--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ শৰীৰত যেনেকৈ ক্ষতিকাৰক বেক্টেৰিয়া থাকে, তেনেদৰে ভাল বেক্টেৰিয়াও থাকে। যেতিয়া উপকাৰী অণুজীৱৰ সংখ্যা বৃদ্ধি হয় তেতিয়া আমাৰ শৰীৰ নিৰোগী হয়। ইয়াৰ উপৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, পেটৰ যিকোনো সমস্যা হ্ৰাস হয়। আটাইতকৈ ডাঙৰ কথাটো হ’ল যে ওজন নিয়ন্ত্ৰণত থাকে। অৱেশ্য দেখা যায় যে অতিৰিক্ত ওজন হ্ৰাস কৰিবলৈ বহু লোকে বিভিন্ন ধৰণে চেষ্টা কৰে, কিন্তু বহু সময়ত হাজাৰ চেষ্টা কৰিও ওজন হ্ৰাস কৰিব পৰা নাযায়। বিশেষজ্ঞসকলে কয় যে পেটত থকা উপকাৰী বেক্টেৰিয়াই ভাৰসাম্য হেৰুৱালে যিমানেই চেষ্টা নকৰক কিয়, ওজন হ্ৰাস কৰিব পৰা নাযায়।

 শেহতীয়াকৈ কলম্বিয়া বিশ্ববিদ্যালয়ৰ সৈতে জড়িত কলেজৰ কেইবাজনো চিকিৎসকে কৰা এক অধ্যয়নত কোৱা হৈছে যে পেটত থকা কিছুমান ‘ফিলামেণ্টেছ বেক্টেৰিয়া’ অত্যধিক চেনি খালে ধ্বংস হয়। গতিকে অতিৰিক্ত চেনি সেৱনৰ পৰা বিৰত থকা উচিত। চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰি আঁহযুক্ত খাদ্য খাব লাগে। অৰ্থাৎ চেনি, মিঠাই, লুচি, চিপচ, কাটলেট, পেকেটত ভৰোৱা খাদ্য, তেল-ঘী-মাখন আদি খোৱাৰ পৰিৱৰ্তে শাক-পাচলি, ফলমূল, বাদাম আদি খাব লাগে।

 নিয়মিতভাৱে টেঙা দৈ খালে আন্ত্ৰিক অংশত পোনপটীয়াকৈ ভাল বেক্টেৰিয়া পোৱা যায়। ইয়াৰ বাহিৰেও দৈত কেফিৰ নামৰ একপ্ৰকাৰৰ ৱেই, কোম্বুচা নামৰ একপ্ৰকাৰৰ কিম্বন কৰা সেউজীয়া পানীয় খাব পাৰে। লেক্টিক এচিডত তিয়াই থোৱা কবিও বহুতে খায়। ইয়াক ষ্টেটক্ৰেট বুলি কোৱা হয়। কিন্তু সকলো খাদ্যই সকলোৱে খাব নোৱাৰে, গতিকে যিকোনো খাদ্য খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।

 অপৰ্যাপ্ত টোপনিয়ে আন্ত্ৰিক অংশত থকা অণুজীৱৰ ভাৰসাম্যত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। ইয়াৰ বাহিৰেও অনিদ্ৰাই শৰীৰৰ হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰে। মানসিক চাপ, ডায়েবেটিছ আৰু মেদবহুলতাৰ সম্ভাৱনা বৃদ্ধি কৰে।

 আক্ষৰিক অৰ্থত এন্টিবায়টিক গ্ৰহণ কৰিলে আন্ত্ৰিক অংশত থকা সকলো ভাল-বেয়া বেক্টেৰিয়া গোটত মৰি যায়। বহুতে চিকিৎসকৰ পৰামৰ্শ অবিহনে এই ঔষধ গ্ৰহণ কৰে। ইয়াৰ উপৰি ই উপকাৰী আন্ত্ৰিক বেক্টেৰিয়াৰ ক্ষতি কৰে। ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাবলৈ ধৰে। পাচনতন্ত্ৰৰ সমস্যাও বৃ্দ্ধি পায়। ফলত ওজন হ্ৰাস-বৃদ্ধি দুয়োটা ক্ষেত্ৰতে প্ৰভাৱ বিস্তাৰ কৰে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু