--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া আইপিএলৰ জ্বৰ। যিয়ে পাৰিছে তেওঁ ষ্টেডিয়ামলৈ গৈ প্ৰিয় দল তথা প্ৰিয় তাৰকাৰ খেল উপভোগ কৰিছে, জনাইছে সমৰ্থন আৰু ষ্টেডিয়ামলৈ যাব নোৱাৰাসকলে টিভিৰ সন্মুখতে বহি আইপিএলৰ আনন্দ উপভোগ কৰিছে।

এগৰাকী মহিলাই ষ্টেডিয়ামত বহি আইপিএলৰ খেল চোৱাৰ লোভ সামৰিব নোৱাৰিলে। পাছে লাগিল লেঠা। কাৰণ অফিচৰ পৰা ছুটী নাই। অৱশেষত তেওঁ ফাঁকিৰ আশ্ৰয় ল’ব লগা হ’ল। এতিয়া চৰ্চাৰ মাধ্যম হৈ পৰিছে কৰ্ণাটকৰ মহিলাগৰাকী। 

শেহতীয়াকৈ ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ অনুৰাগী মহিলাগৰাকীয়ে অফিচৰ বচক মিছা কথা কৈ খেল চাবলৈ গৈছিল ষ্টেডিয়ামলৈ। অফিচৰ বচক তেওঁ ইমাৰ্জেঞ্চী কাৰণ দেখুৱাই আগতীয়াকৈ ওলাই গৈছিল অফিচৰ পৰা। পাছে তেওঁৰ ভাগ্যই যেন ভালকৈ লগ নিদিলে। 

ষ্টেডিয়ামত বন্ধুৰ সৈতে বহি খেল উপভোগ কৰি থকা মহিলাগৰাকীক টেলিভিচনৰ স্ক্ৰীণত লাইভ সম্প্ৰচাৰত দেখা পালে অফিচৰ বচে। বচে কেই চেকেণ্ডমানৰ বাবে টিভিৰ পৰ্দাত দেখিয়েই চিনি পায় অফিচৰ মহিলা কৰ্মচাৰীগৰাকীক। বচে লগে লগে তেওঁক ফোন কৰি ষ্টেডিয়ামত থকাৰ বিষয়ে নিশ্চিত কৰে। অৱশ্যে কৰ্মচাৰী মহিলাগৰাকীক খং নকৰিলে বচে। তেওঁ কৰ্মচাৰীগৰাকীৰ সৈতে ধেমালি কৰি কথা পাতিয়েই ফোনটো ৰাখে। অফিচৰ পৰা আগতীয়াকৈ ওলোৱাৰ ইমাৰ্জেঞ্চী কাৰণটো যে খেল চোৱাহে আছিল সেই কথা কৈ ধেমালি কৰে বচগৰাকীয়ে। সেইফালৰ পৰা চাবলৈ গ’লে মহিলাগৰাকীৰ ভাগ্য সুপ্ৰসন্ন আছিল বুলিও ক’ব লাগিব।

ইনষ্টাগ্ৰামত এক ভিডিঅ’ শ্বেয়াৰ কৰি মহিলাগৰাকীয়ে প্ৰকাশ কৰিছে এই ঘটনাৰ কথা।  নানা ধৰণৰ হাস্যমধুৰ মন্তব্যৰে ভৰি পৰিছে কমেণ্ট বক্স। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ