--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সচৰাচৰ ব্যৱহাৰ কৰা পাচলি সমূহৰ ভিতৰত কেপছিকামো অন্যতম। সাধাৰণতে কেপছিকামৰ বৰণ সেউজীয়া হয় যদিও আজিকালি বজাৰত বিভিন্ন ৰঙৰ কেপছিকামো পোৱা যায়। অতি পুষ্টিদায়ক এই পাচলিবিধ খাবলৈও ভাল তথা পাচলি বিধে দেহৰ কোনো ক্ষতি সাধনো নকৰে। অতি সহজতে আমি কেপছিকামৰ খেতিও কৰিব পাৰো। ফুৱৰ টাবতো ইয়াৰ খেতি কৰিব পাৰি।

 কেপছিকামত প্ৰচুৰ পৰিমানে ভিটামিন ’চি’ থাকে।কেপছিকামৰ বহু কেইটা গুণ আছে। ছালৰ উজ্জলতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত কেপছিকামে যাদুকৰী ভাবে কাম কৰে। তদুপৰি, ছালত  শোঁতৰা পৰা বা শালম:ন প্ৰতিৰোধতো ই বেছ ভাল কাম কৰে।

কেপছিকামত কেপছাইছিনছ নামৰ এবিধ বিশেষ উপাদান থাকে। এই উপাদানে মানৱ দেহৰ ডিএনএ’ৰ সৈতে লগ লাগি কেন্সাৰ সৃষ্টিকাৰী উপাদানৰ গঠনত বাধা দিয়ে আৰু কেন্সাৰ প্ৰতিৰোধত সহায় কৰে।বিষ প্ৰতিৰোধৰ ক্ষেত্ৰতো কেপছিকাম অতি উপকাৰী। মাইগ্ৰেন, ছাইনাছ, সংক্ৰমণ, দাঁতৰ বিষ, অষ্টিঅ’আৰ্থাৰাইটিছ ইত্যাদিৰ বিষৰ উপশম কেপছিকামে সহায় কৰে।

কেপছিকামে দেহত জমা হোৱা অতিমাত্ৰা চৰ্বিৰ দূৰ কৰি  ওজন হ্ৰাস কৰাতো সহায় কৰে।মেলেৰিয়া,  সাধাৰণ জ্বৰ আদিতো কেপছিকামে বেছ ভাল কাম দিয়ে। ই মুখৰ ৰুচি বঢ়ায়।কেপছিকামত এলকাল’য়েড, ফ্লেব’নয়ড, কানিন ইত্যাদি পোৱা যায়। এলকাল’য়েডে জ্বলন নাশক তথা এন্টি অক্সিডেন্ট ৰূপে কাম কৰে।কেপছিকামত থকা ভিটামিন ‘চি’য়ে মস্তিষ্কৰ পেশী পুনৰুজ্জীৱিত কৰাৰ লগতে দেহৰ হাড়ৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ