--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকেশ আম্বানীৰ পু্ত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক বৈবাহিক অনুষ্ঠানক লৈ বিশ্বজুৰি চৰ্চা চলিছে।  গুজৰাটত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ তিনি দিনীয়া প্ৰাক বৈবাহিক অনুষ্ঠান চলিল য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা চেলিব্ৰিটিসকলে অংশগ্ৰহণ কৰিবলৈ ঢপলিয়াই আহিল। 

তিনিদিন ধৰি চলি থকা এই প্ৰাক বিবাহ অনুষ্ঠাত অংশ ল’বলৈ ভাৰতৰ সকলো চেলিব্ৰিটি গুজৰাটৰ জামনগৰ পালেগৈ। ভাৰতীয় চেলিব্ৰিটিৰ উপৰিও বিশ্ব পপ তাৰকা ৰিহানা, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্প, বিল গেটছ, মাৰ্ক জুকাৰবাৰ্গৰ দৰে বিশ্ব বিখ্যাত লোকেও অংশগ্ৰহণ কৰে। 

এইসকল বিশ্ব তাৰকা ভাৰতলৈ অহাক লৈ পাকিস্তানত খুব চৰ্চা চলিছে। পাকিস্তানৰ জনসাধাৰণ আচৰিত হৈছে যে ইমানবোৰ বিখ্যাত মানুহ কেনেকৈ একত্ৰিত হৈ বিয়া এখনৰ বাবে আহিব পাৰে আৰু ইমান বৃহৎ পৰিমাণৰ ধন খৰচ কৰিব পাৰে।

পাকিস্তানী ইউটিউবাৰ ছানা আমজাদে নিজৰ দেশৰ বহু যুৱকৰ সৈতে এই বিবাহৰ বিষয়ে আলোচনা কৰিছে। হাছিব চৌধাৰীয়ে ছানাৰ সৈতে কথা পাতি থাকোঁতে কয়, "মই মোৰ জীৱনত এনেকুৱা বিয়া দেখা নাই। এফালে বিল গেটছ আহি গলিত সোমাই চাহ খাই আছে, আনফালে ৰিহানাই নাচি আছে। 

মই ভাৰতবাসীক ক'ব বিচাৰিম যে বন্ধু, কেইদিনমানৰ বাবে বৰ্ডাৰ খুলি দিয়া। এদিন বা দুদিনৰ কাৰণে বৰ্ডাৰ খুলি দিলে আমিও গৈ চাব পাৰিলোহেঁতেন। অন্ততঃ ইমান ডাঙৰ অনুষ্ঠান এটা চলি থকা ঠাইখন আমি চোৱা উচিত। এনেকুৱা কাৰবাৰ আমি কেতিয়াও দেখা নাই যদি আমি সুযোগ পাওঁ তেন্তে এনে এটা অনুষ্ঠান আমিও চাব বিচাৰিম।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement