--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গাখীৰ সদায় উতলোৱাৰ পাছত খাব লাগে বুলি কোৱা যায়। যদিও কিছু লোকে এই কাম একেবাৰেই নকৰে আৰু কেঁচা ৰূপত ব্যৱহাৰ কৰে, যিটো বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী নহয়। বহু লোকে কেঁচা গাখীৰ স্বাস্থ্যকৰ বুলি ক’ব বিচাৰিলেও শৰীৰত বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। যদি আপুনিও কেঁচা গাখীৰ খায়, তেন্তে তৎক্ষণাত সাৱধান হওক। কাৰণ ইয়াৰ পৰা খাদ্যজনিত ৰোগৰ আশংকা সৃষ্টি হ’ব পাৰে।

 গাখীৰত বহুতো পুষ্টিকৰ উপাদান থাকে, যাৰ উপকাৰিতা আপুনি উতলাই খাবলৈ আৰম্ভ কৰিলেহে পাব। সিজোৱা গাখীৰ খালে কেৱল পুষ্টি লাভ কৰাই নহয়, খাদ্যজনিত ৰোগৰ সম্ভাৱনাও হ্ৰাস পায়। কেঁচা গাখীৰ কিয় খাব নালাগে আৰু ইয়াৰ পৰা কেনেধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে জানো আহক?

 কেঁচা গাখীৰ খোৱাৰ অসুবিধা-

১. কেঁচা গাখীৰৰ পোনপটীয়াকৈ খোৱাটো অনুচিত। কাৰণ সিজোৱা গাখীৰে সকলো ক্ষতিকাৰক বেক্টেৰিয়া আঁতৰাই পেলায়, কিন্তু কেঁচা গাখীৰত বহুতো বিপজ্জনক বেক্টেৰিয়া থাকে। সেয়েহে ইয়াক নিৰাপদ বুলি গণ্য কৰা নহয়।

২. কেঁচা গাখীৰত ই-ক’লাই, ছালমনেলা আৰু লিষ্টেৰিয়া আদি ক্ষতিকাৰক বেক্টেৰিয়া থাকিব পাৰে, যাৰ ফলত গুৰুতৰ ৰোগৰ লগতে মৃত্যুও হ’ব পাৰে। গাখীৰত থকা এই বেক্টেৰিয়াবোৰ হয় গৰুৰ পৰা আহে, নহয় দূষিত পৰিৱেশৰ ফলত হ’ব পাৰে।

৩. দুৰ্বল লোকৰ ভিতৰত কেঁচুৱা, সৰু ল’ৰা-ছোৱালী, গৰ্ভৱতী মহিলা আৰু দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোক। যদি এই লোকসকলে কেঁচা গাখীৰ সেৱন কৰে, তেন্তে কেৱল গুৰুতৰ অসুস্থতাৰ আশংকাই নহয়, মৃত্যুৰ আশংকাও বাঢ়ি যায়।

৪. কিছু লোকৰ মতে সিজোৱা গাখীৰতকৈ কেঁচা গাখীৰত অধিক পুষ্টি থাকে। ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই। কেঁচা গাখীৰ খালে ৰোগ হ’ব পাৰে সিমান পুষ্টি নাপাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ