--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে পুনৰ সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰিছে। আশংকা কৰা হৈছে দেশত হয়তো অতীতৰ ভয়াৱহ দিনবোৰ পুনৰ ঘূৰি আহিব। কৰোনাই নতুন উদ্বেগ বৃদ্ধি কৰিছে দেশৰ প্ৰতি খন ৰাজ্যতে। একেৰাহে দুদিন ধৰি দৈনিক আক্ৰান্ত ৰোগীৰ সংখ্যা ৬,০০০ অতিক্ৰম কৰিছে। যদিও দেওবাৰে সংক্ৰমণ সামান্য হ্ৰাস পাইছে সামগ্ৰিক ছবিখন আজিও ভয়াৱহ হৈয়েই আছে। পৰিস্থিতিৰ আগতীয়া মোকাবিলা কৰিবলৈ ইতিমধ্যে দুখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়েও সকলোকে মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিছে।

দেওবাৰে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য যোৱা ২৪  ঘণ্টাত দেশখনত ৫,৩৫৭  গৰাকী লোক  কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। যোৱা দুদিনত সংখ্যাটো ৬,০০০ তকৈ অলপ বেছি আছিল। বৰ্তমান সমগ্ৰ দেশতে কোভিড আক্ৰান্ত লোকৰ  মুঠ সংখ্যা হৈছে ৪ কোটি ৪৭ লাখ ৫৬ হাজাৰ ৬১৬ হৈছে। আজি অৱশ্যে দেশৰ দৈনিক ইতিবাচকৰ হাৰ ৩.৩৯  শতাংশলৈ হ্ৰাস পাইছে। সাপ্তাহিক ইতিবাচকৰ  হাৰ ৩.৫৪ শতাংশলৈ বৃদ্ধি পাইছে।দেশত সক্ৰিয় ৰোগীৰ সংখ্যাও প্ৰতিদিনে অলপ অলপকৈ  বাঢ়ি আহিছে। বৰ্তমান  সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩২,৮১৪ গৰাকী। যোৱা ২৪  ঘণ্টাতকোভিড আক্ৰান্ত হৈ মুঠ ১১ জন লোকৰ মৃত্যু হৈছে। ফলস্বৰূপে দেশত কোভিডৰ ফলত হোৱা  মুঠ মৃত্যুৰ সংখ্যা ৫ লাখ ৩০ হাজাৰ ৯৬৫ লৈ বৃদ্ধি হৈছে, কিন্তু ইয়াৰ মাজতে, আৰোগৰ  হাৰে সকাহ দিছে। ৯৮.৭৪ শতাংশ ৰোগীয়ে এতিয়ালৈকে কোভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

যোৱা কেইবছৰমানৰ অভিজ্ঞতাৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে নানান পদক্ষেপ গ্ৰহণ কৰি কোভিডৰ অধিক সংক্ৰমণ ৰোধ কৰাৰ চেষ্টা চলাইছে।খৰখেদাকৈ এখন উচ্চ-পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ পিছত, কেন্দ্ৰই পুনৰ সকলোকে মাস্ক পৰিধান কৰাৰ  পৰামৰ্শ দিছে। একেদৰে তিনিখন ৰাজ্যৰ জনবসতিপূৰ্ণ এলেকাত মাস্ক  বাধ্যতামূলক কৰা হৈছে। ইয়াৰ ভিতৰত আছে হাৰিয়ানা, কেৰালা আৰু পুডুচেৰী। হাৰিয়ানা চৰকাৰে কৈছে যে চৰকাৰী কাৰ্যালয়, শ্বপিং মল আৰু ১০০ তকৈ অধিক লোক একত্ৰিত হোৱাৰ সম্ভাৱনা থকা ঠাইত মাস্ক পিন্ধিব লাগিব। কেৰালাত  বৃদ্ধ লোকসকলেও মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। পুডুচেৰীতো প্ৰশাসনে জনবসতিপূৰ্ণ এলেকাত মাস্ক  পিন্ধাৰ নিৰ্দেশ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে