--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেমব্ৰিজ বিশ্ববিদ্যালয়ত ভাষণ দিবলৈ আমন্ত্ৰণ লাভ কৰিলে ৰাহুল গান্ধীয়ে। বিশ্ববিদ্যালয়খনৰ বিজনেছ স্কুললৈ আমন্ত্ৰণ কৰা হৈছে তেওঁক। ৰাহুল গান্ধীয়ে টুইট কৰি এই বিষয়ে অৱগত কৰিছে।

কেমব্ৰিজ কৰ্তৃপক্ষই ৰাহুল গান্ধীক নিমন্ত্ৰণ জনোৱাৰ বিষয়ে কৰা টুইটটো ৰিটুইট কৰি ৰাহুলে লিখিছে- “কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ  বিজনেছ স্কুলত ভাষণ দিবলৈ অগ্ৰহসৰ হৈছো। এই সময়ছোৱাত মই ভূ-ৰাজনীতি, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, ডাঙৰ তথ্য আৰু গণতন্ত্ৰকে ধৰি বহুতো ক্ষেত্ৰৰ প্ৰতিভাশালী শিক্ষাৰ্থী আৰু লোকসকলৰ সৈতে কথা পাতিম। মই সকলোৰে সৈতে বাৰ্তালাপ কৰিবলৈ বহুত উৎসাহিত।‘’

উল্লেখ্য যে ৰাহুল গান্ধী কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল। সেয়ে নিজৰ বিশ্ববিদ্যালয়ৰ পৰা আমন্ত্ৰণ লাভ কৰি তেওঁ আনন্দিত হৈ পৰিছে।

কেমব্ৰিজ বিজনেছ স্কুলেও ৰাহুলৰ ভ্ৰমণত আনন্দ প্ৰকাশ কৰিছে। স্কুলখনে কৈছে যে তেওঁলোকে ৰাহুল গান্ধীক পুনৰ আদৰণি জনাবলৈ পাই সুখী।

স্কুলখনে টুইট কৰি কয় যে ৰাহুল গান্ধীয়ে কেমব্ৰিজ বিজনেছ স্কুলত বক্তৃতা দিব। তেওঁ বৃহৎ তথ্য, গণতন্ত্ৰ আৰু ভাৰত-চীন সম্পৰ্কৰ বিষয়েও কথা পাতিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক