--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিৰ এটা উপগ্ৰহত সংঘটিত হৈছে ভয়াৱহ আগ্নেয়গিৰি বিস্ফোৰণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাই শেহতীয়াকৈ এই তথ্য লাভ কৰিছে.

নাছাৰ মহাকাশযান জুনোৱে ধৰা পলাইছে বৃহস্পতিৰ উপগ্ৰহ 'আইও’ৰ ভিতৰভাগৰ ছৱি।  প্ৰায় ৫০ হাজাৰ মাইল দূৰত্বৰ পৰা উপগ্ৰহটোৰ ছৱি তুলিছে মহাকাশযানখনে।

ছৱিসমূহত দেখা গৈছে যে উপগ্ৰহটোত অজস্ৰ আগ্নেয়গিৰি আছে। প্ৰত্যেকটো আগ্নেয়গিৰিয়েই জীৱন্ত তথা জ্বালামুখী। এইসমূহৰ অহৰ্নিশে নিৰ্গত হৈছে ৰঙা ৰঙা লাভা। উপগ্ৰহটো ভৰি পৰিছে ধোঁৱা আৰু ছাঁইৰে।

যোৱা ৫ জুলাইত উপগ্ৰহৰ ছৱি তুলিছিল নাছাৰ মহাকাশযানখনে। শেহতীয়াকৈ ছৱিসমূহ প্ৰকাশ কৰিছে গৱেষণা সংস্থাটোৱে।

''ছৱিসমূহ দেখি আমি উচ্ছাসিত। প্ৰতি মুহূৰ্ততে আমি নতুন নতুন তথ্য লাভ কৰিছো।’’- নাছাৰ এগৰাকী বিষয়াই কয়।

উপগ্ৰহটোৰ আগ্নেয়গিৰি বিস্ফোৰণৰ অধিক তথ্য লাভ কৰিবলৈ চেষ্টা কৰিছে বিজ্ঞানীসকলে। 

উল্লেখ্য যে সৌৰজগতৰ আটাইতকৈ বৃহৎ গ্ৰহটোৱে হৈছে বৃহস্পতি। সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৭৪ কোটি ৭৭ লাখ কিলোমিটাৰ। পৃথিৱীৰ পৰা দূৰত্ব ৭১ কোটি ৫০ লাখ কিলোমিটাৰ। বৰ্তমানলৈকে গ্ৰহটোৰ ৮০ টা উপগ্ৰহৰ সন্ধান লাভ কৰিছে বিজ্ঞানীসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement