ডিজিটেল ডেস্ক: এই বছৰ ধনতেৰছৰ দিনা সমগ্ৰ দেশত হোৱা বিক্ৰীয়ে সর্বকালৰ অভিলেখ ভংগ কৰে। ক্ষুদ্র ব্যৱসায়ীসকলৰ সংগঠন কনফেডাৰেশ্যন অব্ অল ইণ্ডিয়া ট্রেডাৰ্ছে (কেইট) প্রকাশ কৰা মতে, এই বছৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী হয়। কেইটৰ মতে, ই ভাৰতীয় উপভোক্তাৰ শক্তিশালী আস্থা, বর্ধিত ক্ৰয় শক্তি আৰু দেশৰ ঘৰুৱা খুচুৰা অৰ্থব্যৱস্থাই নতুন শক্তি লাভ কৰাটোকে সূচাইছে।
কেইটৰ সাধাৰণ সম্পাদক তথা বিজেপিৰ সাংসদ প্রবীণ খণ্ডেলৱালে কয় যে সমগ্র দেশতে কালি বিক্রী আছিল যথেষ্ট উৎসাহজনক। তেওঁৰ মতে, ধনতেৰছে পুনৰ ভাৰতৰ পৰম্পৰাগত বজাৰৰ নিজৰ শক্তি আৰু ভাৰতৰ ব্যৱসায়ী সম্প্ৰদায়ৰ সজীৱতাকে প্ৰমাণ কৰিলে। তেওঁৰ মতে, সমগ্র দেশতে সোণ-ৰূপ, যান-বাহন, বাচন-বৰ্তন, পাকঘৰৰ বিভিন্ন সামগ্ৰী, ইলেক্ট্রনিক সামগ্র্রী, লক্ষ্মী আৰু ভগৱান গণেশৰ মূৰ্তিসহ আন সামগ্ৰীসমূহৰ বিক্ৰী আছিল অভূতপূর্ব।
ইয়াৰ লগতে দেশৰ উপভোক্তাসকলে বিদেশী সামগ্ৰীৰ পৰিৱৰ্তে স্বদেশী সামগ্রী ক্রয়ত অধিক গুৰুত্ব আৰোপ কৰে। তেওঁৰ মতে, কালি সমগ্র দেশত ৬৬ হাজাৰ কোটি টকাতকৈ অধিক ধনৰ সোণ-ৰূপ তথা আ-অলংকাৰ বিক্ৰী হোৱা বুলি অনুমান কৰা হৈছে। কেৱল দিল্লীতে বিক্রী হয় ১০ হাজাৰ কোটি টকাতকৈ অধিক ধনৰ সোণ-ৰূপ তথা আ-অলংকাৰ।
ইয়াৰ উপৰি বাচন-বৰ্তন ১৫ হাজাৰ কোটি টকাৰ, ইলেক্ট্রনিক্ছ আৰু ইলেক্ট্রিকেল সামগ্রী ১০ হাজাৰ কোটি টকাৰ আৰু প্ৰায় ৩ হাজাৰ কোটি টকাৰ সাজসজ্জা তথা পূজাৰ সামগ্ৰী বিক্ৰী হোৱা বুলি অনুমান কৰা হৈছে।
উৎস: দৈনিক জনমভূমি