--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মূৰত ৰাম টাঙোন মাৰিলে মোদীৰ চৰকাে। যিগৰাকী কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দেশৰ অৰ্থনৈতিক অৱ্থা অতি ভাল বুলি সংসদৰ মজিয়াত সদম্ভে ঘোষণা কৰিছে সেইগৰাকী বিত্ত মন্ত্ৰীয়েই এইবাৰ কৰ্মচাৰীসকলক ১৮ মাহৰ মৰগীয়া বানচ  বকেয়া আদায় দিব পৰা নাযাব বুলি কৈছে। বিত্ত মন্ত্ৰীগৰাকীয়ে  ৰাজ্যসভাত  ১৮ মাহৰ মৰগীয়া বানচৰ  বকেয়া কৰ্মচাৰীক আদায় নিদিয়ে বুলি ঘোষণা কৰিছে। 

 উল্লেখ্য কোভিড-১৯-ৰ সময়ত, ডি.এ. বকেয়াৰ তিনিটা কিস্তি বন্ধ কৰা হৈছিল। সেই কিস্তি তিনিটা আছিল ক্ৰমে জানুৱাৰী ১, ২০২২, ১ জুলাই, ২০২০ আৰু ১ জানুৱাৰী, ২০২১ কিস্তি। বিত্ত মন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক স্পষ্ট কৰি দিছে যে ১৮ মাহৰ বকেয়া উপলব্ধ নহ'ব। 
 
কোভিডৰ পিছত জুলাই ২০২১ ত, চৰকাৰে মৰগীয়া বানচ পুনৰ দিবলৈ আৰম্ভ কৰিছিল । অৱশ্যে আগৰ ১৮ মাহৰ বাবে পৰিশোধ নকৰা তিনিটা কিস্তিৰ  ধনৰ বিষয়ে চৰকাৰে  কোনো কথা উল্লেখ কৰা  নাছিল। ১ জুলাই ২০২১ত   আৰম্ভ কৰি চৰকাৰে মৰগীয়া বানচ  ১১ শতাংশ  বৃদ্ধি কৰিছিল। তাৰ পিছতসেয়া  ২৮  শতাংশলৈ বৃদ্ধি কৰা হয়। বৰ্তমান মৰগীয়া বানচৰ হাৰ ৩৮ শতাংশ। । 
 
চৰকাৰৰ শেহতীয়া ঘোষণাৰ ফলত কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলো আৰ্থিকভাবে ক্ষতিগ্ৰস্ত হ’ব।  
যোৱা বছৰ পেঞ্চনাৰসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ডিএ বকেয়াৰ দাবী উত্থাপন কৰি এখন পত্ৰযোগে আবেদন জনাইছিল । 
 
ইপিনে কৰ্মচাৰী সংঘই কয় যে মৰগীয়া বানচ  হৈছে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ অধিকাৰ আৰু ইয়াক বন্ধ কৰিব নোৱাৰি। চৰকাৰে ১৮ মাহৰ মৰগীয়া বানচ পৰিশোধ নকৰাৰ ফলত  ৩৪,০০০ কোটি টকা ৰাহি কৰিব পাৰিব।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement