--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে পুনৰ ৰাজ্যসভা নিৰ্বাচনৰ পশ্চিমবংগৰ আসনৰ বাবে সুস্মিতা দেৱৰ নাম চূড়ান্ত কৰিলে।ইয়াৰ পূৰ্বেও তৃণমূল কংগ্ৰেছৰ পৰাই  সুস্মিতা দেৱ পশ্চিমবংগৰ আসনত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল । 

দেওবাৰে ত-ণমূল কংগ্ৰেছে সাংবাদিক সাগৰিকা ঘোষৰ লগতে আন তিনিজনক ৰাজ্যসভাৰ আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰে। উল্লেখ্য চলিত বৰ্ষৰ এপ্ৰিল মাহত খালী হ'বলগীয়া বংগৰ ৰাজ্যসভাৰ পাঁচখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। " আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে সাগৰিকা ঘোষ, সুস্মিতা দেৱ, মহম্মদ নদীমুল হক আৰু মমতা বালা ঠাকুৰৰ প্ৰাৰ্থিত্ব ঘোষণা কৰি আমি আনন্দিত। আমি তেওঁলোকলৈ আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু তেওঁলোকে তৃণমূলৰ অদম্য মনোভাৱ তথা প্ৰতিজন ভাৰতীয়ৰ অধিকাৰৰ বাবে কাম কৰিব ," দলটোৱে দেওবাৰে আবেলি  অফিচিয়েল এক্স হেণ্ডেলত এইদৰে ঘোষণা কৰে। 

উল্লেখ্য কিছুদিন পূৰ্বে ১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভা আসনৰ  নিৰ্বাচন দিন ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। বংগৰ উপৰি উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, মধ্য প্ৰদেশ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰাজস্থান, কৰ্ণাটক, উত্তৰাখণ্ড, ছত্তীশগড়, ওড়িশা, হাৰিয়ানা আৰু হিমাচল প্ৰদেশত ৰাজ্যসভাৰ আসনৰ বাবে  নিৰ্বাচন অনুষ্ঠিত হ'ব।

 লোকসভা নিৰ্বাচনৰ দিন ক্ৰমে আগুৱাইছে। চলিত বৰ্ষৰ এপ্ৰিল মাহত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে দেশৰ ১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভাৰ আসনৰ বাবে  নিৰ্বাচন অনুষ্ঠিত হ’ব।  নিৰ্বাচন আয়োগে  এই ৫৬ খন আসনৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে।
 
 নিৰ্বাচন আয়োগৰ মতে এই ৫৬ খন আসনৰ বাবে ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ১৩ খন ৰাজ্যৰ ৫০ খন আসনৰ ম্যাদ  ২ এপ্ৰিলত শেষ হ'ব। দুখন  ৰাজ্যৰ ছয়খন আসনৰ সদস্যসকলৰ কাৰ্যকাল ৩ এপ্ৰিলত শেষ হ'ব। পশ্চিম বংগৰ উপৰিয ২৭ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, মধ্য প্ৰদেশ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰাজস্থান, কৰ্ণাটক, উত্তৰাখণ্ড, ছত্তীশগড়,ওড়িশা, হাৰিয়ানা আৰু হিমাচল প্ৰদেশত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু