আছিল এগৰাকী প্ৰাক্তন সেনাবাহিনী। মহিলাগৰাকীয়ে পৰিয়ালৰ আদালতত অভিযোগ কৰে যে তেওঁৰ স্বামী আন মহিলাৰ প্ৰতি আসক্ত আছিল আৰু তেওঁ নিয়মীয়াকৈ মদ্যপান কৰিছিল। ফলত তেওঁৰ বৈবাহিক অধিকাৰ ক্ষয় হৈ গৈ আছে। তেওঁ লগতে অভিযোগ কৰে যে স্বামীৰ এই আচৰণ ‘পত্নীৰ প্ৰতি নিষ্ঠুৰতা’। কিন্তু ২০০৫ চনত পৰিয়াল আদালতে এই অভিযোগ খাৰিজ কৰিছিল। ইয়াৰ পিছত তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপে।

উচ্চ ন্যায়ালয়ত গোচৰৰ শুনানি চলি থকাৰ সময়তে মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হয়। শেহতীয়াকৈ দুজন ন্যায়াধীশৰ বিভাগীয় বিচাৰপীঠে মহিলাগৰাকীৰ আবেদন খাৰিজ কৰি কয় যে, “আৱেদনকাৰীয়ে স্বামীৰ চৰিত্ৰক লৈ অযুক্তিকৰ অভিযোগ উত্থাপন কৰিছে”। তেওঁ অভিযোগৰ সপক্ষে প্ৰমাণ দেখুৱাব পৰা নাছিল। ইয়াৰ ফলত স্বামীৰ বদনাম হৈছিল। ইয়াক নিষ্ঠুৰ ব্যৱহাৰ বুলি ক’ব পাৰি।’ বম্বে উচ্চ ন্যায়ালয়ে এই বিষয়টোৰ সন্দৰ্ভত কয় যে কোনো মহিলাই কোনো প্ৰমাণ অবিহনে স্বামীক মিছাতে অপবাদ জাপি দিব নোৱাৰিব। প্ৰমাণ নোহোৱাকৈ স্বামীক চৰিত্ৰহীন বা মদাহী বুলি আখ্যা দিব নোৱাৰিব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক