--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি যকৃত ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। ৰোগত আক্ৰান্ হোৱাৰ আগতেই আমি সেয়ে যকৃতক কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি সেই বিষয়ত সচেতন হোৱাটো ভাল।যকৃত হৈছে আমাৰ  শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অঙ্গবোৰৰ ভিতৰৰে  এটা। ইয়াৰ পৰাই পিত্তৰস নিৰ্গত হয়। যি ৰসে খাদ্য হজম কৰাত সহায় কৰে। আকৌ তেজত থকা  অতিৰিক্ত গ্লুকোজ যকৃতত গ্লাইকোজেন হিচাপে সঞ্চিত হয় । 

প্ৰয়োজনত  এই গ্লাইকোজেনে ৰক্ত শৰ্কৰাৰ স্তৰ  সঠিক কৰি ৰখাত সহায় কৰে। মানৱ শৰীৰৰ যকৃতত  লোহিত ৰক্ত কণিকাৰ হিমোগ্লোবিন ভাঙি যায় আৰু বিলিৰুবিন তথা বাইলিভাৰ্ডিন আদি সৃষ্টি হয়।যকৃতৰ কামত সামান্য হেৰফেৰ হ’লেই তেজত বিলিৰুবিনৰ মাত্ৰা বাঢ়ি যাব পাৰে। ফলত জণ্ডিছৰ লক্ষণে দেখা দিব পাৰে।   যকৃতক স্বাস্থ্যৱান কৰি ৰাখিবলৈ যকৃতৰ উপযোগী  খাদ্য খাব লাগে। যকৃতৰ উপযোগী খাদ্য খালো  চৰ্বিযুক্ত যকৃত বা যকৃতৰ চিৰোচিছৰ দৰে সমস্যাৰ ভয় কমি যায়।খাদ্য বিশেষজ্ঞসকলে যকৃতৰ বাবে উপকাৰী খাদ্যৰ কথা কৈ আহিছে। তেনে কেইবিধমান খাদ্য হৈছে-

নহৰু – নহৰুৱে যকৃতৰ এনজাইম সক্ৰিয় কৰে আৰু শৰীৰৰ আৱৰ্জনা উলিয়াই দিয়াত সহায় কৰে। নহৰুত যথেষ্ট পৰিমাণৰ ছেলেনিয়াম থাকে, যি যকৃত বা যকৃতক এণ্টিঅক্সিডেণ্ট যোগান ধৰে।  ইয়াৰ উপৰি কেঁচা নহৰুৱে ৰক্তচাপ আৰু কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাতো সহায় কৰে।

গ্ৰীণ টি –  শৰীৰটো সঠিক ৰাখিবলৈ গ্ৰীণ টি খোৱা ভাল। পুষ্টিবিদসকলৰ মতে  ভাবে যে প্ৰতিদিনে একাপ গ্ৰীণ টি  পান কৰিলে যকৃত সুস্থ হৈ থকাৰ লগতে শৰীৰে এণ্টিঅক্সিডেণ্ট লাভ কৰে।

মাছ – সাগৰীয় মাছৰ লগতে থলুৱাভাবে পোৱা ৰৌ আদি মাছত  যথেষ্ট অমেগা-৩ থাকে। অমেগা-৩য়ে  যকৃত ভালে ৰখাত সহায় কৰে। গতিকে  চালমন, চাৰ্ডিন, টুনা, ট্ৰাউট, ৰৌ মাছ আদি খোৱাটো যকৃতৰ বাবে ভাল।  অমেগা-৩ য়ে যকৃতত ডিটক্স অৰ্থাৎ বিষাক্ত পদাৰ্থ বৰ্জন কৰা উপাদান হিচাবে কাম  কৰে।

বীট – বীট শৰীৰৰ বাবে অতি উপকাৰী। ই তেজ পৰিষ্কাৰ কৰে। বীটে যকৃত ভালে ৰখাতো সহায় কৰে। বীটৰ ৰসত যথেষ্ট নাইট্ৰেট আৰু বিটালিন থাকে। ই হৃদয়কো ভাল ৰাখে। 

শাক-পাচলি – বহুলোকে পাচলি খাবলৈ নিবিচাৰে। কিন্তু দেহৰ আন অংগ আৰু যকৃতৰ কথা ভাবিয়েই পাচলি আদি খাব লাগে।  মাছ, মাংসৰ কণীৰ সৈতে পাচলিয়ে আমাৰ শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে। নিৰামিষভোজীসকলেও প্ৰচুৰ পাচলি খাব লাগে বুলি খাদ্য বিশেষজ্ঞসকলে কৈ আহিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস