--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ মহাকাশ গৱেষণাৰ অন্যতম যুগনায়ক ৰাকেশ শৰ্মা৷ দীৰ্ঘদিন জনচক্ষুৰ আঁৰত থাকিয়েই নিৰলে জীৱন যাপন কৰি আহিছে ৰাকেশ শৰ্মাই৷ মহাকাশত ভৰি দিয়া প্ৰথমগৰাকী ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মা৷ 

ভাৰতৰ চন্দ্ৰযান-৩ সাফল্যৰ সময়তো চৰ্চালৈ আহিছিল ৰাকেশ শৰ্মা৷ যিসময়ত দেশবাসীয়ে চন্দ্ৰযান-৩ সাফল্য উদযাপন কৰিছিলে সেই সময়ত সংবাদ মাধ্যমৰ পৰা বহুযোজন আঁতৰত আছিল ভাৰতৰ এইগৰাকী সুযোগ্য সন্তান৷

অৱশেষত দীৰ্ঘবিৰতিৰ পাছত দেখিবলৈ পোৱা গ’ল ৰাকেশ শৰ্মাক৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ অধ্যক্ষ বিল নেলচনে অলপতে সাক্ষাৎ কৰিলে ৰাকেশ শৰ্মাক৷ সম্প্ৰতি এসপ্তাহৰ ভাৰত ভ্ৰমণত নাছাৰ অধ্যক্ষ বিল নেলচন৷ মঙলবাৰে ছ’চিয়েল মিডিয়াযোগে পুৰণি বন্ধু ৰাকেশ শৰ্মাক সাক্ষাৎ কৰাৰ কথা প্ৰকাশ কৰিলে নেলচনে৷ 

লগতে প্ৰকাশ কৰিলে ৰাকেশ শৰ্মাৰে থকা তেওঁৰ দীৰ্ঘদিনীয়া বন্ধুত্বৰ কথা৷ উল্লেখ্য যে, ১৯৮৪ চনত মহাকাশত ভৰি দিছিল ৰাকেশ শৰ্মাই৷ মহাকাশত ৭ দিন ২১ ঘণ্টা ৪০ মিনিট কটাইছিল ভাৰতৰ মহাকাশচাৰীগৰাকীয়ে৷ ইয়াৰ লগে লগে ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসত স্বৰ্ণিল আখৰেৰে লিপিবদ্ধ হৈছিল ৰাকেশ শর্মাৰ নাম৷ 

সেইগৰাকী ৰাকেশ শৰ্মাই দীৰ্ঘদিন ধৰি আঁতৰি আছে লাইমলাইটৰ পৰা৷ তামিলনাডুৰ এখন ভিতৰুৱা ঠাইত নীৰৱে জীৱন অতিবাহিত কৰি আহিছে ৰাকেশ শৰ্মাই৷ ভাৰত-পাকিস্তানৰ যুদ্ধতো এগৰাকী যুঁজাৰু পাইলট হিচাপে দেশলৈ সেৱা আগবঢ়োৱা ৰাকেশ শৰ্মাই বাচি লৈছিল এটা শান্তিপূৰ্ণ জীৱন৷ বহুক্ষেত্ৰত চৰকাৰৰো অৱহেলাৰ পাত্ৰ হ’বলগীয়া হৈছিল দেশৰ প্ৰথমগৰাকী মহাকাশচাৰী ৰাকেশ শৰ্মা৷ চৰকাৰ তথা দেশৰ একাংশই পাহৰিলেও ৰাকেশ শৰ্মাক পাহৰা নাই নাছাৰ দৰে মহাকাশ গৱেষণা সংস্থাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক