--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা কেলেংকাৰিৰ গোচৰত ইডিয়ে আঠবাৰকৈ চমন জাৰি কৰাৰ পিছতো ইডিৰ সন্মুখত হাজিৰ হোৱা নাছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ  কেজৰিৱাল। অৱশ্যে, দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ কৈছে  যে তেওঁ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰ মুখামুখি হ'বলৈ সাজু। যদি ১২ মাৰ্চৰ পিছত তেওঁক মতা হয়, তেন্তে  তেওঁ নিশ্চিতভাৱে ইডিৰ সন্মুখত  উপস্থিত হ'ব।

২৭ ফেব্ৰুৱাৰীত, ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক অষ্টমবাৰৰ বাবে মাতি পঠিয়াইছিল ।  অৱশ্যে কেজৰিৱাল তেতিয়াও ইডিৰ সন্মুখত উপস্থিত হোৱা নাছিল। এতিয়া কেজৰিৱালে তেওঁ  অনুসন্ধানকাৰী সংস্থাটোলৈ লিখিছে যে  তেওঁ সোধা-পোছাৰ বাবে সাজু আছে। তেওঁ ১২ মাৰ্চৰ পিছত উপস্থিত হ'ব পাৰিব। অৱশ্যে, তেওঁ ৪ মাৰ্চত ইডি কাৰ্যালয়লৈ যাব নোৱাৰিব বুলিও স্পষ্ট  কৰি দিয়ে। উল্লেখ্য ইডিয়ে আজি কেজৰিৱালক মাতি পঠিয়াইছিল।

দিল্লীৰ মুখ্যমন্ত্ৰীক যোৱা বছৰৰ নৱেম্বৰৰ পৰা ইডিয়ে আঠবাৰ মাতি পঠাইছে। দিল্লীৰ আবকাৰী কেলেংকাৰী আৰু ধনৰ অবৈধ সৰবৰাহৰ অভিযোগত কেইবাজনো আপ নেতা আৰু মন্ত্ৰীৰ নাম সাঙোৰ খাই পৰিছে। ইডিয়ে কেজৰিৱালক গোচৰটোত প্ৰশ্ন কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু আৰম্ভণিৰে পৰা  আম আদমী পাৰ্টীয়ে  দাবী কৰি আহিছে যে কেজৰিৱালক কেৱল  গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যেই বাৰে বাৰে মাতি থকা হৈছে।

 তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো ভিত্তি নাই।কেজৰিৱালে পঞ্চমবাৰৰ বাবে ইডিৰ  চমন এৰাই চলাৰ পিছত ইডিয়ে আদালতৰ কাষ চাপিছিল। আদালতে এতিয়াও ইডিৰ চমনৰ বিষয়ত  কোনো নিৰ্দেশ দিয়া নাই। আপৰ মতে আদালতৰ ৰায়ৰ বাবে অপেক্ষা কৰা উচিত। গোচৰটোৰ শুনানি ১৬ মাৰ্চত হ'ব। কিন্তু তাৰ আগতে, ইডিয়ে ৪ মাৰ্চত কেজৰিৱালক পুনৰ মাতি পঠিয়াইছে। তেওঁৰ পূৰ্বৰ স্থিতি সলনি কৰি  কেজৰিৱালে এতিয়া  কৈছে যে তেওঁ ১২  মাৰ্চৰ পিছত ইডিৰ  সন্মুখত উপস্থিত হ'ব পাৰিব।  
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু