--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোমবাৰে অভিযোগ উত্থাপন কৰে যে গোষ্ঠীৰসমূহৰ মাজত ঘৃণা সৃষ্টিৰ বাবে ধন ব্যয় কৰা হৈছে। শেহতীয়াকৈ জাদৱপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথম বৰ্ষৰ এজন ছাত্ৰৰ মৃত্যুত ভাৰতীয় কমিউনিষ্ট পাৰ্টি(মাৰ্ক্সবাদী)ৰ সমৰ্থিত ছাত্ৰ সন্থা জড়িত বুলিও দাবী কৰে। কলকাতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী মমতাই কয় যে ধৰ্মৰ ভিত্তিত যিকোনো ধৰণৰ শত্ৰুতাৰ বিৰোধী।

টিএমচিৰ মুৰব্বীগৰাকীয়ে দাবী কৰে যে, "দেশৰ ভিন্ন গোষ্ঠীসমূহৰ মাজত ঘৃণা বিয়পাবলৈ ধন ব্যয় কৰা হৈছে,লোকসভা নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িক উত্তেজনা জগাই তুলিবলৈ বিজেপিয়ে (ভাৰতীয় জনতা পাৰ্টি) একাংশ সংখ্যালঘু নেতাক পুঁজি আগবঢ়াইছে।" বিজেপিয়ে পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে চিপিআই(এম) আৰু কংগ্ৰেছক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল।

কিছুদিন পূৰ্বে ৰেগিঙৰ বাবে বুলি অভিযোগ উত্থাপন হোৱা জাদৱপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰথম বৰ্ষৰ ছাত্ৰৰ মৃত্যুৰ সন্দৰ্ভত বেনাৰ্জীয়ে কয় যে, "জাদৱপুৰ বিশ্ববিদ্যালয়ক লৈ আমি গৌৰৱান্বিত, কিন্তু মৃত্যুৰ সৈতে চিপিআই (এম) সমৰ্থিত (ছাত্ৰ) সংঘ জড়িত৷'' মুখ্যমন্ত্ৰীয়ে লগতে দাবী কৰে যে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালত "মাত্ৰ ছমাহ"হে বাকী আছে।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে মই ধৰ্মৰ ভিত্তিত যিকোনো ধৰণৰ মতানৈক্যৰ বিৰোধী। দেশৰ গোষ্ঠীসমূহৰ মাজত ঘৃণা সৃষ্টিৰ বাবে ধন ব্যয় কৰা হৈছে। কেন্দ্ৰই কেন্দ্ৰীয় তদন্তকৰী সংস্থাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে আমি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ সন্মুখত কেতিয়াও মূৰ তল নকৰোঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ