গুৱাহাটী: কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হোৱা গুৰুত্বপূর্ণ ঔষধৰ দাম ৯৬ শতাংশ পর্যন্ত হ্ৰাস কৰাৰ কেন্দ্রৰ সিদ্ধান্তক প্ৰশংসা কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ অসমে। যোৱা ৯ নৱেম্বৰৰ পৰা এই নতুন মূল্যৰ হাৰ কাৰ্যকৰী হৈছে।
ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কিশোৰ কুমাৰ ভট্টাচাৰ্যই এক বিবৃতিত প্রকাশ কৰা মতে, চৰকাৰৰ এই পদক্ষেপে কেন্সাৰ ৰোগী আৰু তেওঁলোকৰ পৰিয়াললৈ অর্থনৈতিক সকাহ কঢ়িয়াই আনিব। অতিৰিক্ত মূল্যবৃদ্ধি আৰু চৰা দাম নিয়ন্ত্রণ কৰাৰ ক্ষেত্ৰত এই সিদ্ধান্তই সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে।
ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথ’ৰিটী (এন পি পি এ) আৰু ফাৰ্মাচিউটিকেল বিভাগৰ যৌথ প্ৰয়াসত কার্যকৰী কৰা এই মূল্য হ্ৰাসৰ ফলত দেশৰ ৰোগীসকলে বার্ষিক প্রায় ২৩,৫৪০ কোটি টকা ৰাহি কৰিব পাৰিব বুলি আশা কৰা হৈছে। প্ৰায় ৮৫টা ফাৰ্মাচিউটিকেল কোম্পানীয়ে প্রস্তুত কৰা প্রায় ১,৩০০টা ঔষধৰ ব্রাণ্ড এই সংশোধিত মূল্যৰ আওতালৈ আহিছে। ইয়াৰ পূৰ্বে যিবিলাক ঔষধৰ দাম ২৭,০০০ টকা আছিল, সেয়া এতিয়া ২,৭০০ টকাত উপলব্ধ হ’ব। ইফালে, ১.৩ লাখ টকা মূল্যৰ ঔষধৰ দাম হ্ৰাস পাই ১১,০০০ টকা হৈছেহি।
এন পি পি এয়ে সংশোধিত মূল্যৰ তালিকা প্রস্তুত কৰি নিজৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ কৰিছে। গ্ৰাহকসকলে ‘ফাৰ্মাচিউটিকেল ছহী দাম’ (Pharma Sahi Daam) মোবাইল এপ্লিকেচনৰ জৰিয়তেও ঔষধৰ মূল্য পৰীক্ষা কৰিব পাৰিব। ইয়াৰোপৰি, অতিৰিক্ত দাম লোৱা বা নির্ধারিত মূল্য উলংঘা কৰাৰ অভিযোগ monitoring-nppa@gov.i ঠিকনাত দাখিল কৰিব পাৰিব বুলি বিবৃতিত প্রকাশ কৰা হৈছে।