--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাড়ীৰ দুৱাৰ খুলোতে সাৱধান। এই সাৱধানতা অৱলম্বন নকৰা কাৰণেই কৰুণ মৃত্যুক সাবটিলে এজন লোকে। কৰ্ণাটকৰ ৰাজধানী বেংগালুৰু কে আৰ পুৰমত সোমবাৰে কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী শোভা কৰণ্ডলাজেৰ গাড়ীখনৰ দুৱাৰ হঠাতে খুলি দিয়াত ৰাস্তাৰে আহি থকা এজন স্কুটি আৰোহী গাড়ীৰ দুৱাৰৰ খুন্দা খাই বাগৰি পৰে। ফলত পাছে পাছে আহি থকা এখন ট্ৰাকে চেপি থৈ যায় বাগৰি পৰা স্কুটি আৰোহীজনক। 

আৰক্ষীয়ে সদৰী কৰা অনুসৰি কে আৰ পুৰম অঞ্চলৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা। নিহত লোকজনৰ নাম প্ৰকাশ বুলি জানিব পৰা গৈছে। প্ৰকাশৰ বয়স ৬২ বছৰ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকী গাড়ীৰ ভিতৰত আছিল আৰু তেওঁ নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল। সূত্ৰৰ পৰা জানিব পৰা মতে, মন্ত্ৰীগৰাকীৰ গাড়ীৰ দুৱাৰ খোলাৰ লগে লগে প্ৰকাশে খুন্দা মাৰি বাগৰি পৰে আৰু পিছফালৰ পৰা অহা এখন ট্ৰাক তেওঁৰ গাৰ ওপৰেৰে চলি যায়। প্ৰকাশৰ দেহ থেতেলিয়াই থৈ যায় ট্ৰাকখনে। অৱশ্যে শোভা কৰণ্ডলাজে নে আন কোনোবাই দুৱাৰখন খুলিছিল সেয়া স্পষ্ট হোৱা নাই। এই বিষয়ত মন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।

বেংগালুৰু যান-বাহন আৰক্ষীৰ তথ্য অনুসৰি আৰক্ষীয়ে গাড়ী চালকজনক জিম্মাত লৈছে। আৰক্ষীৰ মতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই আছিল। এই দুৰ্ঘটনাৰ ফলত বাইক আৰোহীগৰাকীৰ থিতাতে মৃত্যু হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ