--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো প্ৰমাণ নোহোৱাকৈ স্বামীক চৰিত্ৰহীন বা মদাহী বুলি কোৱাটো এক নিষ্ঠুৰতা। এই কথা আমি কোৱা নাই, বম্বে উচ্চ ন্যায়ালয়ে এক বিবাহ বিচ্ছেদৰ গোচৰত ৰায় ঘোষণা কৰাৰ সময়ত এই কথা কয়। ন্যায়াধীশ নীতিন জামদাৰ আৰু শৰ্মিলা দেশমুখৰ এখন সংমণ্ডল বিচাৰপীঠে এই সন্দৰ্ভত পুনে পৰিয়াল আদালতে দিয়া ৰায়ক সমৰ্থন কৰাৰ সমান্তৰালভাৱে পত্নীৰ আবেদন খাৰিজ কৰে।

পুনেৰ ৫০ বছৰীয়া মহিলাগৰাকীৰ স্বামী আছিল এগৰাকী প্ৰাক্তন সেনাবাহিনী। মহিলাগৰাকীয়ে পৰিয়ালৰ আদালতত অভিযোগ কৰে যে তেওঁৰ স্বামী আন মহিলাৰ প্ৰতি আসক্ত আছিল আৰু তেওঁ নিয়মীয়াকৈ মদ্যপান কৰিছিল। ফলত তেওঁৰ বৈবাহিক অধিকাৰ ক্ষয় হৈ গৈ আছে। তেওঁ লগতে অভিযোগ কৰে যে স্বামীৰ এই আচৰণ ‘পত্নীৰ প্ৰতি নিষ্ঠুৰতা’। কিন্তু ২০০৫ চনত পৰিয়াল আদালতে এই অভিযোগ খাৰিজ কৰিছিল। ইয়াৰ পিছত তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপে।

উচ্চ ন্যায়ালয়ত গোচৰৰ শুনানি চলি থকাৰ সময়তে মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হয়। শেহতীয়াকৈ দুজন ন্যায়াধীশৰ বিভাগীয় বিচাৰপীঠে মহিলাগৰাকীৰ আবেদন খাৰিজ কৰি কয় যে, “আৱেদনকাৰীয়ে স্বামীৰ চৰিত্ৰক লৈ অযুক্তিকৰ অভিযোগ উত্থাপন কৰিছে”। তেওঁ অভিযোগৰ সপক্ষে প্ৰমাণ দেখুৱাব পৰা নাছিল। ইয়াৰ ফলত স্বামীৰ বদনাম হৈছিল। ইয়াক নিষ্ঠুৰ ব্যৱহাৰ বুলি ক’ব পাৰি।’ বম্বে উচ্চ ন্যায়ালয়ে এই বিষয়টোৰ সন্দৰ্ভত কয় যে কোনো মহিলাই কোনো প্ৰমাণ অবিহনে স্বামীক মিছাতে অপবাদ জাপি দিব নোৱাৰিব। প্ৰমাণ নোহোৱাকৈ স্বামীক চৰিত্ৰহীন বা মদাহী বুলি আখ্যা দিব নোৱাৰিব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু