--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মূৰত ৰাম টাঙোন মাৰিলে মোদীৰ চৰকাে। যিগৰাকী কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দেশৰ অৰ্থনৈতিক অৱ্থা অতি ভাল বুলি সংসদৰ মজিয়াত সদম্ভে ঘোষণা কৰিছে সেইগৰাকী বিত্ত মন্ত্ৰীয়েই এইবাৰ কৰ্মচাৰীসকলক ১৮ মাহৰ মৰগীয়া বানচ  বকেয়া আদায় দিব পৰা নাযাব বুলি কৈছে। বিত্ত মন্ত্ৰীগৰাকীয়ে  ৰাজ্যসভাত  ১৮ মাহৰ মৰগীয়া বানচৰ  বকেয়া কৰ্মচাৰীক আদায় নিদিয়ে বুলি ঘোষণা কৰিছে। 

 উল্লেখ্য কোভিড-১৯-ৰ সময়ত, ডি.এ. বকেয়াৰ তিনিটা কিস্তি বন্ধ কৰা হৈছিল। সেই কিস্তি তিনিটা আছিল ক্ৰমে জানুৱাৰী ১, ২০২২, ১ জুলাই, ২০২০ আৰু ১ জানুৱাৰী, ২০২১ কিস্তি। বিত্ত মন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক স্পষ্ট কৰি দিছে যে ১৮ মাহৰ বকেয়া উপলব্ধ নহ'ব। 
 
কোভিডৰ পিছত জুলাই ২০২১ ত, চৰকাৰে মৰগীয়া বানচ পুনৰ দিবলৈ আৰম্ভ কৰিছিল । অৱশ্যে আগৰ ১৮ মাহৰ বাবে পৰিশোধ নকৰা তিনিটা কিস্তিৰ  ধনৰ বিষয়ে চৰকাৰে  কোনো কথা উল্লেখ কৰা  নাছিল। ১ জুলাই ২০২১ত   আৰম্ভ কৰি চৰকাৰে মৰগীয়া বানচ  ১১ শতাংশ  বৃদ্ধি কৰিছিল। তাৰ পিছতসেয়া  ২৮  শতাংশলৈ বৃদ্ধি কৰা হয়। বৰ্তমান মৰগীয়া বানচৰ হাৰ ৩৮ শতাংশ। । 
 
চৰকাৰৰ শেহতীয়া ঘোষণাৰ ফলত কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলো আৰ্থিকভাবে ক্ষতিগ্ৰস্ত হ’ব।  
যোৱা বছৰ পেঞ্চনাৰসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ডিএ বকেয়াৰ দাবী উত্থাপন কৰি এখন পত্ৰযোগে আবেদন জনাইছিল । 
 
ইপিনে কৰ্মচাৰী সংঘই কয় যে মৰগীয়া বানচ  হৈছে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ অধিকাৰ আৰু ইয়াক বন্ধ কৰিব নোৱাৰি। চৰকাৰে ১৮ মাহৰ মৰগীয়া বানচ পৰিশোধ নকৰাৰ ফলত  ৩৪,০০০ কোটি টকা ৰাহি কৰিব পাৰিব।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু