--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে (৯ আগষ্ট) কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে অধ্যক্ষক এজাহাৰ দি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিজেপিৰ মহিলা সাংসদসকলে। সদনত বিজেপি সাংসদগৰাকীৰ প্ৰতি ৰাহুল গান্ধীয়ে উৰণীয়া চুমা দিয়াৰ অভিযোগ শাসকীয় দলটোৱে কৰিছে। এই সন্দৰ্ভত বিৰোধী সাংসদে বিজেপিক প্ৰত্যুত্তৰ দিছে।

বিজেপিক লক্ষ্য কৰি শিৱসেনাৰ ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে কয় যে মই তাত দৰ্শনাৰ্থীৰ গেলেৰীত আছিলো আৰু যোৱাৰ সময়ত কেৱল মৰমৰৰ ইংগিত হিচাপেহে এই কাম কৰিছিল। বিজেপি ঘৃণাৰ অভ্যাস হৈ পৰিছে, সেইবাবেই এই মৰমক ভাল পোৱা নাই।

দৰাচলতে বুধবাৰে লোকসভাত অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনাৰ সময়ত ৰাহুল গান্ধীয়ে ভাষণ দি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ চলায়। ইয়াৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ভাষণ দিওঁতে কংগ্ৰেছক প্ৰত্যুত্তৰ দিয়ে। ইফালে ৰাহুল গান্ধীয়ে সদন ত্যাগ কৰে।

ইফালে স্মৃতি ইৰাণীয়ে কয় যে আজি যিজনক মোৰ আগত বক্তব্য দিয়াৰ অধিকাৰ দিয়া হৈছিল তেওঁ যাওঁতে এটা অশ্লীল চিন দেখুৱাইছিল। সেই সংসদৰ মহিলা সদস্যসকলক উৰণীয়া চুম্বন দিয়া নাৰীবিদ্বেষী ব্যক্তিহে হ’ব পাৰে।ইয়াৰ পাছতে বিজেপিৰ মহিলা সাংসদসকলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰি সদনত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ভাষণৰ সময়ত অশ্লীল ইংগিত দেখুওৱাৰ অভিযোগত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

বিজেপিয়ে কয় যে সদনৰ এগৰাকী মহিলা সদস্যক অপমান কৰাই নহয় এই সদনৰ মৰ্যাদাও নিম্নগামী কৰা ৰাহুল গান্ধীৰ এনে অশ্লীল আচৰণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা উচিত।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক