--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাড়ীৰ দুৱাৰ খুলোতে সাৱধান। এই সাৱধানতা অৱলম্বন নকৰা কাৰণেই কৰুণ মৃত্যুক সাবটিলে এজন লোকে। কৰ্ণাটকৰ ৰাজধানী বেংগালুৰু কে আৰ পুৰমত সোমবাৰে কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী শোভা কৰণ্ডলাজেৰ গাড়ীখনৰ দুৱাৰ হঠাতে খুলি দিয়াত ৰাস্তাৰে আহি থকা এজন স্কুটি আৰোহী গাড়ীৰ দুৱাৰৰ খুন্দা খাই বাগৰি পৰে। ফলত পাছে পাছে আহি থকা এখন ট্ৰাকে চেপি থৈ যায় বাগৰি পৰা স্কুটি আৰোহীজনক। 

আৰক্ষীয়ে সদৰী কৰা অনুসৰি কে আৰ পুৰম অঞ্চলৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা। নিহত লোকজনৰ নাম প্ৰকাশ বুলি জানিব পৰা গৈছে। প্ৰকাশৰ বয়স ৬২ বছৰ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকী গাড়ীৰ ভিতৰত আছিল আৰু তেওঁ নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল। সূত্ৰৰ পৰা জানিব পৰা মতে, মন্ত্ৰীগৰাকীৰ গাড়ীৰ দুৱাৰ খোলাৰ লগে লগে প্ৰকাশে খুন্দা মাৰি বাগৰি পৰে আৰু পিছফালৰ পৰা অহা এখন ট্ৰাক তেওঁৰ গাৰ ওপৰেৰে চলি যায়। প্ৰকাশৰ দেহ থেতেলিয়াই থৈ যায় ট্ৰাকখনে। অৱশ্যে শোভা কৰণ্ডলাজে নে আন কোনোবাই দুৱাৰখন খুলিছিল সেয়া স্পষ্ট হোৱা নাই। এই বিষয়ত মন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।

বেংগালুৰু যান-বাহন আৰক্ষীৰ তথ্য অনুসৰি আৰক্ষীয়ে গাড়ী চালকজনক জিম্মাত লৈছে। আৰক্ষীৰ মতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই আছিল। এই দুৰ্ঘটনাৰ ফলত বাইক আৰোহীগৰাকীৰ থিতাতে মৃত্যু হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু