--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ মহাকাশ গৱেষণাৰ অন্যতম যুগনায়ক ৰাকেশ শৰ্মা৷ দীৰ্ঘদিন জনচক্ষুৰ আঁৰত থাকিয়েই নিৰলে জীৱন যাপন কৰি আহিছে ৰাকেশ শৰ্মাই৷ মহাকাশত ভৰি দিয়া প্ৰথমগৰাকী ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মা৷ 

ভাৰতৰ চন্দ্ৰযান-৩ সাফল্যৰ সময়তো চৰ্চালৈ আহিছিল ৰাকেশ শৰ্মা৷ যিসময়ত দেশবাসীয়ে চন্দ্ৰযান-৩ সাফল্য উদযাপন কৰিছিলে সেই সময়ত সংবাদ মাধ্যমৰ পৰা বহুযোজন আঁতৰত আছিল ভাৰতৰ এইগৰাকী সুযোগ্য সন্তান৷

অৱশেষত দীৰ্ঘবিৰতিৰ পাছত দেখিবলৈ পোৱা গ’ল ৰাকেশ শৰ্মাক৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ অধ্যক্ষ বিল নেলচনে অলপতে সাক্ষাৎ কৰিলে ৰাকেশ শৰ্মাক৷ সম্প্ৰতি এসপ্তাহৰ ভাৰত ভ্ৰমণত নাছাৰ অধ্যক্ষ বিল নেলচন৷ মঙলবাৰে ছ’চিয়েল মিডিয়াযোগে পুৰণি বন্ধু ৰাকেশ শৰ্মাক সাক্ষাৎ কৰাৰ কথা প্ৰকাশ কৰিলে নেলচনে৷ 

লগতে প্ৰকাশ কৰিলে ৰাকেশ শৰ্মাৰে থকা তেওঁৰ দীৰ্ঘদিনীয়া বন্ধুত্বৰ কথা৷ উল্লেখ্য যে, ১৯৮৪ চনত মহাকাশত ভৰি দিছিল ৰাকেশ শৰ্মাই৷ মহাকাশত ৭ দিন ২১ ঘণ্টা ৪০ মিনিট কটাইছিল ভাৰতৰ মহাকাশচাৰীগৰাকীয়ে৷ ইয়াৰ লগে লগে ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসত স্বৰ্ণিল আখৰেৰে লিপিবদ্ধ হৈছিল ৰাকেশ শর্মাৰ নাম৷ 

সেইগৰাকী ৰাকেশ শৰ্মাই দীৰ্ঘদিন ধৰি আঁতৰি আছে লাইমলাইটৰ পৰা৷ তামিলনাডুৰ এখন ভিতৰুৱা ঠাইত নীৰৱে জীৱন অতিবাহিত কৰি আহিছে ৰাকেশ শৰ্মাই৷ ভাৰত-পাকিস্তানৰ যুদ্ধতো এগৰাকী যুঁজাৰু পাইলট হিচাপে দেশলৈ সেৱা আগবঢ়োৱা ৰাকেশ শৰ্মাই বাচি লৈছিল এটা শান্তিপূৰ্ণ জীৱন৷ বহুক্ষেত্ৰত চৰকাৰৰো অৱহেলাৰ পাত্ৰ হ’বলগীয়া হৈছিল দেশৰ প্ৰথমগৰাকী মহাকাশচাৰী ৰাকেশ শৰ্মা৷ চৰকাৰ তথা দেশৰ একাংশই পাহৰিলেও ৰাকেশ শৰ্মাক পাহৰা নাই নাছাৰ দৰে মহাকাশ গৱেষণা সংস্থাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ