--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে কৰ্পূৰ ব্যৱহাৰ কৰা হয়, কাৰণ ইয়াৰ পৰা পৰিৱেশ শুদ্ধ হোৱাৰ লগতে স্বাস্থ্যজনিত বহুতো লাভালাভ পোৱা যায়। কৰ্পূৰ স্বাস্থ্যৰ বাবে অতি উপযোগী বুলি গণ্য কৰা হয় কাৰণ কৰ্পূৰৰ প্ৰদাহ নিবাৰণকাৰী, বিষনাশক, এন্টিচেপ্টিক আৰু কনজাংটিভাল প্ৰতিৰোধী গুণ আছে। সেয়েহে কৰ্পূৰৰ সহায়ত ঘৰুৱা কিছুমান উপায়ৰ বিষয়ে জানো আহক।

 কৰ্পূৰৰ ১০টা উপকাৰ-

১. চৰ্দি, কাহ আৰু হাওঁফাওঁৰ ৰোগ হ’লে ৰুমালত কৰ্পূৰ মেৰিয়াই বান্ধি গোন্ধ ল’লে কিছু সকাহ পোৱা যায়।

২. কুহুমীয়া পানীত কেইটোপালমান কৰ্পূৰ তেল দি মূৰত টাৱেল এখন মেৰিয়াই ভাপ ল’লেও চৰ্দিত আৰাম পোৱা যায়।

৩. মূৰৰ বিষত কৰ্পূৰ ঔষধী বুলি প্ৰমাণিত হৈছে, ইয়াৰ বাবে কৰ্পূৰ আৰু নেমুৰ ৰস মিহলাই মূৰত লগালেও বহু সকাহ পাব।

৪. যদি আপোনাৰ গোৰোহা ফাটি যায়, তেন্তে টাবত গৰম পানী উলিয়াই তাত কৰ্পূৰ মিহলাই ভৰি দুখন ১৫ মিনিটমান ডুবাই ৰাখিলে গোৰোহা ফটা ভাল হয়।

৫. চুলিত উফি বাঢ়িলে কৰ্পূৰৰ লগত নাৰিকল তেল মিহলাই চুলিত লগাই লাহে লাহে মালিচ কৰিব লাগে। কিছুদিন এনে কৰিলে উফি নাইকিয়া হৈ পৰিব।

৬. কৰ্পূৰ ব্যৱহাৰ কৰি ৰিংৱৰ্ম, খজুৱতি আদিও দূৰ কৰিব পাৰি। আপুনি কৰ্পূৰ পিহি আক্ৰান্ত অংশত লগালে উপকাৰ পাব।

৭. কেতিয়াবা হঠাৎ দাঁতৰ বিষ হ’বলৈ আৰম্ভ কৰে, এনে পৰিস্থিতিত দাঁতেৰে কৰ্পূৰ টিপি অলপ সময় ৰাখিলে কম সময়ৰ ভিতৰতে বিষ নাইকিয়া হৈ যাব।

৮. মহৰ আতংক বাঢ়িলে আমি প্ৰায়ে কীটনাশকৰ আশ্ৰয় লওঁ, কোঠাটোত কৰ্পূৰ জ্বলালে স্বাস্থ্যৰ কোনো ক্ষতি নকৰাকৈ মহৰ পৰা মুক্তি পাব পাৰি।

৯. যদি পোৰা আৰু আঘাতৰ বাবে ছালত কোনো ধৰণৰ দাগ পৰে তেন্তে পানীত কৰ্পূৰ মিহলাই কেইসপ্তাহমান ছালত লগালে উপকাৰ পাব।

১০. যিসকল লোকৰ নিশা ভাল টোপনি নাহে, তেওঁলোকৰ তলুৱাত দেশী ঘিউ আৰু কৰ্পূৰ মিশ্ৰণ লগাই নিশা শোৱাৰ আগতে মালিচ কৰিলে সুফল পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা