--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ শৰীৰত যেনেকৈ ক্ষতিকাৰক বেক্টেৰিয়া থাকে, তেনেদৰে ভাল বেক্টেৰিয়াও থাকে। যেতিয়া উপকাৰী অণুজীৱৰ সংখ্যা বৃদ্ধি হয় তেতিয়া আমাৰ শৰীৰ নিৰোগী হয়। ইয়াৰ উপৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, পেটৰ যিকোনো সমস্যা হ্ৰাস হয়। আটাইতকৈ ডাঙৰ কথাটো হ’ল যে ওজন নিয়ন্ত্ৰণত থাকে। অৱেশ্য দেখা যায় যে অতিৰিক্ত ওজন হ্ৰাস কৰিবলৈ বহু লোকে বিভিন্ন ধৰণে চেষ্টা কৰে, কিন্তু বহু সময়ত হাজাৰ চেষ্টা কৰিও ওজন হ্ৰাস কৰিব পৰা নাযায়। বিশেষজ্ঞসকলে কয় যে পেটত থকা উপকাৰী বেক্টেৰিয়াই ভাৰসাম্য হেৰুৱালে যিমানেই চেষ্টা নকৰক কিয়, ওজন হ্ৰাস কৰিব পৰা নাযায়।

 শেহতীয়াকৈ কলম্বিয়া বিশ্ববিদ্যালয়ৰ সৈতে জড়িত কলেজৰ কেইবাজনো চিকিৎসকে কৰা এক অধ্যয়নত কোৱা হৈছে যে পেটত থকা কিছুমান ‘ফিলামেণ্টেছ বেক্টেৰিয়া’ অত্যধিক চেনি খালে ধ্বংস হয়। গতিকে অতিৰিক্ত চেনি সেৱনৰ পৰা বিৰত থকা উচিত। চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰি আঁহযুক্ত খাদ্য খাব লাগে। অৰ্থাৎ চেনি, মিঠাই, লুচি, চিপচ, কাটলেট, পেকেটত ভৰোৱা খাদ্য, তেল-ঘী-মাখন আদি খোৱাৰ পৰিৱৰ্তে শাক-পাচলি, ফলমূল, বাদাম আদি খাব লাগে।

 নিয়মিতভাৱে টেঙা দৈ খালে আন্ত্ৰিক অংশত পোনপটীয়াকৈ ভাল বেক্টেৰিয়া পোৱা যায়। ইয়াৰ বাহিৰেও দৈত কেফিৰ নামৰ একপ্ৰকাৰৰ ৱেই, কোম্বুচা নামৰ একপ্ৰকাৰৰ কিম্বন কৰা সেউজীয়া পানীয় খাব পাৰে। লেক্টিক এচিডত তিয়াই থোৱা কবিও বহুতে খায়। ইয়াক ষ্টেটক্ৰেট বুলি কোৱা হয়। কিন্তু সকলো খাদ্যই সকলোৱে খাব নোৱাৰে, গতিকে যিকোনো খাদ্য খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।

 অপৰ্যাপ্ত টোপনিয়ে আন্ত্ৰিক অংশত থকা অণুজীৱৰ ভাৰসাম্যত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। ইয়াৰ বাহিৰেও অনিদ্ৰাই শৰীৰৰ হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰে। মানসিক চাপ, ডায়েবেটিছ আৰু মেদবহুলতাৰ সম্ভাৱনা বৃদ্ধি কৰে।

 আক্ষৰিক অৰ্থত এন্টিবায়টিক গ্ৰহণ কৰিলে আন্ত্ৰিক অংশত থকা সকলো ভাল-বেয়া বেক্টেৰিয়া গোটত মৰি যায়। বহুতে চিকিৎসকৰ পৰামৰ্শ অবিহনে এই ঔষধ গ্ৰহণ কৰে। ইয়াৰ উপৰি ই উপকাৰী আন্ত্ৰিক বেক্টেৰিয়াৰ ক্ষতি কৰে। ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাবলৈ ধৰে। পাচনতন্ত্ৰৰ সমস্যাও বৃ্দ্ধি পায়। ফলত ওজন হ্ৰাস-বৃদ্ধি দুয়োটা ক্ষেত্ৰতে প্ৰভাৱ বিস্তাৰ কৰে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক