--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ওজন হ্ৰাস কৰিবলৈ নেমু অতি ফলপ্ৰসূ বুলি কোৱা হয়। আমি সকলোৱে নেমু ব্যৱহাৰ কৰো, কিন্তু তাৰ বাকলিবোৰ কাটি পেলাই দিওঁ। কিন্তু আমি বহুতেই নাজানো যে নেমুৰ বাকলিত কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান পোৱা যায়। ইয়াৰ বাহিৰেও নেমুৰ বাকলিত ডি-লিমোনিন নামৰ এবিধ মৌল থাকে, যিয়ে চৰ্বি হ্ৰাস কৰাত সহায় কৰে। আজি আমি জানিম যে কেনেকৈ আপুনি ওজন হ্ৰাস কৰিবলৈ নেমুৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। কেৱল ওজন হ্ৰাস কৰাই নহয়, নেমুৰ বাকলি সেৱন কৰিলে আন বহুতো স্বাস্থ্য উপকাৰিতাও পোৱা যায়।

 শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰি যায়-

নেমুৰ বাকলিত ফ্লেভন’ইড পোৱা যায় যিয়ে মানসিক চাপ কমোৱাত সহায় কৰে। যদি আপুনি মানসিক চাপত থাকে, তেন্তে নেমুৰ বাকলি খাব পাৰে। শৰীৰত চৰ্বি বৃদ্ধি হ’লে বিষাক্ত পদাৰ্থও বৃদ্ধি পায়। নেমুৰ বাকলি সেৱনে শৰীৰত থকা বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলাই যায়, ফলত ওজন হ্ৰাস কৰাত সহায় কৰে। তদুপৰি ইয়াত পোৱা ভিটামিন-‘চি’য়ে চৰ্বি কমোৱাত সহায় কৰে।

 নেমুৰ বাকলিৰ পৰা গুড়ি বনাওক-

নেমুৰ বাকলিত ভিটামিন-‘চি’ আৰু আঁহ থাকে যিয়ে চৰ্বি হ্ৰাস কৰাত সহায় কৰে। নেমুৰ বাকলি ব্যৱহাৰৰ বাবে শুকুৱাই তাৰ গুড়ি প্ৰস্তুত কৰক। এই গুড়িবোৰ এটা বন্ধ পাত্ৰত ৰাখি থৈ গৰম পানীৰ লগত মিহলাই খাব পাৰে।

 এনেকৈ পানীয় প্ৰস্তুত কৰক-

ওজন হ্ৰাস কৰিবলৈ নেমুৰ বাকলিৰে পানীয় প্ৰস্তুত কৰিব পাৰে। এই পানীয় বনাবলৈ নেমুৰ বাকলিবোৰ কাটি তাৰ পাছত ২ লিটাৰ পানীত প্ৰায় ৩০ মিনিট উতলাই লওক। ইয়াৰ পাছত গেছ বন্ধ কৰি বাকলিবোৰ উলিয়াই লওক। প্ৰতিদিনে পুৱা এগিলাতকৈ সেৱন কৰিলে ওজন হ্ৰাস পায়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু