--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগেৰুৱা বিকিনি পিন্ধি 'পাঠান' ছবিত দীপিকা পাডুকনে শ্বাহৰুখ খানৰ সৈতে যি উদ্দাম নৃত্য কৰিছে তাকে চাই বহুতে এতিয়া গৰম হৈ উঠিছে৷ গীতটিত গেৰুৱা বিকিনি পিন্ধি অশ্লীল নৃত্য কৰাৰ অভিযোগ কৰি হিন্দুত্ববাদী সংগঠন সমূহে ছবি খন নিষিদ্ধ কৰাৰ দাবী জনাইছে৷ আনকি অযোধ্যাৰ সাধুসকলৰ একাংশয়ো ছবি খন নিষিদ্ধ কৰাৰ দাবী তুলিছে৷ 

এজন সাধুৱে আনকি শ্বাহৰুখ খানক জীৱন্তে জ্বলাই দিয়াৰো ভাবুকি দিছে৷ এইবাৰ 'পাঠান' ছবি খনৰ বিৰোধিতা কৰি অযোধ্যাত জীৱিত অৱস্থাতে শ্বাহৰুখ খানৰ তিলনি পতা হ’ল৷ তিলনি পতাসকলৰ অভিযোগ শ্বাহৰুখ খানৰ 'পাঠান' অশ্লীল! অযোধ্যাত শ্বাহৰুখৰ তিলনি পতাত আগভাগ লয় আছকেশী ছবানীৰ সাধুসকলে৷  তেওঁলোকক নেতৃত্ব দিয়ে পৰমহংস আচাৰ্যই ৷ পৰমহংস আচাৰ্যই আনকি শ্বাহৰুখ খানক জীৱিত অৱস্থাতে  জ্বলাই দিয়াৰো ভাবুকি দিছিল। এইবাৰ শ্বাহৰুখৰ তিলনি পতাত পৰমহংস আচাৰ্যই  নেতৃত্ব দিয়ে।তেওঁ কয়  "এনেদৰেই মই জিহাদ সমাপ্ত কৰিব বিচাৰিছো। ''

শেহতীয়াকৈ, উলেমা বোৰ্ডৰ সভাপতিয়েও এক সৰ্বভাৰতীয় সংবাদ মাধ্যমক কয় , "শ্বাহৰুখৰ ছবিখনে মুছলমানসকলৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিব পাৰে। ব্যৱস্থা কৰা উচিত যাতে ছবিখন কেৱল মধ্য প্ৰদেশতে নহয়, সমগ্ৰ দেশতে মুক্তি দিয়া নহয়।"মধ্য প্ৰদেশৰ বিজেপি নেতা নৰোত্তম মিশ্ৰাই  'পাঠান'  চলচ্চিত্ৰখনৰ কেইবাটাও দৃশ্যকলৈ  আপত্তি কৰিছিল। তেওঁ টুইট কৰে, "পাঠান চলচ্চিত্ৰখনৰ কেইবাটাও দৃশ্য অশালীন। যদি এই দৃশ্যবোৰ বাতিল কৰা নহয়, ছবিখন মধ্য প্ৰদেশত মুক্তি দিয়া নহ'ব। । "ছ'চিয়েল মিডিয়াতো ইতিমধ্যে  'বয়কট পাঠান' ট্ৰেণ্ডিং চলি আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু