--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অভিনেত্ৰী তুনিশা শৰ্মাৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাকলৈ দেশত এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে৷  ২৪ ডিচেম্বৰত তুনিশাই ধাৰাবাহিকৰ শ্বুটিঙৰ সময়তে মেকআপ ৰূমত আত্মহত্যা কৰিছিল। ২০ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণৰ মাজতে  মেকআপ ৰূমলৈ গৈ  আত্মহত্যা কৰে। আৰক্ষীয়ে ইতিমধ্যে তুনিশাৰ প্ৰাক্তন প্ৰেমিক শিজান খানক গ্ৰেপ্তাৰ কৰিছে।

অভিনেত্ৰীগৰাকীৰ মাতৃয়ে দাবী কৰিছে যে শিজানে বিবাহৰ প্ৰতিশ্ৰুতিৰে  তেওঁৰ কন্যাক  প্ৰতাৰণা কৰিছিল। প্ৰয়াত অভিনেত্ৰীগৰাকীৰ এগৰাকী ঘনিষ্ঠ বান্ধৱী ৰায়া লাবিবে শেহতীয়াকৈ শিজান খানৰ বিৰুদ্ধে   মুখ খুলিছে।ৰায়াই দাবী কৰিছে যে শিজানে কেৱল যৌনতাৰ বাবেই ছোৱালীৰ সৈতে সম্পৰ্কত জড়িত হৈছিল।শিজানৰ  ৬ ৰ পৰা ১০ গৰাকী মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক আছিল। 

ৰায়া লাবিবে সংবাদ মাধ্যমক কয়  যে শিজানে তেওঁৰ  যৌন আকাংক্ষা পূৰণ কৰিবলৈ আৰু বহু ছোৱালীক ব্যৱহাৰ কৰি আহিছে৷ তেওঁলোক সকলোকে  প্ৰেম আৰু বিয়াৰ প্ৰতিশ্ৰুতিৰ নামত শিজানে  প্ৰতাৰণা কৰি আহিছে। ৰায়াই দাবী কৰে, "শিজানৰ সুন্দৰ চেহেৰাৰ  বাবে ছোৱালীবোৰে তেওঁৰ প্ৰেমত পৰে আৰু যৌন সম্পৰ্কত লিপ্ত হয়৷ ৰায়াই লগতে কয় যে  তুনিশা হয়তো গৰ্ভৱতী হৈছিল। সেইবাবেই তেওঁ ঔষধো গ্ৰহণ কৰিছিল। '’

তিউনিছাৰ মৃত্যুৰ তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছে  যে ১৫  দিন আগতে শিজানৰ সৈতে তুনিশাৰ ব্ৰেকআপ হৈছিল। ফলস্বৰূপে, তেওঁ মানসিক ভাবে ভাগি পৰিছিল। আদালতে শিজান খানক চাৰি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। তেওঁৰ বিৰুদ্ধে আইপিচিৰ ৩০৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু