--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিক লগ নেৰা হৈছে আভ্যন্তৰীণ কন্দলে। শেহতীয়াকৈ উত্তৰ প্ৰদেশত বিজেপি ভিতৰ চৰাত অসন্তুষ্টিৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছিল। উত্তৰ প্ৰদেশৰ আভ্যন্তৰীণ কন্দল চলি থকা অৱস্থাতে আন এখন ৰাজ্যত বিজেপিৰ আভ্যন্তৰীণ বিবাদৰ খবৰ পোহৰলৈ আহিছে। 

এইবাৰ বিজেপি আভ্যন্তৰীণ বিবাদৰ সন্মুখীন হৈছে মণিপুৰত। মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি, মণিপুৰৰ সাত গৰাকী বিজেপি বিধায়কে মুখ্যমন্ত্ৰীগৰাকীক অপসাৰণৰ দাবী উত্থাপন কৰিছে৷   

মণিপুৰৰ পৰিস্থিতি আজিও উত্তপ্ত হৈ আছে। কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত হোৱা শেহতীয়া সংঘৰ্ষই সমগ্ৰ ৰাজ্য কঁপাই গৈছ্লি। এনে উত্তেজনাময় অৱস্থাত ৰাজ্যখনত চৰকাৰৰ কাম-কাজক লৈ প্ৰশ্ন উত্থাপিত হৈছে। মণিপুৰৰ হিংসাৰ বাবে মেইটেই জনগোষ্ঠীক মুখ্যমন্ত্ৰী গৰাকীৰ সমৰ্থন থকাৰ অভিযোগ উত্থাপন কৰিছে দহ গৰাকী কুকি বিধায়কে। মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ অৱহেলা তথা বৈষম্যমূলক মনোভাৱৰ বাবেই মণিপুৰৰ পৰিস্থিতিয়ে ভয়াৱহ অৱস্থালৈ গতি কৰা বুলি মত প্ৰকাশ কৰিছে কুকি বিধায়ক কেইগৰাকীয়ে।

অলপতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ ‘মণিপুৰ টেপছ’ৰ নামত এটা অডিঅ’ক লৈ সৰৱ হৈ উঠিছে কুকি বিধায়কসকল। মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত উত্থাপিত অভিযোগৰ প্ৰতিক্ৰিয়া বিচাৰিছে কুকি বিধায়ককেইগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন