--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকেশ আম্বানীৰ পু্ত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক বৈবাহিক অনুষ্ঠানক লৈ বিশ্বজুৰি চৰ্চা চলিছে।  গুজৰাটত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ তিনি দিনীয়া প্ৰাক বৈবাহিক অনুষ্ঠান চলিল য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা চেলিব্ৰিটিসকলে অংশগ্ৰহণ কৰিবলৈ ঢপলিয়াই আহিল। 

তিনিদিন ধৰি চলি থকা এই প্ৰাক বিবাহ অনুষ্ঠাত অংশ ল’বলৈ ভাৰতৰ সকলো চেলিব্ৰিটি গুজৰাটৰ জামনগৰ পালেগৈ। ভাৰতীয় চেলিব্ৰিটিৰ উপৰিও বিশ্ব পপ তাৰকা ৰিহানা, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্প, বিল গেটছ, মাৰ্ক জুকাৰবাৰ্গৰ দৰে বিশ্ব বিখ্যাত লোকেও অংশগ্ৰহণ কৰে। 

এইসকল বিশ্ব তাৰকা ভাৰতলৈ অহাক লৈ পাকিস্তানত খুব চৰ্চা চলিছে। পাকিস্তানৰ জনসাধাৰণ আচৰিত হৈছে যে ইমানবোৰ বিখ্যাত মানুহ কেনেকৈ একত্ৰিত হৈ বিয়া এখনৰ বাবে আহিব পাৰে আৰু ইমান বৃহৎ পৰিমাণৰ ধন খৰচ কৰিব পাৰে।

পাকিস্তানী ইউটিউবাৰ ছানা আমজাদে নিজৰ দেশৰ বহু যুৱকৰ সৈতে এই বিবাহৰ বিষয়ে আলোচনা কৰিছে। হাছিব চৌধাৰীয়ে ছানাৰ সৈতে কথা পাতি থাকোঁতে কয়, "মই মোৰ জীৱনত এনেকুৱা বিয়া দেখা নাই। এফালে বিল গেটছ আহি গলিত সোমাই চাহ খাই আছে, আনফালে ৰিহানাই নাচি আছে। 

মই ভাৰতবাসীক ক'ব বিচাৰিম যে বন্ধু, কেইদিনমানৰ বাবে বৰ্ডাৰ খুলি দিয়া। এদিন বা দুদিনৰ কাৰণে বৰ্ডাৰ খুলি দিলে আমিও গৈ চাব পাৰিলোহেঁতেন। অন্ততঃ ইমান ডাঙৰ অনুষ্ঠান এটা চলি থকা ঠাইখন আমি চোৱা উচিত। এনেকুৱা কাৰবাৰ আমি কেতিয়াও দেখা নাই যদি আমি সুযোগ পাওঁ তেন্তে এনে এটা অনুষ্ঠান আমিও চাব বিচাৰিম।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক