--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত যোগদানৰ বাবে আগ্ৰহীসকলে এতিয়াৰে পৰা  আঞ্চলিক ভাষাতো দিব পাৰিব সংশ্লিষ্ট পৰীক্ষা৷ প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত এই ব্যৱস্থা কৰা হৈছে৷ 

হিন্দী, ইংৰাজীৰ উপৰি ১৩টা আঞ্চলিক ভাষাত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা থাকিব৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা অনুসৰি ১৩টা আঞ্চলিক ভাষাত থাকিব কনিষ্টবল (জি.ডি.) পৰীক্ষাৰ প্ৰশ্নকাকত৷ হিন্দী আৰু ইংৰাজীৰ উপৰি কেন্দ্ৰীয় চিএপিএফৰ কনিষ্টবল (জেনেৰেল ডিউটি)ৰ বাছনি পৰীক্ষা প্ৰথমবাৰৰ বাবে ১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব৷ ২০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ দেশজুৰি ১২৮টা কেন্দ্ৰত প্ৰায় ৪৮ লাখ পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ’ব৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত আৰু প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশত আগ্ৰহী যুৱক-যুৱতীৰ অংশগ্ৰহণ বৃদ্ধি কৰা আৰু পৰীক্ষা প্ৰক্ৰিয়াক অধিক গতিশীল কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই৷ 

এই পৰীক্ষাৰ বাবে প্ৰশ্নকাকত এতিয়াৰে পৰা এই ১৩ টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব—

১. অসমীয়া

২. বাংলা

৩. গুজৰাটী

৪. মাৰাঠী

৫. মালায়ালম

৬. কানাড়া

৭. তামিল

৮. তেলেগু

৯. ওড়িয়া

১০. উৰ্দু

১১. পাঞ্জাবী

১২. মণিপুৰী

১৩. কোংকণী

ষ্টাফ ছিলেকচন কমিছনৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাবোৰৰ ভিতৰত অন্যতম কনিষ্টবল (জিডি) বাছনি পৰীক্ষা। এই পৰীক্ষা আৰু প্ৰক্ৰিয়াই সকলো ধৰ্ম আৰু জাতি-বৰ্ণৰ যুৱক-যুৱতীসকলক নিযুক্তি প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু