--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ মৰমৰ কন্যা ছুহানা খানক লৈ ছ’চিয়েল মিডিয়াত চলিছে চৰ্চা। বলীউড কিং শ্বাহৰুখ খানৰ কন্যা ছুহানা খান সোনকালেই বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। পিতৃৰ পদাংক অনুসৰণ কৰি নিজকে অভিনেত্ৰী হিচাপে গঢ়িবলৈ মন মেলিছে ২১ বছৰীয়া ছুহানা খানে। ছুহানাই জয়া আখটাৰৰ পৰিচালিত 'দ্য আৰ্চিছ'ৰ জৰিয়তে অভিনয় পথাৰত খোজ পেলাব। কেইসপ্তাহমান পূৰ্বে ষ্টাৰ কিড ছুহানাক জয়াৰ কাৰ্যালয়ৰ বাহিৰত দেখা গৈছিল। ইয়াৰ পাছতেই ছুহানাৰ বলীউডত আত্মপ্ৰকাশৰ বিষয়ে আলোচনা তীব্ৰতৰ হয়। শেহতীয়াকৈ ছুহানা খান, অমিতাভ বচ্চনৰ নাতি অগষ্ট্য নন্দা আৰু জয়া আখটাৰৰ ফটো আৰু ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ইয়াৰ পৰা অনুমান কৰা হৈছে যে 'দ্য আৰ্চিছ' চিনেমাখনৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই চিনেমাখন অটিটি প্লেটফৰ্ম নেটফ্লিক্সযোগে মুক্তি দিয়া হ'ব। ছবিখনত অগষ্ট্য নন্দাক সুহানাৰ সৈতে ৰোমাঞ্চ কৰা দেখা যাব। অৱশ্যে অধিক বিৱৰণ এতিয়াও আহিবলৈ বাকী আছে। ছবিখনত ছুহানাক পশ্চিমীয়া আৰু ভাৰতীয় দুয়োটা লুকতে দেখা যাব। কিং খানৰ কন্যাই বলীউডত ৰাজত্ব কৰিব পাৰিব নে নাই সেয়াহে হ'ব লক্ষ্যণীয়। উল্লেখ্য যে সুহানা খান ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। তেওঁ প্ৰায়ে নিজৰ বিভিন্ন ভংগীমাৰ ফটো, ভিডিঅ' অনুৰাগীসকলৰ বাবে শ্বেয়াৰ কৰি থাকে। সাধাৰণতে ছ’চিয়েল মিডিয়াত ছুহানা নিজৰ ষ্টাইলৰ কাৰণে খুবেই জনপ্ৰিয়। আবেদনময়ী ছুহানাক ফ’ল’ কৰাৰ লোকৰ সংখ্যাও ছ’চিয়েল মিডিয়াত কম নহয়। আৰু পঢ়কঃ নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ আকৌ আহিছে ‘হালধীয়া শাৰী পিন্ধা মেডাম’! এইবাৰো ভাইৰেল

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু