--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা কেলেংকাৰিৰ গোচৰত ইডিয়ে আঠবাৰকৈ চমন জাৰি কৰাৰ পিছতো ইডিৰ সন্মুখত হাজিৰ হোৱা নাছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ  কেজৰিৱাল। অৱশ্যে, দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ কৈছে  যে তেওঁ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰ মুখামুখি হ'বলৈ সাজু। যদি ১২ মাৰ্চৰ পিছত তেওঁক মতা হয়, তেন্তে  তেওঁ নিশ্চিতভাৱে ইডিৰ সন্মুখত  উপস্থিত হ'ব।

২৭ ফেব্ৰুৱাৰীত, ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক অষ্টমবাৰৰ বাবে মাতি পঠিয়াইছিল ।  অৱশ্যে কেজৰিৱাল তেতিয়াও ইডিৰ সন্মুখত উপস্থিত হোৱা নাছিল। এতিয়া কেজৰিৱালে তেওঁ  অনুসন্ধানকাৰী সংস্থাটোলৈ লিখিছে যে  তেওঁ সোধা-পোছাৰ বাবে সাজু আছে। তেওঁ ১২ মাৰ্চৰ পিছত উপস্থিত হ'ব পাৰিব। অৱশ্যে, তেওঁ ৪ মাৰ্চত ইডি কাৰ্যালয়লৈ যাব নোৱাৰিব বুলিও স্পষ্ট  কৰি দিয়ে। উল্লেখ্য ইডিয়ে আজি কেজৰিৱালক মাতি পঠিয়াইছিল।

দিল্লীৰ মুখ্যমন্ত্ৰীক যোৱা বছৰৰ নৱেম্বৰৰ পৰা ইডিয়ে আঠবাৰ মাতি পঠাইছে। দিল্লীৰ আবকাৰী কেলেংকাৰী আৰু ধনৰ অবৈধ সৰবৰাহৰ অভিযোগত কেইবাজনো আপ নেতা আৰু মন্ত্ৰীৰ নাম সাঙোৰ খাই পৰিছে। ইডিয়ে কেজৰিৱালক গোচৰটোত প্ৰশ্ন কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু আৰম্ভণিৰে পৰা  আম আদমী পাৰ্টীয়ে  দাবী কৰি আহিছে যে কেজৰিৱালক কেৱল  গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যেই বাৰে বাৰে মাতি থকা হৈছে।

 তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো ভিত্তি নাই।কেজৰিৱালে পঞ্চমবাৰৰ বাবে ইডিৰ  চমন এৰাই চলাৰ পিছত ইডিয়ে আদালতৰ কাষ চাপিছিল। আদালতে এতিয়াও ইডিৰ চমনৰ বিষয়ত  কোনো নিৰ্দেশ দিয়া নাই। আপৰ মতে আদালতৰ ৰায়ৰ বাবে অপেক্ষা কৰা উচিত। গোচৰটোৰ শুনানি ১৬ মাৰ্চত হ'ব। কিন্তু তাৰ আগতে, ইডিয়ে ৪ মাৰ্চত কেজৰিৱালক পুনৰ মাতি পঠিয়াইছে। তেওঁৰ পূৰ্বৰ স্থিতি সলনি কৰি  কেজৰিৱালে এতিয়া  কৈছে যে তেওঁ ১২  মাৰ্চৰ পিছত ইডিৰ  সন্মুখত উপস্থিত হ'ব পাৰিব।  
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement