--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্যৰ সোৱাদ ধুনীয়া কৰে ধনীয়াৰ সোৱাদে। ধনীয়াই কেৱল ৰেচিপিৰ সোৱাদ বৃদ্ধি কৰাই নহয় ইয়াৰ আছে বহু উপকাৰিতা। ধনীয়া দাইল, ভাজিত দিয়াৰ উপৰিও চালাডত ধনীয়া পাত মিহলাই খোৱা হয়। ধনীয়া খোৱাৰ উপকাৰিতাসমূহ কি কি জানো আহক।

সেউজীয়া ধনীয়া খোৱাৰ ৫ টা উপকাৰ

ধনীয়াত ভিটামিন এ, বি, চি, কে, কেলচিয়াম, ফছফৰাছ, পটাছিয়াম, ছডিয়াম আৰু মেগনেছিয়াম আদি পুষ্টিকৰ পদাৰ্থ পোৱা যায় বুলি অতি কম সংখ্যক লোকেহে জানিব। এই পুষ্টিকৰ উপাদানসমূহে আমাৰ শৰীৰক ফিট কৰি ৰখাৰ লগতে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে। অৰ্থাৎ ৫ টকাতে কিনিব পৰা ধনীয়াৰ পৰা আপুনি পাব বহুমূলীয়া উপকাৰ। আজি আমি আপোনালোকক ক'ম ধনীয়াৰ এনে ৫ টা উপকাৰৰ বিষয়ে।

১) লিভাৰৰ ৰোগত উপকাৰীঃ লিভাৰৰ লগত জড়িত সমস্যাৰ বাবে ধনীয়া অতি উপকাৰী বুলি বিবেচিত হৈছে। ধনীয়াৰ পাতত পৰ্যাপ্ত পৰিমাণৰ এলকেল’ইড আৰু ফ্লেভন’ইড থাকে। এই উপাদানসমূহে পিত্ত বিকাৰ আৰু জণ্ডিচৰ দৰে লিভাৰৰ ৰোগ নিৰাময়ত সহায় কৰে।

২) পাচন আৰু আন্ত্ৰিক স্বাস্থ্য বজাই ৰাখেঃ ধনীয়া সেৱন কৰিলে মানুহে পাচনতন্ত্ৰত হোৱা অসুবিধা আৰু অন্ত্ৰৰ ৰোগৰ পৰা সকাহ পায়। ইয়াৰ ফলত পেটটো ফিট হৈ থাকে আৰু লগতে ভাল লাগে।

৩) শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ ধনীয়াৰ ভিতৰত এণ্টিঅক্সিডেণ্ট থাকে। ইহঁতে ফ্ৰী ৰেডিকেলৰ ফলত হোৱা কোষীয় ক্ষতি ৰোধ কৰে। নিয়মিত ধনীয়া সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

৪) হৃদৰোগৰ পৰা প্ৰতিৰোধঃ ধনীয়া খোৱাৰ ফলত অপ্ৰয়োজনীয় অতিৰিক্ত ছডিয়াম প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ বাহিৰ হয়। যাৰ বাবে শৰীৰটো ভিতৰৰ পৰা ফিট হৈ থাকে। ইয়াৰ ব্যৱহাৰে বেয়া কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে।

৫) তেজত ছুগাৰৰ মাত্ৰা কম কৰেঃ খাদ্যত ধনীয়াৰ ব্যৱহাৰে এনে এনজাইম সক্ৰিয় কৰে, যিয়ে শৰীৰৰ তেজৰ ছুগাৰ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ বাবে শৰীৰত ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে আৰু ব্যক্তিজনে নিজকে ফিট অনুভৱ কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ