--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে পুনৰ সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰিছে। আশংকা কৰা হৈছে দেশত হয়তো অতীতৰ ভয়াৱহ দিনবোৰ পুনৰ ঘূৰি আহিব। কৰোনাই নতুন উদ্বেগ বৃদ্ধি কৰিছে দেশৰ প্ৰতি খন ৰাজ্যতে। একেৰাহে দুদিন ধৰি দৈনিক আক্ৰান্ত ৰোগীৰ সংখ্যা ৬,০০০ অতিক্ৰম কৰিছে। যদিও দেওবাৰে সংক্ৰমণ সামান্য হ্ৰাস পাইছে সামগ্ৰিক ছবিখন আজিও ভয়াৱহ হৈয়েই আছে। পৰিস্থিতিৰ আগতীয়া মোকাবিলা কৰিবলৈ ইতিমধ্যে দুখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়েও সকলোকে মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিছে।

দেওবাৰে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য যোৱা ২৪  ঘণ্টাত দেশখনত ৫,৩৫৭  গৰাকী লোক  কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। যোৱা দুদিনত সংখ্যাটো ৬,০০০ তকৈ অলপ বেছি আছিল। বৰ্তমান সমগ্ৰ দেশতে কোভিড আক্ৰান্ত লোকৰ  মুঠ সংখ্যা হৈছে ৪ কোটি ৪৭ লাখ ৫৬ হাজাৰ ৬১৬ হৈছে। আজি অৱশ্যে দেশৰ দৈনিক ইতিবাচকৰ হাৰ ৩.৩৯  শতাংশলৈ হ্ৰাস পাইছে। সাপ্তাহিক ইতিবাচকৰ  হাৰ ৩.৫৪ শতাংশলৈ বৃদ্ধি পাইছে।দেশত সক্ৰিয় ৰোগীৰ সংখ্যাও প্ৰতিদিনে অলপ অলপকৈ  বাঢ়ি আহিছে। বৰ্তমান  সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩২,৮১৪ গৰাকী। যোৱা ২৪  ঘণ্টাতকোভিড আক্ৰান্ত হৈ মুঠ ১১ জন লোকৰ মৃত্যু হৈছে। ফলস্বৰূপে দেশত কোভিডৰ ফলত হোৱা  মুঠ মৃত্যুৰ সংখ্যা ৫ লাখ ৩০ হাজাৰ ৯৬৫ লৈ বৃদ্ধি হৈছে, কিন্তু ইয়াৰ মাজতে, আৰোগৰ  হাৰে সকাহ দিছে। ৯৮.৭৪ শতাংশ ৰোগীয়ে এতিয়ালৈকে কোভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

যোৱা কেইবছৰমানৰ অভিজ্ঞতাৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে নানান পদক্ষেপ গ্ৰহণ কৰি কোভিডৰ অধিক সংক্ৰমণ ৰোধ কৰাৰ চেষ্টা চলাইছে।খৰখেদাকৈ এখন উচ্চ-পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ পিছত, কেন্দ্ৰই পুনৰ সকলোকে মাস্ক পৰিধান কৰাৰ  পৰামৰ্শ দিছে। একেদৰে তিনিখন ৰাজ্যৰ জনবসতিপূৰ্ণ এলেকাত মাস্ক  বাধ্যতামূলক কৰা হৈছে। ইয়াৰ ভিতৰত আছে হাৰিয়ানা, কেৰালা আৰু পুডুচেৰী। হাৰিয়ানা চৰকাৰে কৈছে যে চৰকাৰী কাৰ্যালয়, শ্বপিং মল আৰু ১০০ তকৈ অধিক লোক একত্ৰিত হোৱাৰ সম্ভাৱনা থকা ঠাইত মাস্ক পিন্ধিব লাগিব। কেৰালাত  বৃদ্ধ লোকসকলেও মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। পুডুচেৰীতো প্ৰশাসনে জনবসতিপূৰ্ণ এলেকাত মাস্ক  পিন্ধাৰ নিৰ্দেশ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ