--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উন্নত প্ৰযুক্তিৰ সহায়ত জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা (এলঅ'চি) আৰু পঞ্জাৱ-ৰাজস্থান সীমান্তত ড্ৰোন আক্ৰমণৰ মোকাবিলা কৰিবলৈ আহ্বান জনাইছে। তেওঁ সেনা আৰু বিএছএফক এই সন্দৰ্ভত প্ৰয়োজনীয় গৱেষণাৰ বাবে পৰামৰ্শ দছে। শ্বাহৰ পৰামৰ্শ অনুসৰণ কৰি, সেনা আৰু বিএছএফে এই ক্ষেত্ৰত জেমাৰ বন্দুক ব্যৱহাৰৰ ওপৰত জোৰ দিছে।

ৰাজীৱ গান্ধীৰ শাসনকালত ক্ৰয় কৰা ১৫৫ মিমি বফৰ্ছ হাউইৎজাৰ নহয়, বৰঞ্চ দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছ-ভাৰতীয় বাহিনীয়ে ব্যৱহাৰ কৰা ৪০ মিমি এণ্টি-এয়াৰক্ৰাফ্ট স্বয়ংক্ৰিয় কামান (অটো কামান) কেইবছৰমান আগতে সীমান্তত পাকিস্তানী ড্ৰোন আক্ৰমণৰ মোকাবিলা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ৮৫ বছৰীয়া বোফৰ্ছ এল-৭০-য়েও বিমান বিৰোধী কামানৰ সহায়ত কিছু সফলতা অৰ্জন কৰিছে। ৫০০ মিটাৰ পৰ্যন্ত যিকোনো উৰণলক্ষ্য ধ্বংস কৰিবলৈ সক্ষম এই পাতল স্বয়ংক্ৰিয় কামানবোৰ নিয়ন্ত্ৰণ ৰেখা আৰু সীমান্তৰ বিভিন্ন এলেকাত মোতায়েন কৰা হৈছে।

কিন্তু শ্বাহে গুলীবৰ্ষণ কৰাৰ লগতে ড্ৰোন আক্ৰমণ বন্ধ কৰাৰ এটা বিকল্প উপায় সৃষ্টি কৰিব বিচাৰে। আৰু তাতেই 'জেমাৰ বন্দুক'ৰ বিষয়টো আহে। ডেৰ কিলোমিটাৰ পৰিসৰৰ এই 'জেমাৰ গান'টোৱে কোনো গুলী নিক্ষেপ নকৰে। ইয়াৰ পৰা ওলাই অহা বিশেষ কম্পনাঙ্কৰ ঢৌৱে উৰণীয়া ড্ৰোনৰ নিয়ন্ত্ৰক তৰংগক সংযোগহীন কৰে। ফলস্বৰূপে, ড্ৰোনটো মাটিত পৰি যায়। গৃহ মন্ত্ৰালয়ৰ সূত্ৰঅনুসৰি, ইতিমধ্যে কিছুমান ড্ৰোন সেনা আৰু বিএছএফক হস্তান্তৰ কৰা হৈছে। পঞ্জাৱ সীমান্তত পৰীক্ষামূলক ব্যৱহাৰৰ ফলাফলো পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু