ডিজিটেল ডেস্ক: পুনৰ অশান্ত হৈ পৰিছে বাংলাদেশ। ভাৰতত আশ্রয় গ্রহণ কৰি থকা প্রাক্তন প্রধানমন্ত্রী শেখ হাছিনাই অহা ডিচেম্বৰত দেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে লোৱা সিদ্ধান্তৰ পাছতে দেশখনত হিংসাত্মক ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ভাৰতৰ চুবুৰীয়া দেশখনত ক্রমাৎ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছে।
যোৱা শুকুৰবাৰৰ পৰা মঙলবাৰ পৰ্যন্ত বাংলাদেশত ৫০টা হাতে সজা বোমাৰ বিস্ফোৰণ ঘটোৱা হৈছে। দেশখনৰ ৰাজধানী ঢাকাৰ বিভিন্ন স্থানত দুষ্কৃতিকাৰীয়ে এই বোমাসমূহ বিস্ফোৰণ ঘটাইছে। ইফালে ৰাজহুৱা পৰিৱহণ ব্যৱস্থাটো ভয়াৱহ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ঢাকা ট্রিবিউনৰ তথ্য অনুসৰি যোৱা কেইদিনত দুষ্কৃতিকাৰীয়ে ৮খন বাছত অগ্নিসংযোগ কৰিছে। তদুপৰি ৫০টাতকৈও অধিক হাতেসজা বোমা বিভিন্ন স্থানত বিস্ফোৰণ ঘটোৱা হৈছে। যোৱা শুকুৰবাৰে ঢাকাৰ আদাবৰ, শাহবাগ, খিলগাঁও, বিমান বন্দৰ এলেকা আৰু মীৰপুৰৰ কালসিত ৮টাকৈ বোমা বিস্ফোৰিত হয়। তদুপৰি আন কেইবাটাও স্থানৰ পৰা বোমা উদ্ধাৰ কৰা হৈছে।
শেহতীয়াকৈ সোমবাৰে ঢাকাত কেইবাটাও বিস্ফোৰণ সংঘটিত হয়। ঢাকাৰ মুখ্য মহানগৰ দণ্ডাধীশৰ কাৰ্যালয়ৰ কাষৰ পথতো দুষ্কৃতিকাৰীয়ে এটা বোমাৰ বিস্ফোৰণ ঘটায়। উক্ত স্থানৰ পৰা আন এটা বিস্ফোৰিত নোহোৱা বোমা নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত শেখ হাছিনা নেতৃত্বাধীন আরামী লীগৰ ছাত্ৰ সংগঠন বাংলাদেশ ছাত্র লীগৰ দুজন কর্মীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে। ইয়াৰে এজনৰ নাম হৈছে ছালেহিন দীপু।
তথ্য অনুসৰি বর্তমান ভাৰতত ৰাজনৈতিক আশ্রয় গ্রহণ কৰি থকা প্রাক্তন প্রধানমন্ত্রী তথা আৱামী লীগৰ নেত্রী শেখ হাছিনাই অহা ডিচেম্বৰত নিজ দেশলৈ ঘূৰি যোৱাৰ আঁচনি লৈছে। তেওঁ দেশত গৈ আদালতৰ ওচৰত আত্মসমর্পণ কৰাৰ কথা প্রকাশ কৰিছে। সোমবাৰে তেওঁ অধিবক্তাৰ জৰিয়তে নতুন দিল্লীস্থিত বাংলাদেশৰ ৰাষ্ট্ৰদূতৰ সৈতে যোগাযোগ কৰে আৰু তেওঁক এখন নতুন পাছপ'র্ট আৰু এখন ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদানৰ আহ্বান জনায়। শেখ হাছিনাৰ প্ৰত্যাৱৰ্তনৰ খবৰে তেওঁৰ আৱামী লীগৰ সদস্যসকলক উৎসাহিত কৰিছে আৰু তেওঁলোকে পুনৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰিছে বুলি প্রকাশ।
উৎস: দৈনিক জনমভূমি