--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় লোকসেৱা আয়োগৰ জম্মু আৰু কাশ্মীৰ কেডাৰক যোৱা বছৰৰ জানুৱাৰীত ‘এজিএমইউটি’ কেডাৰৰ সৈতে একত্ৰিত কৰা হৈছিল, যাৰ ফলস্বৰূপে পূৰ্বৰ ৰাজ্যখনক ২০১৯ চনৰ ৫ আগষ্টত দুটা কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰ, লাডাখত বিভক্ত কৰা হৈছিল৷ প্ৰশাসনীয় সেৱা আগবঢ়োৱা ‘এজিএমইউটি’ কেডাৰ আৰু জম্মু-কাশ্মীৰ আৰু লাডাখ কেডাৰক এতিয়াৰ পৰা লোকসেৱাৰ ‘কঠিন ক্ষেত্ৰ’ হিচাপে গণ্য কৰা হ'ব। এক চৰকাৰী তথ্য অনুসৰি, এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ বাবে অৰুণাচল প্ৰদেশ, গোৱা, মিজোৰামৰ আইপিএছ বিষয়াসকলক কেন্দ্ৰীয় শাসিত অঞ্চল (এজিএমইউটি) কেডাৰ-২০১৬ৰ অধীনত স্থানান্তৰ আৰু নিযুক্তিৰ নিৰ্দেশনা সংশোধন কৰা হৈছে। গৃহ মন্ত্ৰণালয়ে সদৰি কৰা তথ্য অনুসৰি, ‘জে এণ্ড কেডাৰক এজিএমইউটি কেডাৰত একত্ৰিত কৰাৰ ফলস্বৰূপে, বিষয়টো পৰীক্ষা কৰা হৈছে আৰু সক্ষম কৰ্তৃপক্ষৰ অনুমোদনৰ সৈতে, সিদ্ধান্ত লোৱা হৈছে যে জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু লাডাখকেন্দ্ৰীয় শাসিত অঞ্চলক যুটীয়া এজিএমইউটি কেডাৰত শ্ৰেণী বি (কঠিন এলেকা) হিচাপে শ্ৰেণীবদ্ধ কৰা হ’ব পাৰে।’ সেই অনুসৰি, যুটীয়া এজিএমইউটি কেডাৰ -২০১৬ৰ আই.এ.এছ., আই.পি.এছ. বিষয়াসকলক স্থানান্তৰ, নিযুক্তিৰ নিৰ্দেশনা আংশিকভাৱে সংশোধন কৰা হৈছে আৰু এ.জি.এম.ইউ.টি. কেডাৰৰ খণ্ডবোৰক দুটা শ্ৰেণীত শ্ৰেণীবদ্ধ কৰা হৈছে৷ সেয়া হৈছে- নিয়মীয়া আৰু কঠিন ক্ষেত্ৰ। দিল্লী, চণ্ডিগড়, গোৱা, পুডুচেৰী, দাদৰ নগৰ হাভেলি আৰু দমন আৰু দিউত হোৱা নিযুক্তিক ‘নিয়মীয়া এলেকা’ বা শ্ৰেণী এ হিচাপে গণ্য কৰা হ'ব, আনহাতে অৰুণাচল প্ৰদেশ, মিজোৰাম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ লাক্ষাদ্বীপ, জম্মু আৰু কাশ্মীৰ আৰু লাডাখত পোষ্টিংক ‘কঠিন অঞ্চল’ বা শ্ৰেণী বি হিচাপে গণ্য কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু