--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে (৯ আগষ্ট) সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত পুনৰবাৰ লোকসভাত তীব্ৰ হুলস্থুলৰ সৃষ্টি হয়। কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক অশ্লীল ইংগিত দিয়াৰ অভিযোগ উত্থাপন কৰি অধ্যক্ষলৈ চিঠি লিখি বিজেপিৰ সাংসদসকলে অভিযোগ উত্থাপন কৰে। য’ত কোৱা হৈছিল যে ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ প্ৰতি অশ্লীল ইংগিত দিছিল। লোকসভা সচিবালয়ৰ সূত্ৰ অনুসৰি সদনৰ ভিতৰত অশ্লীল আচৰণৰ বিষয়ে বিবেচনাধীন হৈ আছে আৰু সকলোৰে সৈতে কথা পাতি নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই বিষয়ত সদনত স্মৃতি ইৰাণীয়ে কয় যে যিজনক মোৰ আগত বক্তব্য দিয়াৰ অধিকাৰ দিয়া হৈছিল তেওঁ যোৱাৰ সময়ত এটা অশ্লীল ইংগিত দেখুৱাইছিল। এনে অসন্মানজনক আচৰণ এই দেশৰ সদনত কেতিয়াও দেখা পোৱা নাই।

বিজেপিৰ ২০ গৰাকী মহিলা সাংসদৰ স্বাক্ষৰিত লোকসভাৰ অধ্যক্ষক দিয়া অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে যে আজি সদনত কেৰেলাৰ ৱায়নাডৰ সাংসদ ৰাহুল গান্ধীৰ সৈতে জড়িত এটা ঘটনাৰ প্ৰতি আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। উক্ত সদস্যগৰাকীয়ে সদনত ভাষণ দিওঁতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ প্ৰতি অশ্লীল আচৰণ আৰু অশ্লীল ইংগিত প্ৰদৰ্শন কৰে।

সদনত এগৰাকী মহিলা সদস্যক অপমান কৰাই নহয়, এই সদনৰ মৰ্যাদাও নিম্নগামী কৰা সদস্যগৰাকীৰ এনে অশ্লীল আচৰণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিজেপিৰ মহিলা সাংসদসকলে দাবী জনায়। অভিযোগ পত্ৰত স্বাক্ষৰ কৰা মহিলা সাংসদসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী শোভা কৰণ্ডলাজে, দৰ্শনা জৰ্দোশ, অন্নপূৰ্ণা দেৱী আৰু দলৰ সাংসদ ৰেখা বাৰ্মা, দেৱশ্ৰী চৌধুৰী, সংঘমিত্ৰা মৌৰ্য, অপৰাজিতা সাৰংগী, প্ৰতিভা ভৌমিক আদি।

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সাংসদ শোভা কৰণ্ডলাজে দাবী কৰে যে সংসদৰ ভিতৰত এগৰাকী মহিলাক প্ৰথমবাৰৰ বাবে সংসদৰ সদস্যই ফ্লায়িং কিছ দিছে। সকলো মহিলা সদস্যক ফ্লায়িং কিছ দি ৰাহুল গান্ধীয়ে সদনৰ পৰা ওলাই আহিল। আজি আমি অধ্যক্ষৰ ওচৰত অভিযোগ দিছো।

শোভা কৰণ্ডলাজে কয় যে আমি চিচিটিভিৰ ফুটেজ দেখাৰ পিছত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো। এয়া এজন সদস্যৰ অনুচিত আৰু অশ্লীল আচৰণ। একে সময়তে বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদে দাবী কৰিছিল যে তেওঁ ফ্লায়িং কিছ দিয়ে। ৰাহুল গান্ধীৰ কি হৈছে? সদনত ইমানবোৰ মহিলা বহি আছে। তেওঁৰ কোনো আচাৰ-ব্যৱহাৰ নাই।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক