--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰগতি কি হৈছে সেয়া পিছৰ কথা। প্ৰগতি হওঁক বা নহওঁক, চৰকাৰী আঁচনিৰ কথা ঢাক-ঢোল বজাই প্ৰচাৰ কৰাটো প্ৰয়োজনীয় কথা। এই বিষয়ত মুঠেও পিছ পৰি থকা নাই মোদীৰ চৰকাৰ। মোদীৰ চৰকাৰৰ দিনত গ্ৰহণ কৰা বেটী বচাওঁ , বেটী পঢ়াও আঁচনিৰ বাবে বিজ্ঞাপনত যিমান ধন খৰচ কৰা হৈছে তাৰ তুলনাত কন্যা সন্তানৰ বাস্তৱিক বিকাশৰ বাবে অতি কম পৰিমাণৰ ধনহে খৰচ কৰা হৈছে।

সেয়ে কেৱল বিজ্ঞাপনৰ মাজেৰেই চলি থকা আঁচনি খনক লৈ আনকি আদালতেও ক্ষোভ প্ৰকাশ কৰিছিল। যিকি নহওঁক, শেহতীয়াকৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে লোকসভাত সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত প্ৰকাশ কৰে যে  ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) শাসনলৈ অহাৰ পিছত কেন্দ্ৰই প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যমত বিজ্ঞাপন প্ৰদানৰ নামত  ৬,৪৯১.৫৬ কোটি  টকা  ব্যয় কৰিছে।

এইক্ষেত্ৰত চৰকাৰে ইলেক্ট্ৰনিক মাধ্যমত বিজ্ঞাপনৰ বাবে ৩,২৬০.৭৯  কোটি টকা  ব্যয় কৰিছিল আৰু  আঠ বছৰৰ সময়ছোৱাত প্ৰিণ্ট মিডিয়াত ৩,২৩০.৭৭  কোটি টকা ব্যয় কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ  কৰা তথ্যই  প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মাধ্যমত যোৱা তিনি বছৰত বিজ্ঞাপনৰ ব্যয় হ্ৰাস হোৱা দেখুৱাইছে।মন্ত্ৰীগৰাকীয়ে  চিপিআইৰ সাংসদ মুনিয়ান চেলভাৰাজৰ এক প্ৰশ্নৰ উত্তৰ দি এই তথ্য প্ৰকাশ কৰে ।  

ইলেক্ট্ৰনিক মাধ্যমত চৰকাৰে ২০১৬-১৭  বিত্তীয় বৰ্ষত সৰ্বাধিক ব্যয় কৰিছিল । সেই সময়ত এই ধনৰ পৰিমাণ  আছিল ৬০৯.১৫  কোটি টকা। ইয়াৰ পিছত ২০১৫-১৬ বৰ্ষত ৫৩১.৬০ কোটি টকা  আৰু ২০১৮-১৯ বৰ্ষত ৫১৪.২৮ কোটি টকা ব্যয় কৰা হৈছিল বুলি ঠাকুৰে কয়। চলিত বৰ্ষৰ ৭ ডিচেম্বৰলৈকে চৰকাৰে ইলেক্ট্ৰনিক মাধ্যমত ৭৬.৮৪ কোটি টকাৰ  বিজ্ঞাপন প্ৰকাশ কৰিছে। 

প্ৰিণ্ট মিডিয়াত বিজ্ঞাপনৰ ব্যয় সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৭-১৮ বৰ্ষত চৰকাৰে ৬৩৬.০৯ কোটি টকা  ব্যয়  কৰা হৈছিল। ইয়াৰ পিছত ৫০৮.২২ কোটি টকা  ২০১৫-১৬ বৰ্ষত  আৰু ২০১৬-১৭ বৰ্ষত ৪৬৮.৫৩ কোটি টকা বিজ্ঞাপনত খৰচ কৰা হৈছিল। চলিত বৰ্ষৰ ৭ ডিচেম্বৰলৈকে চৰকাৰে প্ৰিণ্ট মিডিয়াত বিজ্ঞাপনত ৯১.৯৬ কোটি টকা ব্যয় কৰিছে। সকলো ব্যয় চৰকাৰে কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ জৰিয়তে বহন কৰিছে বুলিও  ঠাকুৰে কয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement