--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে (২১ আগষ্ট) পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰক লক্ষ্য কৰি ক্ষুৰধাৰ সমালোচনা কৰে৷ সংবাদ সংস্থা পিটিআইৰ মতে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ সন্মুখত মূৰ তল নকৰো বুলিও কয়।ধৰ্মৰ ভিত্তিত যিকোনো ধৰণৰ শত্ৰুতাৰ বিৰোধী বুলিও তেওঁ মন্তব্য কৰে।

মমতা বেনাৰ্জীয়ে কয় যে দেশৰ গোষ্ঠীসমূহৰ মাজত ঘৃণা সৃষ্টিৰ বাবে ধন ব্যয় কৰা হৈছে।বংগত তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিয়ে কংগ্ৰেছ আৰু চিপিআই(এম)ক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে মোদী মাত্ৰ ছমাহহে থাকিব। তেওঁক আঁতৰাবলৈ যি লাগে আমি কৰিম।"

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই বক্তব্যসমূহ তেতিয়াই চৰ্চালৈ আহিছে যেতিয়া তেওঁৰ ভতিজা তথা টিএমচি নেতা অভিষেক বেনাৰ্জীয়ে নিযুক্তিৰ অনিয়মৰ গোচৰত সোমবাৰে (২১ আগষ্ট) উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰাত ব্যৰ্থ হয়। এই গোচৰত কলিকতা উচ্চ ন্যায়ালয়ে অভিষেক বেনাৰ্জীক চিবিআই আৰু ইডিৰ জেৰাৰ পৰা অন্তৱৰ্তীকালীন সকাহ দিবলৈ অস্বীকাৰ কৰে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক পশ্চিম বংগ চৰকাৰে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ এই আবেদন বিবেচনা কৰিবলৈ অস্বীকাৰ কৰে।

স্মৰ্তব্য যে শিক্ষক নিযুক্তি কেলেংকাৰীৰ গোচৰত কলিকতা উচ্চ ন্যায়ালয়ে অভিষেক বেনাৰ্জীৰ সম্পৰ্কত তদন্তকাৰী সংস্থাসমূহক তদন্ত অব্যাহত ৰাখিবলৈ অনুমতি দিছিল। যোৱা মাহত অভিষেক বেনাৰ্জীয়েও উচ্চ ন্যায়ালয়ৰ ইডি তদন্ত অব্যাহত ৰখাৰ নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। আনকি সেই সময়তো উচ্চতম ন্যায়ালয়ে কোনো সকাহ দিয়া নাছিল। উচ্চ ন্যায়ালয়ে এই গোচৰৰ তদন্ত বন্ধ নকৰাকৈ সঠিক সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু