--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে মৃত্যুৰ ভাবুকি লাভ কৰে। অচিনাক্ত ব্যক্তিয়ে গাডকাৰীৰ নাগপুৰৰ কাৰ্যালয়লৈ কেইবাবাৰো ফোন কৰি হত্যাৰ ভাবুকি দিয়ে। নাগপুৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে  পুৱাৰে  পৰা কমেও দুবাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ  নাগপুৰ কাৰ্যালয়লৈ  ভাবুকিপূৰ্ণ  ফোন কল কেইটা আহে। প্ৰথম কলটো পুৱা ১১.৩০ বজাত আহিছিল। 

কেন্দ্ৰীয় মন্ত্ৰীজনক হত্যা আৰু বোমা বিস্ফোৰণ কৰি তেওঁৰ কাৰ্যালয় উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল। দহ মিনিট পিছত, অচিনাক্ত দুৰ্বৃত্তই পুনৰ  মন্ত্ৰীজনক হত্যা আৰু কাৰ্যালয় উৰুৱাই দিয়াৰ ভাবুকি দিয়ে। 

ভাবুকিপূৰ্ণ কল পোৱাৰ পিছতে নীতিন গাডকাৰীৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল আতংকিত হৈ পৰিছে। তেওঁলোকে লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।  নাগপুৰৰ ডিচিপি ৰাহুল মদনে কয় যে গোটেই ঘটনাটো সন্দৰ্ভত  তদন্ত চলি আছে। মন্ত্ৰীজনৰ কাৰ্যালয়ৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। একে সময়তে তেওঁৰ সকলো কাৰ্যসূচীত  অতিৰিক্ত সুৰক্ষা ব্যৱস্থা কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক