--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ মৰমৰ কন্যা ছুহানা খানক লৈ ছ’চিয়েল মিডিয়াত চলিছে চৰ্চা। বলীউড কিং শ্বাহৰুখ খানৰ কন্যা ছুহানা খান সোনকালেই বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। পিতৃৰ পদাংক অনুসৰণ কৰি নিজকে অভিনেত্ৰী হিচাপে গঢ়িবলৈ মন মেলিছে ২১ বছৰীয়া ছুহানা খানে। ছুহানাই জয়া আখটাৰৰ পৰিচালিত 'দ্য আৰ্চিছ'ৰ জৰিয়তে অভিনয় পথাৰত খোজ পেলাব। কেইসপ্তাহমান পূৰ্বে ষ্টাৰ কিড ছুহানাক জয়াৰ কাৰ্যালয়ৰ বাহিৰত দেখা গৈছিল। ইয়াৰ পাছতেই ছুহানাৰ বলীউডত আত্মপ্ৰকাশৰ বিষয়ে আলোচনা তীব্ৰতৰ হয়। শেহতীয়াকৈ ছুহানা খান, অমিতাভ বচ্চনৰ নাতি অগষ্ট্য নন্দা আৰু জয়া আখটাৰৰ ফটো আৰু ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ইয়াৰ পৰা অনুমান কৰা হৈছে যে 'দ্য আৰ্চিছ' চিনেমাখনৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই চিনেমাখন অটিটি প্লেটফৰ্ম নেটফ্লিক্সযোগে মুক্তি দিয়া হ'ব। ছবিখনত অগষ্ট্য নন্দাক সুহানাৰ সৈতে ৰোমাঞ্চ কৰা দেখা যাব। অৱশ্যে অধিক বিৱৰণ এতিয়াও আহিবলৈ বাকী আছে। ছবিখনত ছুহানাক পশ্চিমীয়া আৰু ভাৰতীয় দুয়োটা লুকতে দেখা যাব। কিং খানৰ কন্যাই বলীউডত ৰাজত্ব কৰিব পাৰিব নে নাই সেয়াহে হ'ব লক্ষ্যণীয়। উল্লেখ্য যে সুহানা খান ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। তেওঁ প্ৰায়ে নিজৰ বিভিন্ন ভংগীমাৰ ফটো, ভিডিঅ' অনুৰাগীসকলৰ বাবে শ্বেয়াৰ কৰি থাকে। সাধাৰণতে ছ’চিয়েল মিডিয়াত ছুহানা নিজৰ ষ্টাইলৰ কাৰণে খুবেই জনপ্ৰিয়। আবেদনময়ী ছুহানাক ফ’ল’ কৰাৰ লোকৰ সংখ্যাও ছ’চিয়েল মিডিয়াত কম নহয়। আৰু পঢ়কঃ নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ আকৌ আহিছে ‘হালধীয়া শাৰী পিন্ধা মেডাম’! এইবাৰো ভাইৰেল

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু