--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এতিয়া দীপিকাৰ কথাই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিগত কিছুদিনৰ পৰা ট্ৰেণ্ডিং পৰ্যায়ত আছে জনপ্ৰিয় অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ আগেয়ে নোকোৱা বহু কথাই প্ৰকাশ কৰিছে দীপিকা পাডুকোনে। স্মৰ্তব্য যে, ২০০৭ চনত ফাৰাহ খানৰ 'ওম শান্তি ওম' ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল দীপিকা পাডুকোনে। ছবিখনত দীপিকাৰ সৈতে অভিনয় কৰিছিল বলীউড ছুপাৰষ্টাৰ শ্বাহৰূখ খানে। 'ওম শান্তি ওম'ৰ পাছৰ পৰা বিগত ১৫বছৰ ধৰি এখনৰ পাছত আনখন হিট ছবি উপহাৰ দি গৈছে দীপিকাই। শেহতীয়াকৈ মুক্তি পোৱা বহুচৰ্চিত 'গেহৰাইয়া' ছবিখনেও ব’ক্স অফিছত বিশেষভাৱে চৰ্চিত হৈছে। ‘গেহেৰাইয়া’ৰ উত্তেজনা অব্যাহত থকা সময়তে দীপিকাই তেওঁক বলীউডত প্ৰথম কোনে কাম দিছিল এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে। 'ওম শান্তি ওম' দীপিকাৰ জীৱনৰ প্ৰথমখন ছবি আছিল যদিও শ্বাহৰূখ খানে অভিনয়ৰ বাবে প্ৰথম প্ৰস্তাৱ দিয়া নাছিল দীপিকা পাডুকোনক। শ্বাহৰূখৰ পূৰ্বে বলীউড ভাইজান ছলমান খানে দীপিকাক ছবিৰ কামৰ প্ৰস্তাৱ দিছিল। অৱশ্যে, দীপিকাই সেই সময়ত মডেলিঙৰ কামত ব্যস্ত থকা বাবে ছলমানৰ অভিনয়ৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দীপিকাই কয়, ‘আমাৰ সম্পৰ্ক এতিয়াও ভাল। মোক জীৱনৰ প্ৰথম কাম আগবঢ়োৱাৰ বাবে মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম। যদিও এইটো দুৰ্ভাগ্যজনক যে মই সেই সময়ত চলচ্চিত্ৰত অভিনয় কৰিবলৈ সাজু নাছিলো।’ দীপিকাৰ কথাবোৰে অনুৰাগীক আমোদ দিছে। সামজিক মাধ্যমতো অভিনেত্ৰীগৰাকীৰ সাক্ষাত্‍কাৰৰ অংশ শ্বেয়াৰ কৰিছে বিভিন্নজনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু