--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাড়ৰ শক্তিৰ বাবে কেলচিয়াম অতি প্ৰয়োজনীয়। তেজ জমা হোৱাতো ই সহায় কৰে। শৰীৰৰ বিকাশ আৰু পেশী নিৰ্মাণতো ই সহায়ক। সেউজীয়া শাক-পাচলি, দৈ, বাদাম, গাখীৰ আৰু অন্য দুগ্ধজাত সামগ্ৰী, চীজ চয়াবিন, কমলা, আমলখি আদি কেলচিয়ামৰ চহকী উৎস।

কেলচিয়ামৰ অভাৱ হ’বলৈ নিদিব

কেলচিয়ামৰ অভাৱক হাইপ’কেলচিয়াম বুলিও কোৱা হয়। যেতিয়া আপোনাৰ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম নাপায় তেতিয়া এনে হয়। সুস্বাস্থ্যৰ বাবে কেলচিয়ামৰ গুৰুত্বৰ বিষয়ে মানুহ সচেতন হ’ব লাগে। যিসকলৰ শৰীৰত কেলচিয়ামৰ অভাৱ আছে, তেওঁলোকে কি কি সমস্যাৰ সন্মুখীন হয় জানি লওক।

বয়স বৃদ্ধিৰ লগে লগে কেলচিয়ামৰ অভাৱ হোৱাটো সাধাৰণ কথা। শৰীৰৰ বেছিভাগ কেলচিয়াম হাড়ত জমা হৈ থাকে। বয়স বৃদ্ধিৰ লগে লগে হাড়বোৰ পাতল আৰু কম ঘন হৈ পৰে। এনে পৰিস্থিতিত শৰীৰক কেলচিয়ামৰ প্ৰয়োজন হয়। কেলচিয়ামৰ উৎস থকা খাদ্য খালে ইয়াৰ অভাৱ পূৰণ কৰিব পাৰি।

কেলচিয়ামৰ অভাৱ কিয় হয়?

অনাহাৰ আৰু পুষ্টিহীনতা, হৰম’নৰ ভাৰসাম্যহীনতা, অকাল প্ৰসৱ আৰু অশোষণৰ ফলতো কেলচিয়ামৰ অভাৱ হ’ব পাৰে। উপযুক্ত মাত্ৰা গ্ৰহণ কৰাৰ পিছতো আমাৰ শৰীৰে ভিটামিন আৰু খনিজ পদাৰ্থ শোষণ কৰিবলৈ সক্ষম নহ’লে দেখা দিয়া অৱস্থাটোৱেই হৈছে ‘Malabsorption’।

কেলচিয়ামৰ অভাৱৰ ৮টা অসুবিধা

১) পেশীৰ বিষঃ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ হিম’গ্লবিন থকাৰ পিছতো আৰু উপযুক্ত পৰিমাণৰ পানী খোৱাৰ পিছতো যদি আপুনি নিয়মিত পেশীৰ বিষৰ সন্মুখীন হয় তেন্তে ই কেলচিয়ামৰ অভাৱৰ লক্ষণ।

২) হাড়ৰ ঘনত্ব কমঃ বয়স বঢ়াৰ লগে লগে হাড়ৰ খনিজ লৱণৰ বাবে কেলচিয়াম অপৰিহাৰ্য। কেলচিয়ামৰ অভাৱে আমাৰ হাড়ৰ স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় আৰু অষ্টিঅ’পৰ’ছিছ আৰু হাড় ভাঙি যোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

৩) দুৰ্বল নখঃ নখবোৰ শক্তিশালী হৈ থাকিবলৈ কেলচিয়ামৰ প্ৰয়োজন হয়, ইয়াৰ অভাৱৰ বাবে ইহঁত ভংগুৰ আৰু দুৰ্বল হৈ পৰিব পাৰে।

৪) দাঁতৰ বিষঃ আমাৰ শৰীৰৰ ৯০ শতাংশ কেলচিয়াম দাঁত আৰু হাড়ত জমা হৈ থাকে, ইয়াৰ অভাৱত দাঁত আৰু হাড় হেৰুৱাব পাৰে।

৫) পিৰিয়ডৰ সময়ত বিষ হোৱাঃ কেলচিয়ামৰ অভাৱত ভোগা মহিলাসকলৰ পিৰিয়ডৰ সময়ত তীব্ৰ বিষ হ’ব পাৰে, কাৰণ পেশীৰ কাৰ্য্যত কেলচিয়ামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৬) ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাসঃ কেলচিয়ামে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখে। কেলচিয়ামৰ অভাৱৰ বাবে শৰীৰে ৰোগৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা কমি যায়।

৭) নাড়ীৰ সমস্যাঃ কেলচিয়ামৰ অভাৱত স্নায়ুজনিত সমস্যা হ’ব পাৰে, যেনে মূৰত চাপৰ ফলত মূৰৰ বিষ হ’ব পাৰে। কেলচিয়ামৰ অভাৱত হতাশা, অনিদ্ৰা, ব্যক্তিত্বৰ পৰিৱৰ্তন আৰু ডিমেনচিয়া আদিও হ’ব পাৰে।

৮)বুকুৰ ধপধপনিঃ হৃদযন্ত্ৰৰ সঠিক কাম-কাজৰ বাবে কেলচিয়াম অপৰিহাৰ্য আৰু ইয়াৰ অভাৱত বুকুৰ ধপধপনি বাঢ়িব পাৰে আৰু অস্থিৰতা হ’ব পাৰে। কেলচিয়ামে হৃদযন্ত্ৰৰ তেজ পাম্প কৰাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক