--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মধুৰিআম অতি পুষিটিদায়ক ফল। চি ভিটামিনৰ ভাণ্ডাৰ  মধুৰিআমৰ আছে বহু উপকাৰ৷   আপুনি জানেনে যে মধুৰিআমৰ ফলৰ লগতে  পাতৰো আছে অনেক উপকাৰ৷ পৰম্পৰাগতভাৱে ডায়েৰিয়াৰ চিকিৎসা, কলেষ্টেৰল হ্ৰাস, ডায়েবেটিচৰ দৰে ৰোগৰ চিকিৎসাত  মধুৰিআমৰ  পাত  ঔষধি হিচাবে ব্যৱহাৰ হৈ আহিছে। মধুৰিআমৰ পাতত এণ্টিঅক্সিডেণ্ট, এণ্টি-বেক্টেৰিয়াৰ গুণা থকাৰ লগতে ইয়াৰ  প্ৰদাহ-প্ৰতিৰোধী গুণাগুণো আছে। ছাল, চুলিৰ বাবে  মধুৰিআম পাতৰ ৰস খালে  বা সৰু কোমল পাত চোবালে উপকাৰ পোৱা যায়৷ 

◾ডায়েৰিয়াৰ চিকিৎসা
সাধাৰণতে, ডায়েৰিয়া ষ্টেফিলোকক্কাছ অৰিয়াছ বেক্টেৰিয়াৰ বৃদ্ধিৰ ফলত হয়৷   অধ্যয়ন অনুসৰি  মধুৰিআমৰ পাতৰ ৰসত  বেক্টেৰিয়াৰ নাশ কৰিব পৰা গুণ থাকে৷  । মধুৰিআমৰ পাত উতলাই সেই পানী খালে   পেটৰ বিষ উপশম  হয়। বিষৰ পৰা দ্ৰুত সকাহ পাবলৈ মধুৰিআমৰ পাত একাপ পানীত মিহলাই উতলাই  পিছত সেই  পানী চেকি খালী খালী পেটত খালে উপকাৰ পোৱা যায়৷ 

◾কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে
এটা অধ্যয়নে প্ৰমাণ কৰিছে যে মধুৰিআমৰ পাত উতলাই সেই পানী  খালে আঠ সপ্তাহত কলেষ্টেৰলৰ স্তৰ হ্ৰাস হয় । ইফালে, এল.ডি.এল. বা নিম্ন-ঘনত্বৰ লাইপোপ্ৰ'টিন হৈছে লাইপোপ্ৰ'টিনৰ পাঁচটা মুখ্য গোটৰ ভিতৰৰেএটা ৷ যি সমগ্ৰ শৰীৰত সকলো চৰ্বিৰ অণু কঢ়িয়াই ফুৰে। যেতিয়া এই প্ৰকাৰৰ কলেষ্টেৰল বৃহৎ পৰিমাণত জমা  হয়, ব্যক্তিজনৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাৰ আশংকাই দেখা দিব পাৰে৷  মধুৰীআমৰ পাতৰ ৰসে এই সমস্যা বহু খিনি দূৰ কৰে৷ 

◾চৰ্দি আৰু কাহ উপশম কৰাত কাৰ্যকৰী
যিহেতু মধুৰিআমৰ পাতত ভিটামিন চি আৰু লো অধিক থাকে, মধুৰিআমৰ পাতৰ ৰসে সেয়ে  কাহ আৰু চৰ্দি আঁতৰ কৰাত সহায় কৰে। মধুৰিআমৰ ৰসে হাঁওফাঁও আৰু ডিঙি পৰিষ্কাৰ কৰাত সহায় কৰে।
 
◾চুলি সৰাৰ সমস্যাত 
মধুৰিআমৰ পাতৰ ৰসে  চুলি সৰা হ্ৰাস কৰিব পাৰে। ইয়াৰ বাবে মধুৰিআমৰ কিছু  পাত লওঁক আৰু ইয়াক প্ৰায় ২০  মিনিটৰ বাবে পানীত উতলাওক৷  পিছত সেই পানী ঠাণ্ডা কৰি চুলি ধুব আৰু তাৰ পিছত চুলিত  মধুৰিআমৰ  পাত পিহি  প্ৰয়োগ কৰিব।

◾দাঁতৰ বিষ আৰু দাঁতৰ আলু  ফুলাত 
মধুৰিআমৰ পাত  উতলাওক আৰু তাৰ পিছত ইয়াক চেকি লওঁক, তাৰ  পিছত সেই  পানীৰে   কুলিকুলি কৰক। ই দাঁতৰ বিষ, আলুৰ প্ৰদাহ আৰু মুখৰ আলচাৰ নাইকিয়া কৰে।

◾ডায়েবেটিচ নিয়ন্ত্ৰণত 
মধুমেহ ৰোগীৰ বাবে এই ফল উপকাৰী, ইয়াৰ পাত সিজোৱা পানীয়ে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান