ডিজিটেল ডেস্ক: বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৫০খন চহৰৰ ভিতৰত ৪৯খনেই ভাৰতৰ। শেহতীয়াকৈ প্রকাশ হোৱা 'এ কিউ আই.ইন'ৰ তথ্য অনুসৰি ভাৰতৰ ৪৯খন চহৰ বিশ্বৰ ভিতৰতে সবাতোকৈ প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে। বিশেষকৈ দীপাৱলীৰ পাছত দিল্লী আৰু ভূপালৰ বায়ুৰ মান সূচকাংক (এ কিউ আই) ৪০০ অতিক্ৰম কৰিছে। ৰাজস্থানৰ শ্ৰী গংগানগৰ চহৰ ৮২১ এ কিউ আইৰে বিশ্বৰ ভিতৰতে সবাতোকৈ প্ৰদূষিত চহৰ হিচাপে শীর্ষস্থানত আছে।
ভাৰতৰ বাহিৰে কেৱল পাকিস্তানৰ লাহোৰ (৪৩০ এ কিউ আই) এই তালিকাৰ ১৪ নম্বৰ স্থানত আছে। দীপাৱলীৰ পাছত 'অতি শোচনীয়' পৰিৱেশ হোৱা তামিলনাডুত এজাক বৰষুণে বায়ুৰ মান কিছু উন্নত কৰিছে। আনহাতে, উত্তৰ প্ৰদেশৰ ৪খন চহৰৰ বায়ুৰ মান 'অতি শোচনীয়' হিচাপে নথিভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে দীপাৱলীত ব্যাপক পৰিসৰত আতচবাজী ফুটোৱাৰ ফলত উত্তৰ আৰু মধ্য ভাৰতত প্ৰদূষণে ভয়াৱহ ৰূপ লৈছে।
দিল্লীৰ চান্দনী চক, মধ্যপ্ৰদেশৰ ভূপাল আৰু উজ্জয়িনী আৰু হাৰিয়ানাৰ বাহাদুৰগড়ত এ কিউ আই ৪০০ অতিক্রম কৰি 'অতি গুৰুতৰ' শ্রেণীত উপনীত হৈছে। আনহাতে, উচ্চতম ন্যায়ালয়ে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (এন চি আৰ) বাহনৰ পৰা উদ্ভৱ হোৱা প্ৰদূষণক লৈ উদ্বেগ প্রকাশ কৰিছে আৰু এই প্ৰদূষণক নিয়ন্ত্ৰণ কৰিবলৈ জৰুৰী ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে।
উৎস: দৈনিক জনমভূমি