--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি যকৃত ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। ৰোগত আক্ৰান্ হোৱাৰ আগতেই আমি সেয়ে যকৃতক কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি সেই বিষয়ত সচেতন হোৱাটো ভাল।যকৃত হৈছে আমাৰ  শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অঙ্গবোৰৰ ভিতৰৰে  এটা। ইয়াৰ পৰাই পিত্তৰস নিৰ্গত হয়। যি ৰসে খাদ্য হজম কৰাত সহায় কৰে। আকৌ তেজত থকা  অতিৰিক্ত গ্লুকোজ যকৃতত গ্লাইকোজেন হিচাপে সঞ্চিত হয় । 

প্ৰয়োজনত  এই গ্লাইকোজেনে ৰক্ত শৰ্কৰাৰ স্তৰ  সঠিক কৰি ৰখাত সহায় কৰে। মানৱ শৰীৰৰ যকৃতত  লোহিত ৰক্ত কণিকাৰ হিমোগ্লোবিন ভাঙি যায় আৰু বিলিৰুবিন তথা বাইলিভাৰ্ডিন আদি সৃষ্টি হয়।যকৃতৰ কামত সামান্য হেৰফেৰ হ’লেই তেজত বিলিৰুবিনৰ মাত্ৰা বাঢ়ি যাব পাৰে। ফলত জণ্ডিছৰ লক্ষণে দেখা দিব পাৰে।   যকৃতক স্বাস্থ্যৱান কৰি ৰাখিবলৈ যকৃতৰ উপযোগী  খাদ্য খাব লাগে। যকৃতৰ উপযোগী খাদ্য খালো  চৰ্বিযুক্ত যকৃত বা যকৃতৰ চিৰোচিছৰ দৰে সমস্যাৰ ভয় কমি যায়।খাদ্য বিশেষজ্ঞসকলে যকৃতৰ বাবে উপকাৰী খাদ্যৰ কথা কৈ আহিছে। তেনে কেইবিধমান খাদ্য হৈছে-

নহৰু – নহৰুৱে যকৃতৰ এনজাইম সক্ৰিয় কৰে আৰু শৰীৰৰ আৱৰ্জনা উলিয়াই দিয়াত সহায় কৰে। নহৰুত যথেষ্ট পৰিমাণৰ ছেলেনিয়াম থাকে, যি যকৃত বা যকৃতক এণ্টিঅক্সিডেণ্ট যোগান ধৰে।  ইয়াৰ উপৰি কেঁচা নহৰুৱে ৰক্তচাপ আৰু কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাতো সহায় কৰে।

গ্ৰীণ টি –  শৰীৰটো সঠিক ৰাখিবলৈ গ্ৰীণ টি খোৱা ভাল। পুষ্টিবিদসকলৰ মতে  ভাবে যে প্ৰতিদিনে একাপ গ্ৰীণ টি  পান কৰিলে যকৃত সুস্থ হৈ থকাৰ লগতে শৰীৰে এণ্টিঅক্সিডেণ্ট লাভ কৰে।

মাছ – সাগৰীয় মাছৰ লগতে থলুৱাভাবে পোৱা ৰৌ আদি মাছত  যথেষ্ট অমেগা-৩ থাকে। অমেগা-৩য়ে  যকৃত ভালে ৰখাত সহায় কৰে। গতিকে  চালমন, চাৰ্ডিন, টুনা, ট্ৰাউট, ৰৌ মাছ আদি খোৱাটো যকৃতৰ বাবে ভাল।  অমেগা-৩ য়ে যকৃতত ডিটক্স অৰ্থাৎ বিষাক্ত পদাৰ্থ বৰ্জন কৰা উপাদান হিচাবে কাম  কৰে।

বীট – বীট শৰীৰৰ বাবে অতি উপকাৰী। ই তেজ পৰিষ্কাৰ কৰে। বীটে যকৃত ভালে ৰখাতো সহায় কৰে। বীটৰ ৰসত যথেষ্ট নাইট্ৰেট আৰু বিটালিন থাকে। ই হৃদয়কো ভাল ৰাখে। 

শাক-পাচলি – বহুলোকে পাচলি খাবলৈ নিবিচাৰে। কিন্তু দেহৰ আন অংগ আৰু যকৃতৰ কথা ভাবিয়েই পাচলি আদি খাব লাগে।  মাছ, মাংসৰ কণীৰ সৈতে পাচলিয়ে আমাৰ শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে। নিৰামিষভোজীসকলেও প্ৰচুৰ পাচলি খাব লাগে বুলি খাদ্য বিশেষজ্ঞসকলে কৈ আহিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল