--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ন্যায়াধীশ আগষ্টিন জর্জ মছিহা আৰু ন্যায়াধীশ সুনীতা অগ্ৰৱালৰ বিচাৰপীঠে এই ৰায় দিয়ে। বিচাৰপীঠে এই ৰায় দিয়ে এজন পুত্ৰই দাখিল কৰা আৱেদনৰ শুনানি লৈ।

ডিজিটেল ডেস্ক: ককাকৰ সম্পত্তিত নাতিৰ কোনো জন্মগত অধিকাৰ নাথাকে। উচ্চতম ন্যায়ালয়ে দিয়া এটা ৰায়ত এইদৰে কয়। সর্বোচ্চ আদালতে কয় যে হিন্দু উত্তৰাধিকাৰী আইনৰ ৮ নম্বৰ ধাৰাৰ অধীনত ককাৰ সম্পত্তিত নাতিৰ প্ৰত্যক্ষভাৱে জন্মগত অধিকাৰ নাথাকে। প্রথমে সম্পত্তি প্রথম শ্ৰেণীৰ উত্তৰাধিকাৰীসকললৈ হস্তান্তৰ, ভাগ-বাটোৱাৰা হোৱাৰ পাছত পিতৃৰ (ককাৰ পুত্ৰ বা নাতিৰ পিতৃ) ভাগত পৰা সম্পত্তিৰ অংশ তেওঁৰ ব্যক্তিগত সম্পতি হ'ব। এনে অৱস্থাত ককাকৰ সম্পত্তিত নাতিৰ কোনো জন্মগত অধিকাৰ নাথাকে। 


ন্যায়াধীশ আগষ্টিন জর্জ মছিহা আৰু ন্যায়াধীশ সুনীতা অগ্ৰৱালৰ বিচাৰপীঠে এই ৰায় দিয়ে। বিচাৰপীঠে এই ৰায় দিয়ে এজন পুত্ৰই দাখিল কৰা আৱেদনৰ শুনানি লৈ। আদালতে পুত্ৰৰ আৱেদন অগ্রাহ্য কৰি এইৰায় দিয়ে। উক্ত আবেদনত পুত্ৰজনে এটা সম্পত্তিৰ আধা অংশ বিচাৰি দাবী উত্থাপন কৰিছিল, এই অংশটো তেওঁৰ পিতৃয়ে ককাকৰ সম্পত্তি ভাগ-বাটোৱাৰা হোৱাৰ পাছত লাভ কৰিছিল। পাছত পিতৃয়ে এই সম্পত্তি বিক্ৰী কৰি দিয়ে। আদালতৰ মতে, যেতিয়া ককাকৰ সম্পত্তিৰ ভাগ-বাটোৱাৰা হয় তেতিয়া পিতৃয়ে ইয়াৰ অংশ লাভ কৰে আৰু এই সম্পত্তি পিতৃৰ ব্যক্তিগত হৈ পৰে। 


ভাগ-বাটোৱাৰৰ পাছত যৌথ পৰিয়াল ব্যৱস্থাৰ অন্ত পৰে আৰু সকলো উত্তৰাধিকাৰী নিজৰ নিজৰ অংশৰ স্বতন্ত্র মালিক হৈ পৰে। যিহেতু এই সম্পত্তি পিতৃৰ ব্যক্তিগত সম্পত্তি হৈ পৰে, সেয়েহে ইয়াত নাতিৰ কোনো জন্মগত অধিকাৰ নাথাকে আৰু তেওঁৰ পিতৃ জীৱিত থকা অৱস্থাত ইয়াৰ ভাগ-বাটোৱাৰাৰ দাবীও কৰিব নোৱাৰে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ককাকৰ সম্পত্তিত নাতিৰ কোনো জন্মগত অধিকাৰ নাথাকে; উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
বিশ্বৰ সবাতোকৈ প্ৰদূষিত ৫০ চহৰৰ ৪৯খনেই ভাৰতৰ
শ্বেখ হাছিনাৰ প্ৰত্যাৱৰ্তনৰ পূৰ্বে জ্বলিছে বাংলাদেশ
মুজফ্ফৰনগৰত শোকাৱহ ঘটনা! ভয়ংকৰ পথ দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ দুই সহোদৰসহ ছয় যুৱকৰ কৰুণ মৃত্যু
কি কথাত শাহু ইন্দিৰা গান্ধীৰ ওপৰত অসন্তুষ্ট হৈছিল ছোনীয়া গান্ধী? কিয় ক্ষমা খুজিছিল ইন্দিৰা গান্ধীয়ে?
নিজ দেশলৈ ঘূৰি যোৱাৰ মন; বাংলাদেশৰ পৰা নতুন পাছপ’র্ট বিচাৰিলে প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাই
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ