--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত যোগদানৰ বাবে আগ্ৰহীসকলে এতিয়াৰে পৰা  আঞ্চলিক ভাষাতো দিব পাৰিব সংশ্লিষ্ট পৰীক্ষা৷ প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত এই ব্যৱস্থা কৰা হৈছে৷ 

হিন্দী, ইংৰাজীৰ উপৰি ১৩টা আঞ্চলিক ভাষাত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা থাকিব৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা অনুসৰি ১৩টা আঞ্চলিক ভাষাত থাকিব কনিষ্টবল (জি.ডি.) পৰীক্ষাৰ প্ৰশ্নকাকত৷ হিন্দী আৰু ইংৰাজীৰ উপৰি কেন্দ্ৰীয় চিএপিএফৰ কনিষ্টবল (জেনেৰেল ডিউটি)ৰ বাছনি পৰীক্ষা প্ৰথমবাৰৰ বাবে ১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব৷ ২০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ দেশজুৰি ১২৮টা কেন্দ্ৰত প্ৰায় ৪৮ লাখ পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ’ব৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত আৰু প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশত আগ্ৰহী যুৱক-যুৱতীৰ অংশগ্ৰহণ বৃদ্ধি কৰা আৰু পৰীক্ষা প্ৰক্ৰিয়াক অধিক গতিশীল কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই৷ 

এই পৰীক্ষাৰ বাবে প্ৰশ্নকাকত এতিয়াৰে পৰা এই ১৩ টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব—

১. অসমীয়া

২. বাংলা

৩. গুজৰাটী

৪. মাৰাঠী

৫. মালায়ালম

৬. কানাড়া

৭. তামিল

৮. তেলেগু

৯. ওড়িয়া

১০. উৰ্দু

১১. পাঞ্জাবী

১২. মণিপুৰী

১৩. কোংকণী

ষ্টাফ ছিলেকচন কমিছনৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাবোৰৰ ভিতৰত অন্যতম কনিষ্টবল (জিডি) বাছনি পৰীক্ষা। এই পৰীক্ষা আৰু প্ৰক্ৰিয়াই সকলো ধৰ্ম আৰু জাতি-বৰ্ণৰ যুৱক-যুৱতীসকলক নিযুক্তি প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ