--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে মৃত্যুৰ ভাবুকি লাভ কৰে। অচিনাক্ত ব্যক্তিয়ে গাডকাৰীৰ নাগপুৰৰ কাৰ্যালয়লৈ কেইবাবাৰো ফোন কৰি হত্যাৰ ভাবুকি দিয়ে। নাগপুৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে  পুৱাৰে  পৰা কমেও দুবাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ  নাগপুৰ কাৰ্যালয়লৈ  ভাবুকিপূৰ্ণ  ফোন কল কেইটা আহে। প্ৰথম কলটো পুৱা ১১.৩০ বজাত আহিছিল। 

কেন্দ্ৰীয় মন্ত্ৰীজনক হত্যা আৰু বোমা বিস্ফোৰণ কৰি তেওঁৰ কাৰ্যালয় উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল। দহ মিনিট পিছত, অচিনাক্ত দুৰ্বৃত্তই পুনৰ  মন্ত্ৰীজনক হত্যা আৰু কাৰ্যালয় উৰুৱাই দিয়াৰ ভাবুকি দিয়ে। 

ভাবুকিপূৰ্ণ কল পোৱাৰ পিছতে নীতিন গাডকাৰীৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল আতংকিত হৈ পৰিছে। তেওঁলোকে লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।  নাগপুৰৰ ডিচিপি ৰাহুল মদনে কয় যে গোটেই ঘটনাটো সন্দৰ্ভত  তদন্ত চলি আছে। মন্ত্ৰীজনৰ কাৰ্যালয়ৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। একে সময়তে তেওঁৰ সকলো কাৰ্যসূচীত  অতিৰিক্ত সুৰক্ষা ব্যৱস্থা কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু