--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্যৰ সোৱাদ ধুনীয়া কৰে ধনীয়াৰ সোৱাদে। ধনীয়াই কেৱল ৰেচিপিৰ সোৱাদ বৃদ্ধি কৰাই নহয় ইয়াৰ আছে বহু উপকাৰিতা। ধনীয়া দাইল, ভাজিত দিয়াৰ উপৰিও চালাডত ধনীয়া পাত মিহলাই খোৱা হয়। ধনীয়া খোৱাৰ উপকাৰিতাসমূহ কি কি জানো আহক।

সেউজীয়া ধনীয়া খোৱাৰ ৫ টা উপকাৰ

ধনীয়াত ভিটামিন এ, বি, চি, কে, কেলচিয়াম, ফছফৰাছ, পটাছিয়াম, ছডিয়াম আৰু মেগনেছিয়াম আদি পুষ্টিকৰ পদাৰ্থ পোৱা যায় বুলি অতি কম সংখ্যক লোকেহে জানিব। এই পুষ্টিকৰ উপাদানসমূহে আমাৰ শৰীৰক ফিট কৰি ৰখাৰ লগতে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে। অৰ্থাৎ ৫ টকাতে কিনিব পৰা ধনীয়াৰ পৰা আপুনি পাব বহুমূলীয়া উপকাৰ। আজি আমি আপোনালোকক ক'ম ধনীয়াৰ এনে ৫ টা উপকাৰৰ বিষয়ে।

১) লিভাৰৰ ৰোগত উপকাৰীঃ লিভাৰৰ লগত জড়িত সমস্যাৰ বাবে ধনীয়া অতি উপকাৰী বুলি বিবেচিত হৈছে। ধনীয়াৰ পাতত পৰ্যাপ্ত পৰিমাণৰ এলকেল’ইড আৰু ফ্লেভন’ইড থাকে। এই উপাদানসমূহে পিত্ত বিকাৰ আৰু জণ্ডিচৰ দৰে লিভাৰৰ ৰোগ নিৰাময়ত সহায় কৰে।

২) পাচন আৰু আন্ত্ৰিক স্বাস্থ্য বজাই ৰাখেঃ ধনীয়া সেৱন কৰিলে মানুহে পাচনতন্ত্ৰত হোৱা অসুবিধা আৰু অন্ত্ৰৰ ৰোগৰ পৰা সকাহ পায়। ইয়াৰ ফলত পেটটো ফিট হৈ থাকে আৰু লগতে ভাল লাগে।

৩) শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ ধনীয়াৰ ভিতৰত এণ্টিঅক্সিডেণ্ট থাকে। ইহঁতে ফ্ৰী ৰেডিকেলৰ ফলত হোৱা কোষীয় ক্ষতি ৰোধ কৰে। নিয়মিত ধনীয়া সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

৪) হৃদৰোগৰ পৰা প্ৰতিৰোধঃ ধনীয়া খোৱাৰ ফলত অপ্ৰয়োজনীয় অতিৰিক্ত ছডিয়াম প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ বাহিৰ হয়। যাৰ বাবে শৰীৰটো ভিতৰৰ পৰা ফিট হৈ থাকে। ইয়াৰ ব্যৱহাৰে বেয়া কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে।

৫) তেজত ছুগাৰৰ মাত্ৰা কম কৰেঃ খাদ্যত ধনীয়াৰ ব্যৱহাৰে এনে এনজাইম সক্ৰিয় কৰে, যিয়ে শৰীৰৰ তেজৰ ছুগাৰ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ বাবে শৰীৰত ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে আৰু ব্যক্তিজনে নিজকে ফিট অনুভৱ কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক