--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে (২১ আগষ্ট) পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰক লক্ষ্য কৰি ক্ষুৰধাৰ সমালোচনা কৰে৷ সংবাদ সংস্থা পিটিআইৰ মতে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ সন্মুখত মূৰ তল নকৰো বুলিও কয়।ধৰ্মৰ ভিত্তিত যিকোনো ধৰণৰ শত্ৰুতাৰ বিৰোধী বুলিও তেওঁ মন্তব্য কৰে।

মমতা বেনাৰ্জীয়ে কয় যে দেশৰ গোষ্ঠীসমূহৰ মাজত ঘৃণা সৃষ্টিৰ বাবে ধন ব্যয় কৰা হৈছে।বংগত তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিয়ে কংগ্ৰেছ আৰু চিপিআই(এম)ক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে মোদী মাত্ৰ ছমাহহে থাকিব। তেওঁক আঁতৰাবলৈ যি লাগে আমি কৰিম।"

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই বক্তব্যসমূহ তেতিয়াই চৰ্চালৈ আহিছে যেতিয়া তেওঁৰ ভতিজা তথা টিএমচি নেতা অভিষেক বেনাৰ্জীয়ে নিযুক্তিৰ অনিয়মৰ গোচৰত সোমবাৰে (২১ আগষ্ট) উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰাত ব্যৰ্থ হয়। এই গোচৰত কলিকতা উচ্চ ন্যায়ালয়ে অভিষেক বেনাৰ্জীক চিবিআই আৰু ইডিৰ জেৰাৰ পৰা অন্তৱৰ্তীকালীন সকাহ দিবলৈ অস্বীকাৰ কৰে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক পশ্চিম বংগ চৰকাৰে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ এই আবেদন বিবেচনা কৰিবলৈ অস্বীকাৰ কৰে।

স্মৰ্তব্য যে শিক্ষক নিযুক্তি কেলেংকাৰীৰ গোচৰত কলিকতা উচ্চ ন্যায়ালয়ে অভিষেক বেনাৰ্জীৰ সম্পৰ্কত তদন্তকাৰী সংস্থাসমূহক তদন্ত অব্যাহত ৰাখিবলৈ অনুমতি দিছিল। যোৱা মাহত অভিষেক বেনাৰ্জীয়েও উচ্চ ন্যায়ালয়ৰ ইডি তদন্ত অব্যাহত ৰখাৰ নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। আনকি সেই সময়তো উচ্চতম ন্যায়ালয়ে কোনো সকাহ দিয়া নাছিল। উচ্চ ন্যায়ালয়ে এই গোচৰৰ তদন্ত বন্ধ নকৰাকৈ সঠিক সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক