--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগেৰুৱা বিকিনি পিন্ধি 'পাঠান' ছবিত দীপিকা পাডুকনে শ্বাহৰুখ খানৰ সৈতে যি উদ্দাম নৃত্য কৰিছে তাকে চাই বহুতে এতিয়া গৰম হৈ উঠিছে৷ গীতটিত গেৰুৱা বিকিনি পিন্ধি অশ্লীল নৃত্য কৰাৰ অভিযোগ কৰি হিন্দুত্ববাদী সংগঠন সমূহে ছবি খন নিষিদ্ধ কৰাৰ দাবী জনাইছে৷ আনকি অযোধ্যাৰ সাধুসকলৰ একাংশয়ো ছবি খন নিষিদ্ধ কৰাৰ দাবী তুলিছে৷ 

এজন সাধুৱে আনকি শ্বাহৰুখ খানক জীৱন্তে জ্বলাই দিয়াৰো ভাবুকি দিছে৷ এইবাৰ 'পাঠান' ছবি খনৰ বিৰোধিতা কৰি অযোধ্যাত জীৱিত অৱস্থাতে শ্বাহৰুখ খানৰ তিলনি পতা হ’ল৷ তিলনি পতাসকলৰ অভিযোগ শ্বাহৰুখ খানৰ 'পাঠান' অশ্লীল! অযোধ্যাত শ্বাহৰুখৰ তিলনি পতাত আগভাগ লয় আছকেশী ছবানীৰ সাধুসকলে৷  তেওঁলোকক নেতৃত্ব দিয়ে পৰমহংস আচাৰ্যই ৷ পৰমহংস আচাৰ্যই আনকি শ্বাহৰুখ খানক জীৱিত অৱস্থাতে  জ্বলাই দিয়াৰো ভাবুকি দিছিল। এইবাৰ শ্বাহৰুখৰ তিলনি পতাত পৰমহংস আচাৰ্যই  নেতৃত্ব দিয়ে।তেওঁ কয়  "এনেদৰেই মই জিহাদ সমাপ্ত কৰিব বিচাৰিছো। ''

শেহতীয়াকৈ, উলেমা বোৰ্ডৰ সভাপতিয়েও এক সৰ্বভাৰতীয় সংবাদ মাধ্যমক কয় , "শ্বাহৰুখৰ ছবিখনে মুছলমানসকলৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিব পাৰে। ব্যৱস্থা কৰা উচিত যাতে ছবিখন কেৱল মধ্য প্ৰদেশতে নহয়, সমগ্ৰ দেশতে মুক্তি দিয়া নহয়।"মধ্য প্ৰদেশৰ বিজেপি নেতা নৰোত্তম মিশ্ৰাই  'পাঠান'  চলচ্চিত্ৰখনৰ কেইবাটাও দৃশ্যকলৈ  আপত্তি কৰিছিল। তেওঁ টুইট কৰে, "পাঠান চলচ্চিত্ৰখনৰ কেইবাটাও দৃশ্য অশালীন। যদি এই দৃশ্যবোৰ বাতিল কৰা নহয়, ছবিখন মধ্য প্ৰদেশত মুক্তি দিয়া নহ'ব। । "ছ'চিয়েল মিডিয়াতো ইতিমধ্যে  'বয়কট পাঠান' ট্ৰেণ্ডিং চলি আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক