--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এতিয়া দীপিকাৰ কথাই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিগত কিছুদিনৰ পৰা ট্ৰেণ্ডিং পৰ্যায়ত আছে জনপ্ৰিয় অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ আগেয়ে নোকোৱা বহু কথাই প্ৰকাশ কৰিছে দীপিকা পাডুকোনে। স্মৰ্তব্য যে, ২০০৭ চনত ফাৰাহ খানৰ 'ওম শান্তি ওম' ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল দীপিকা পাডুকোনে। ছবিখনত দীপিকাৰ সৈতে অভিনয় কৰিছিল বলীউড ছুপাৰষ্টাৰ শ্বাহৰূখ খানে। 'ওম শান্তি ওম'ৰ পাছৰ পৰা বিগত ১৫বছৰ ধৰি এখনৰ পাছত আনখন হিট ছবি উপহাৰ দি গৈছে দীপিকাই। শেহতীয়াকৈ মুক্তি পোৱা বহুচৰ্চিত 'গেহৰাইয়া' ছবিখনেও ব’ক্স অফিছত বিশেষভাৱে চৰ্চিত হৈছে। ‘গেহেৰাইয়া’ৰ উত্তেজনা অব্যাহত থকা সময়তে দীপিকাই তেওঁক বলীউডত প্ৰথম কোনে কাম দিছিল এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে। 'ওম শান্তি ওম' দীপিকাৰ জীৱনৰ প্ৰথমখন ছবি আছিল যদিও শ্বাহৰূখ খানে অভিনয়ৰ বাবে প্ৰথম প্ৰস্তাৱ দিয়া নাছিল দীপিকা পাডুকোনক। শ্বাহৰূখৰ পূৰ্বে বলীউড ভাইজান ছলমান খানে দীপিকাক ছবিৰ কামৰ প্ৰস্তাৱ দিছিল। অৱশ্যে, দীপিকাই সেই সময়ত মডেলিঙৰ কামত ব্যস্ত থকা বাবে ছলমানৰ অভিনয়ৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দীপিকাই কয়, ‘আমাৰ সম্পৰ্ক এতিয়াও ভাল। মোক জীৱনৰ প্ৰথম কাম আগবঢ়োৱাৰ বাবে মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম। যদিও এইটো দুৰ্ভাগ্যজনক যে মই সেই সময়ত চলচ্চিত্ৰত অভিনয় কৰিবলৈ সাজু নাছিলো।’ দীপিকাৰ কথাবোৰে অনুৰাগীক আমোদ দিছে। সামজিক মাধ্যমতো অভিনেত্ৰীগৰাকীৰ সাক্ষাত্‍কাৰৰ অংশ শ্বেয়াৰ কৰিছে বিভিন্নজনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু