--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিশ্বত হাঁওফাঁওৰ কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাই গৈ আছে৷ ২০১২ চনত বিশ্বত হাঁওফাঁওৰ কৰ্কট ৰোগীৰ সংখ্যা আছিল ১.৮ নিযুত আছিল।২০১৮ চনত এই সংখ্যা আছিল ২.০৯ নিযুত। তদুপৰি, কেৱল ২০১৮ চনত হাঁওফাঁওৰ কৰ্কট ৰোগত ১.৭৬ নিযুত লোকে প্ৰাণ হেৰুৱাইছিল। বিশ্বত আন কৰ্কট ৰোগৰ তুলনাত হাঁওফাঁওৰ কৰ্কট ৰোগত মৃত্যু ঘটা লোকৰ শতাংশ হাৰ হৈছে ১৭.৮ শতাংশ।

হাঁওফাঁওৰ কৰ্কট ৰোগৰ কিছুমান লক্ষণ হৈছে:- শ্লেষ্মাৰ পৰিৱৰ্তন , কাহিলে তেজ ওলোৱা, বুকু বা পিঠিৰ বিষ, বস্তু গিলাত অসুবিধা পোৱা  ইত্যাদি। ৫০ বছৰৰ তলৰ লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা। মূলতঃ জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবেই এই বয়সৰ লোকসকল কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পাইছে বুলি মাৰ্কিন গৱেষকৰ গৱেষণাত প্ৰকাশ পাইছে। শেহতীয়াকৈ এক অধ্যয়ন অনুসৰি ৫০ বছৰ বয়সৰ আগতে ধৰা পৰা কৰ্কট ৰোগৰ ঘটনা সমগ্ৰ বিশ্বতে ভয়ংকৰভাৱে বৃদ্ধি পাইছে।

 ৫০ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত হোৱা কৰ্কট ৰোগৰ ভিতৰত আছে হাঁওফাঁও, স্তন, মলাশয়, খাদ্যনলী, বৃক্ক, যকৃত আৰু অগ্ন্যাশয়ৰ কৰ্কট ৰোগ। সুৰা পান, টোপনি ক্ষতি, ধূমপান, মেদবহুলতা, আৰু উচ্চ মাত্ৰাত সংসাধিত খাদ্য গ্ৰহণ আদি কাৰকৰ বাবেই ৫০ বছৰৰ তলৰ অধিকাংশ লোক কৰ্কট ৰোগত আক্ৰান্ত হয় বুলি গৱেষকসকলে কৈছে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ধঁপাত সেৱনৰ ফলত প্ৰতি বছৰে প্ৰায় 8 নিযুত লোকৰ মৃত্যু হয় যাৰ ভিতৰত ১.২ নিযুত লোক নিষ্ক্ৰিয় ধূমপানৰ সংস্পৰ্শলৈ অহাৰ ফলত মৃত্যুক সাৱটি ল'বলগীয়া হয়। সেয়ে ধূমপানৰ পৰা বিৰত থাকি এটা সুস্থ জীৱন যাপন কৰিবলৈ ধূম্ৰপায়ীসকলে আজিৰেই পৰাই অংগীকাৰবদ্ধ হওঁক।

ধপাতজাত সামগ্ৰী, ঔদ্যোগিক সামগ্ৰী যেনে ইউৰেনিয়াম, এচবেষ্টছ, বিকিৰণ আদি, বায়ু প্ৰদূষণ, আৰু পুষ্টিৰ অভাৱৰ বাবে এনে কৰ্কট ৰোগ হোৱা দেখা যায়। শেহতীয়া অধ্যয়নবোৰে দেখুৱাইছে যে কাৰ্চিনোজেনিক সামগ্ৰীয়ে হাঁওফাঁওৰ কৰ্কটৰোগৰ আশংকা বৃদ্ধি কৰে।আমেৰিকান লাং এছ’চিয়েশ্যনৰ মতে প্ৰতি বছৰে ১.৬ নিযুত লোক হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।

ধূমপান হাঁওফাঁওৰ কৰ্কট ৰোগৰ আন এক প্ৰধান কাৰক  হাঁওফাঁওৰ কৰ্কট ৰোগৰ ৯৪ শতাংশৰ বাবে ধূমপান দায়ী।ধূমপান নকৰা লোকৰ তুলনাত ধূমপান কৰা লোকৰ ক্ষেত্ৰত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা ২৪ ৰ পৰা ৩৬ গুণ বেছি। নিষ্ক্ৰিয় ধূমপানত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা ৩.৫ শতাংশ। যদিহে আপুনি সঁচাকৈয়ে ধূমপান ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে তেন্তে আপুনি জানিব আপুনি জীৱনক, আপোনাৰ পৰিয়ালক, সমাজক অধিক ভালপাবলৈ আৰম্ভ কৰিছে।

কিদৰে ত্যাগ কৰিব ধূমপানৰ অভ্যাস?
ধূমপান ত্যাগ কৰাৰ দিশত প্ৰথম পদক্ষেপটো হ’ল দৃঢ়ভাৱে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা।ধূমপানে কেৱল ধূমপান কৰাজনৰ বাবেই ক্ষতিকাৰক নহয়,  তেওঁৰ চাৰিওফালৰ লোকসকলৰ বাবেও ই ক্ষতিকাৰক।

নিকোটিনৰ সলনি আন বস্তু ব্যৱহাৰ কৰক
ধূমপান হঠাতে ত্যাগ কৰিলে নিকোটিন প্ৰত্যাহাৰৰ ফলত মূৰৰ বিষৰ দৰে লক্ষণে দেখা দিব পাৰে। সেয়েহে, নিকোটিন গামৰ দৰে নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপীয়ে এনে পৰিস্থিতিত লোক এজনক সহায় কৰিব পাৰে।

চেনিবিহীন গাম চোবাওক
যদি আপোনাৰ  আহাৰৰ পিছত ধূমপান কৰাৰ অভ্যাস আছে তেন্তে  চুইংগাম ওবাব পাৰে। ওপৰত ই আপোনাৰ ধঁপাতৰ প্ৰতি আগ্ৰহ কমোৱাত  সহায় কৰিব। কেঁচা গাজৰ আৰু বাদাম খালে ধঁপাতৰ প্ৰতি আগ্ৰহ নিয়ন্ত্ৰণত সহায় হয়।

যোগাসন কৰক
হাঁওফাঁও সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে প্ৰাণায়াম আৰু আন যোগাসন কৰক। যোগাসন আৰু ব্যায়ামে আপোনাৰ শৰীৰ -মন সুস্থ তথা সতেজ কৰি তুলিব।খোজ কঢ়া আৰু জগিং কৰাৰ দৰে সাধাৰণ ব্যায়ামেৰে আৰম্ভণি কৰিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ