--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে (৯ আগষ্ট) কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে অধ্যক্ষক এজাহাৰ দি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিজেপিৰ মহিলা সাংসদসকলে। সদনত বিজেপি সাংসদগৰাকীৰ প্ৰতি ৰাহুল গান্ধীয়ে উৰণীয়া চুমা দিয়াৰ অভিযোগ শাসকীয় দলটোৱে কৰিছে। এই সন্দৰ্ভত বিৰোধী সাংসদে বিজেপিক প্ৰত্যুত্তৰ দিছে।

বিজেপিক লক্ষ্য কৰি শিৱসেনাৰ ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে কয় যে মই তাত দৰ্শনাৰ্থীৰ গেলেৰীত আছিলো আৰু যোৱাৰ সময়ত কেৱল মৰমৰৰ ইংগিত হিচাপেহে এই কাম কৰিছিল। বিজেপি ঘৃণাৰ অভ্যাস হৈ পৰিছে, সেইবাবেই এই মৰমক ভাল পোৱা নাই।

দৰাচলতে বুধবাৰে লোকসভাত অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনাৰ সময়ত ৰাহুল গান্ধীয়ে ভাষণ দি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ চলায়। ইয়াৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ভাষণ দিওঁতে কংগ্ৰেছক প্ৰত্যুত্তৰ দিয়ে। ইফালে ৰাহুল গান্ধীয়ে সদন ত্যাগ কৰে।

ইফালে স্মৃতি ইৰাণীয়ে কয় যে আজি যিজনক মোৰ আগত বক্তব্য দিয়াৰ অধিকাৰ দিয়া হৈছিল তেওঁ যাওঁতে এটা অশ্লীল চিন দেখুৱাইছিল। সেই সংসদৰ মহিলা সদস্যসকলক উৰণীয়া চুম্বন দিয়া নাৰীবিদ্বেষী ব্যক্তিহে হ’ব পাৰে।ইয়াৰ পাছতে বিজেপিৰ মহিলা সাংসদসকলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰি সদনত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ভাষণৰ সময়ত অশ্লীল ইংগিত দেখুওৱাৰ অভিযোগত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

বিজেপিয়ে কয় যে সদনৰ এগৰাকী মহিলা সদস্যক অপমান কৰাই নহয় এই সদনৰ মৰ্যাদাও নিম্নগামী কৰা ৰাহুল গান্ধীৰ এনে অশ্লীল আচৰণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা উচিত।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু