--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মধুৰিআম অতি পুষিটিদায়ক ফল। চি ভিটামিনৰ ভাণ্ডাৰ  মধুৰিআমৰ আছে বহু উপকাৰ৷   আপুনি জানেনে যে মধুৰিআমৰ ফলৰ লগতে  পাতৰো আছে অনেক উপকাৰ৷ পৰম্পৰাগতভাৱে ডায়েৰিয়াৰ চিকিৎসা, কলেষ্টেৰল হ্ৰাস, ডায়েবেটিচৰ দৰে ৰোগৰ চিকিৎসাত  মধুৰিআমৰ  পাত  ঔষধি হিচাবে ব্যৱহাৰ হৈ আহিছে। মধুৰিআমৰ পাতত এণ্টিঅক্সিডেণ্ট, এণ্টি-বেক্টেৰিয়াৰ গুণা থকাৰ লগতে ইয়াৰ  প্ৰদাহ-প্ৰতিৰোধী গুণাগুণো আছে। ছাল, চুলিৰ বাবে  মধুৰিআম পাতৰ ৰস খালে  বা সৰু কোমল পাত চোবালে উপকাৰ পোৱা যায়৷ 

◾ডায়েৰিয়াৰ চিকিৎসা
সাধাৰণতে, ডায়েৰিয়া ষ্টেফিলোকক্কাছ অৰিয়াছ বেক্টেৰিয়াৰ বৃদ্ধিৰ ফলত হয়৷   অধ্যয়ন অনুসৰি  মধুৰিআমৰ পাতৰ ৰসত  বেক্টেৰিয়াৰ নাশ কৰিব পৰা গুণ থাকে৷  । মধুৰিআমৰ পাত উতলাই সেই পানী খালে   পেটৰ বিষ উপশম  হয়। বিষৰ পৰা দ্ৰুত সকাহ পাবলৈ মধুৰিআমৰ পাত একাপ পানীত মিহলাই উতলাই  পিছত সেই  পানী চেকি খালী খালী পেটত খালে উপকাৰ পোৱা যায়৷ 

◾কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে
এটা অধ্যয়নে প্ৰমাণ কৰিছে যে মধুৰিআমৰ পাত উতলাই সেই পানী  খালে আঠ সপ্তাহত কলেষ্টেৰলৰ স্তৰ হ্ৰাস হয় । ইফালে, এল.ডি.এল. বা নিম্ন-ঘনত্বৰ লাইপোপ্ৰ'টিন হৈছে লাইপোপ্ৰ'টিনৰ পাঁচটা মুখ্য গোটৰ ভিতৰৰেএটা ৷ যি সমগ্ৰ শৰীৰত সকলো চৰ্বিৰ অণু কঢ়িয়াই ফুৰে। যেতিয়া এই প্ৰকাৰৰ কলেষ্টেৰল বৃহৎ পৰিমাণত জমা  হয়, ব্যক্তিজনৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাৰ আশংকাই দেখা দিব পাৰে৷  মধুৰীআমৰ পাতৰ ৰসে এই সমস্যা বহু খিনি দূৰ কৰে৷ 

◾চৰ্দি আৰু কাহ উপশম কৰাত কাৰ্যকৰী
যিহেতু মধুৰিআমৰ পাতত ভিটামিন চি আৰু লো অধিক থাকে, মধুৰিআমৰ পাতৰ ৰসে সেয়ে  কাহ আৰু চৰ্দি আঁতৰ কৰাত সহায় কৰে। মধুৰিআমৰ ৰসে হাঁওফাঁও আৰু ডিঙি পৰিষ্কাৰ কৰাত সহায় কৰে।
 
◾চুলি সৰাৰ সমস্যাত 
মধুৰিআমৰ পাতৰ ৰসে  চুলি সৰা হ্ৰাস কৰিব পাৰে। ইয়াৰ বাবে মধুৰিআমৰ কিছু  পাত লওঁক আৰু ইয়াক প্ৰায় ২০  মিনিটৰ বাবে পানীত উতলাওক৷  পিছত সেই পানী ঠাণ্ডা কৰি চুলি ধুব আৰু তাৰ পিছত চুলিত  মধুৰিআমৰ  পাত পিহি  প্ৰয়োগ কৰিব।

◾দাঁতৰ বিষ আৰু দাঁতৰ আলু  ফুলাত 
মধুৰিআমৰ পাত  উতলাওক আৰু তাৰ পিছত ইয়াক চেকি লওঁক, তাৰ  পিছত সেই  পানীৰে   কুলিকুলি কৰক। ই দাঁতৰ বিষ, আলুৰ প্ৰদাহ আৰু মুখৰ আলচাৰ নাইকিয়া কৰে।

◾ডায়েবেটিচ নিয়ন্ত্ৰণত 
মধুমেহ ৰোগীৰ বাবে এই ফল উপকাৰী, ইয়াৰ পাত সিজোৱা পানীয়ে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন কিশোৰৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক