--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰগতি কি হৈছে সেয়া পিছৰ কথা। প্ৰগতি হওঁক বা নহওঁক, চৰকাৰী আঁচনিৰ কথা ঢাক-ঢোল বজাই প্ৰচাৰ কৰাটো প্ৰয়োজনীয় কথা। এই বিষয়ত মুঠেও পিছ পৰি থকা নাই মোদীৰ চৰকাৰ। মোদীৰ চৰকাৰৰ দিনত গ্ৰহণ কৰা বেটী বচাওঁ , বেটী পঢ়াও আঁচনিৰ বাবে বিজ্ঞাপনত যিমান ধন খৰচ কৰা হৈছে তাৰ তুলনাত কন্যা সন্তানৰ বাস্তৱিক বিকাশৰ বাবে অতি কম পৰিমাণৰ ধনহে খৰচ কৰা হৈছে।

সেয়ে কেৱল বিজ্ঞাপনৰ মাজেৰেই চলি থকা আঁচনি খনক লৈ আনকি আদালতেও ক্ষোভ প্ৰকাশ কৰিছিল। যিকি নহওঁক, শেহতীয়াকৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে লোকসভাত সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত প্ৰকাশ কৰে যে  ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) শাসনলৈ অহাৰ পিছত কেন্দ্ৰই প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যমত বিজ্ঞাপন প্ৰদানৰ নামত  ৬,৪৯১.৫৬ কোটি  টকা  ব্যয় কৰিছে।

এইক্ষেত্ৰত চৰকাৰে ইলেক্ট্ৰনিক মাধ্যমত বিজ্ঞাপনৰ বাবে ৩,২৬০.৭৯  কোটি টকা  ব্যয় কৰিছিল আৰু  আঠ বছৰৰ সময়ছোৱাত প্ৰিণ্ট মিডিয়াত ৩,২৩০.৭৭  কোটি টকা ব্যয় কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ  কৰা তথ্যই  প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মাধ্যমত যোৱা তিনি বছৰত বিজ্ঞাপনৰ ব্যয় হ্ৰাস হোৱা দেখুৱাইছে।মন্ত্ৰীগৰাকীয়ে  চিপিআইৰ সাংসদ মুনিয়ান চেলভাৰাজৰ এক প্ৰশ্নৰ উত্তৰ দি এই তথ্য প্ৰকাশ কৰে ।  

ইলেক্ট্ৰনিক মাধ্যমত চৰকাৰে ২০১৬-১৭  বিত্তীয় বৰ্ষত সৰ্বাধিক ব্যয় কৰিছিল । সেই সময়ত এই ধনৰ পৰিমাণ  আছিল ৬০৯.১৫  কোটি টকা। ইয়াৰ পিছত ২০১৫-১৬ বৰ্ষত ৫৩১.৬০ কোটি টকা  আৰু ২০১৮-১৯ বৰ্ষত ৫১৪.২৮ কোটি টকা ব্যয় কৰা হৈছিল বুলি ঠাকুৰে কয়। চলিত বৰ্ষৰ ৭ ডিচেম্বৰলৈকে চৰকাৰে ইলেক্ট্ৰনিক মাধ্যমত ৭৬.৮৪ কোটি টকাৰ  বিজ্ঞাপন প্ৰকাশ কৰিছে। 

প্ৰিণ্ট মিডিয়াত বিজ্ঞাপনৰ ব্যয় সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৭-১৮ বৰ্ষত চৰকাৰে ৬৩৬.০৯ কোটি টকা  ব্যয়  কৰা হৈছিল। ইয়াৰ পিছত ৫০৮.২২ কোটি টকা  ২০১৫-১৬ বৰ্ষত  আৰু ২০১৬-১৭ বৰ্ষত ৪৬৮.৫৩ কোটি টকা বিজ্ঞাপনত খৰচ কৰা হৈছিল। চলিত বৰ্ষৰ ৭ ডিচেম্বৰলৈকে চৰকাৰে প্ৰিণ্ট মিডিয়াত বিজ্ঞাপনত ৯১.৯৬ কোটি টকা ব্যয় কৰিছে। সকলো ব্যয় চৰকাৰে কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ জৰিয়তে বহন কৰিছে বুলিও  ঠাকুৰে কয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু