--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অভিনেত্ৰী তুনিশা শৰ্মাৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাকলৈ দেশত এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে৷  ২৪ ডিচেম্বৰত তুনিশাই ধাৰাবাহিকৰ শ্বুটিঙৰ সময়তে মেকআপ ৰূমত আত্মহত্যা কৰিছিল। ২০ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণৰ মাজতে  মেকআপ ৰূমলৈ গৈ  আত্মহত্যা কৰে। আৰক্ষীয়ে ইতিমধ্যে তুনিশাৰ প্ৰাক্তন প্ৰেমিক শিজান খানক গ্ৰেপ্তাৰ কৰিছে।

অভিনেত্ৰীগৰাকীৰ মাতৃয়ে দাবী কৰিছে যে শিজানে বিবাহৰ প্ৰতিশ্ৰুতিৰে  তেওঁৰ কন্যাক  প্ৰতাৰণা কৰিছিল। প্ৰয়াত অভিনেত্ৰীগৰাকীৰ এগৰাকী ঘনিষ্ঠ বান্ধৱী ৰায়া লাবিবে শেহতীয়াকৈ শিজান খানৰ বিৰুদ্ধে   মুখ খুলিছে।ৰায়াই দাবী কৰিছে যে শিজানে কেৱল যৌনতাৰ বাবেই ছোৱালীৰ সৈতে সম্পৰ্কত জড়িত হৈছিল।শিজানৰ  ৬ ৰ পৰা ১০ গৰাকী মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক আছিল। 

ৰায়া লাবিবে সংবাদ মাধ্যমক কয়  যে শিজানে তেওঁৰ  যৌন আকাংক্ষা পূৰণ কৰিবলৈ আৰু বহু ছোৱালীক ব্যৱহাৰ কৰি আহিছে৷ তেওঁলোক সকলোকে  প্ৰেম আৰু বিয়াৰ প্ৰতিশ্ৰুতিৰ নামত শিজানে  প্ৰতাৰণা কৰি আহিছে। ৰায়াই দাবী কৰে, "শিজানৰ সুন্দৰ চেহেৰাৰ  বাবে ছোৱালীবোৰে তেওঁৰ প্ৰেমত পৰে আৰু যৌন সম্পৰ্কত লিপ্ত হয়৷ ৰায়াই লগতে কয় যে  তুনিশা হয়তো গৰ্ভৱতী হৈছিল। সেইবাবেই তেওঁ ঔষধো গ্ৰহণ কৰিছিল। '’

তিউনিছাৰ মৃত্যুৰ তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছে  যে ১৫  দিন আগতে শিজানৰ সৈতে তুনিশাৰ ব্ৰেকআপ হৈছিল। ফলস্বৰূপে, তেওঁ মানসিক ভাবে ভাগি পৰিছিল। আদালতে শিজান খানক চাৰি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। তেওঁৰ বিৰুদ্ধে আইপিচিৰ ৩০৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক