--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোমবাৰে অভিযোগ উত্থাপন কৰে যে গোষ্ঠীৰসমূহৰ মাজত ঘৃণা সৃষ্টিৰ বাবে ধন ব্যয় কৰা হৈছে। শেহতীয়াকৈ জাদৱপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথম বৰ্ষৰ এজন ছাত্ৰৰ মৃত্যুত ভাৰতীয় কমিউনিষ্ট পাৰ্টি(মাৰ্ক্সবাদী)ৰ সমৰ্থিত ছাত্ৰ সন্থা জড়িত বুলিও দাবী কৰে। কলকাতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী মমতাই কয় যে ধৰ্মৰ ভিত্তিত যিকোনো ধৰণৰ শত্ৰুতাৰ বিৰোধী।

টিএমচিৰ মুৰব্বীগৰাকীয়ে দাবী কৰে যে, "দেশৰ ভিন্ন গোষ্ঠীসমূহৰ মাজত ঘৃণা বিয়পাবলৈ ধন ব্যয় কৰা হৈছে,লোকসভা নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িক উত্তেজনা জগাই তুলিবলৈ বিজেপিয়ে (ভাৰতীয় জনতা পাৰ্টি) একাংশ সংখ্যালঘু নেতাক পুঁজি আগবঢ়াইছে।" বিজেপিয়ে পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে চিপিআই(এম) আৰু কংগ্ৰেছক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল।

কিছুদিন পূৰ্বে ৰেগিঙৰ বাবে বুলি অভিযোগ উত্থাপন হোৱা জাদৱপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰথম বৰ্ষৰ ছাত্ৰৰ মৃত্যুৰ সন্দৰ্ভত বেনাৰ্জীয়ে কয় যে, "জাদৱপুৰ বিশ্ববিদ্যালয়ক লৈ আমি গৌৰৱান্বিত, কিন্তু মৃত্যুৰ সৈতে চিপিআই (এম) সমৰ্থিত (ছাত্ৰ) সংঘ জড়িত৷'' মুখ্যমন্ত্ৰীয়ে লগতে দাবী কৰে যে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালত "মাত্ৰ ছমাহ"হে বাকী আছে।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে মই ধৰ্মৰ ভিত্তিত যিকোনো ধৰণৰ মতানৈক্যৰ বিৰোধী। দেশৰ গোষ্ঠীসমূহৰ মাজত ঘৃণা সৃষ্টিৰ বাবে ধন ব্যয় কৰা হৈছে। কেন্দ্ৰই কেন্দ্ৰীয় তদন্তকৰী সংস্থাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে আমি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ সন্মুখত কেতিয়াও মূৰ তল নকৰোঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক