--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ম’হ এটাৰ মূল্য ১৫ কোটি টকা! শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সঁচা কথা। ৰাজকুমাৰ আৰু শুৰবীৰ হৈছে দুটা ম'হৰ নাম। যদি এটাৰ মূল্য ১০ কোটি টকা, আনটোৰ মূল্য আকৌ ১৫  কোটি টকা। আপুনি হয়তো সেই মূল্যত এখন বিএমডব্লিউ বা মাৰ্চিডিজ ক্ৰয় কৰিব পাৰিব। 

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত এখন পশু মেলাৰ আয়োজন কৰা হৈছিল। তাতেই প্ৰদৰ্শন কৰা হৈছিল ম’হ দুটা। ম’হ দুটাৰ গৰাকী অৰ্জুন সিং হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ বাসিন্দা। অৰ্জুন সিঙেই তেওঁৰ ম’হ  শূৰবীৰক পশু মেলালৈ লৈ আহিছিল। শুৰবীৰে প্ৰতিযোগিতাখনত 'বেষ্ট এনিমেল অফ দ্য শ্ব' আৰু 'বেষ্ট এনিমেল অফ দ্য ব্ৰিড' খিতাপ জিকিছিল। মেলাখনত শুৰবীৰৰ মূল্য  ১৫ কোটিলৈ উঠিছিল বুলি অৰ্জুনে প্ৰকাশ কৰিছে। অৰ্জুনে কয়  যে আয়োজকসকলে মুজাফ্ফৰপুৰ মেলাত শ্ৰেষ্ঠ পশুবঁটা লাভ কৰাৰ বাবে শূৰবীৰৰ পালক  অৰ্জুনক ৭.৫  লাখ টকা প্ৰদান কৰিছে।

অৰ্জুনে কয়  যে শূৰবীৰ ইমান ব্যয়বহুল হোৱাৰ কাৰণ হৈছে ম’হটোৰ বীৰ্য। শূৰবীৰৰ বীৰ্যৰ ইমান চাহিদা আছে যে ম’হটোৰ  মূল্য কেইবা কোটি টকাত উপনীত হৈছে। তেওঁ দাবী কৰে যে তেওঁ শূৰবীৰৰ বীৰ্য বিক্ৰী কৰি প্ৰতি মাহে লাখ লাখ টকা উপাৰ্জন কৰে। অৱশ্যে অৰ্জুনে কৈছে যে শুৰবীৰৰ যত্নত লওঁতেও বহু টকাৰ প্ৰয়োজন হয়।  প্ৰতি মাহে শূৰবীৰৰ চোৱাচিতা কৰিবলৈ ১ লাখ টকা ব্যয় হয়।  দাম ইমান পোৱাৰ পিছত  শুৰবীৰক বিক্ৰী কৰিব নেকি বুলি সাংবাদিকে সোধাত অৰ্জুনে কয়  "মূল্য আৰু বাঢ়িলেও মই শূৰবীৰক বিক্ৰী নকৰো। " উল্সলেখ্য ম’হটোৰ বীৰ্য বৰ্ণ সংকৰ ম’হ জন্মদিবলৈ ব্যৱহাৰ কৰি অহা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ