--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ম’হ এটাৰ মূল্য ১৫ কোটি টকা! শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সঁচা কথা। ৰাজকুমাৰ আৰু শুৰবীৰ হৈছে দুটা ম'হৰ নাম। যদি এটাৰ মূল্য ১০ কোটি টকা, আনটোৰ মূল্য আকৌ ১৫  কোটি টকা। আপুনি হয়তো সেই মূল্যত এখন বিএমডব্লিউ বা মাৰ্চিডিজ ক্ৰয় কৰিব পাৰিব। 

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত এখন পশু মেলাৰ আয়োজন কৰা হৈছিল। তাতেই প্ৰদৰ্শন কৰা হৈছিল ম’হ দুটা। ম’হ দুটাৰ গৰাকী অৰ্জুন সিং হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ বাসিন্দা। অৰ্জুন সিঙেই তেওঁৰ ম’হ  শূৰবীৰক পশু মেলালৈ লৈ আহিছিল। শুৰবীৰে প্ৰতিযোগিতাখনত 'বেষ্ট এনিমেল অফ দ্য শ্ব' আৰু 'বেষ্ট এনিমেল অফ দ্য ব্ৰিড' খিতাপ জিকিছিল। মেলাখনত শুৰবীৰৰ মূল্য  ১৫ কোটিলৈ উঠিছিল বুলি অৰ্জুনে প্ৰকাশ কৰিছে। অৰ্জুনে কয়  যে আয়োজকসকলে মুজাফ্ফৰপুৰ মেলাত শ্ৰেষ্ঠ পশুবঁটা লাভ কৰাৰ বাবে শূৰবীৰৰ পালক  অৰ্জুনক ৭.৫  লাখ টকা প্ৰদান কৰিছে।

অৰ্জুনে কয়  যে শূৰবীৰ ইমান ব্যয়বহুল হোৱাৰ কাৰণ হৈছে ম’হটোৰ বীৰ্য। শূৰবীৰৰ বীৰ্যৰ ইমান চাহিদা আছে যে ম’হটোৰ  মূল্য কেইবা কোটি টকাত উপনীত হৈছে। তেওঁ দাবী কৰে যে তেওঁ শূৰবীৰৰ বীৰ্য বিক্ৰী কৰি প্ৰতি মাহে লাখ লাখ টকা উপাৰ্জন কৰে। অৱশ্যে অৰ্জুনে কৈছে যে শুৰবীৰৰ যত্নত লওঁতেও বহু টকাৰ প্ৰয়োজন হয়।  প্ৰতি মাহে শূৰবীৰৰ চোৱাচিতা কৰিবলৈ ১ লাখ টকা ব্যয় হয়।  দাম ইমান পোৱাৰ পিছত  শুৰবীৰক বিক্ৰী কৰিব নেকি বুলি সাংবাদিকে সোধাত অৰ্জুনে কয়  "মূল্য আৰু বাঢ়িলেও মই শূৰবীৰক বিক্ৰী নকৰো। " উল্সলেখ্য ম’হটোৰ বীৰ্য বৰ্ণ সংকৰ ম’হ জন্মদিবলৈ ব্যৱহাৰ কৰি অহা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত