--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি সকলোৱে নিজৰ ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে। কিছুমানে তাৰবাবে বহু কষ্ট কৰে আৰু কিছুমানে নকৰে। একাংশই যিমান পাৰে সিমান সোনকালে ওজন কমাব বিচাৰে, কিন্তু তাৰ বাবে সঠিক সমাধান বিচাৰি নাপায়। পেট আৰু কঁকালৰ চাৰিওফালে থকা চৰ্বি কমাবলৈ, আমি আমাৰ দৈনন্দিন জীৱনশৈলী আৰু খাদ্যাভ্যাসত পৰিৱৰ্তন কৰিব লাগিব, তেতিয়াহে আমি ভাল ফলাফল আশা কৰিব পাৰিম। সোনকালে ওজন কমাবলৈ আমি প্ৰতিদিনে খোৱা-বোৱাৰ অভ্যাস সলনি কৰিব লাগিব।

এই অভ্যাসবোৰ গ্ৰহণ কৰিলে সোনকালে ওজন কমে

১/ ব্ৰেকফাষ্টত  পুৰী, পৰঠা নাখাবঃ ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ওজন কমাবলৈ আৰম্ভ কৰিব লাগে কাৰণ ইয়াৰ প্ৰভাৱ গোটেই দিনটো দেখা যাব। যিসকল লোকৰ পুৱা পুৰী, তৰকাৰী, পৰঠা বা আন যিকোনো তেলীয়া খাদ্য খোৱাৰ অভ্যাস আছে, তেন্তে আজিয়েই সলনি কৰক। বৰঞ্চ সতেজ ফল-মূল বা আন যিকোনো স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰক। এনে কৰিলে শৰীৰত থকা চৰ্বি কমি যাব আৰু এমাহৰ ভিতৰতে ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব।

২/ গাখীৰ চাহ খাব নালাগেঃ ভাৰতৰ বেছিভাগ মানুহেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেইবাবাৰো গাখীৰ আৰু চেনিৰ চাহ খাই ভাল পায়, কিন্তু ইয়াৰ ফলত ওজন বৃদ্ধি পায়। গাখীৰ চাহ কমাই খাব লাগে। ইয়াৰ পৰিৱৰ্তে গ্ৰীণ টি সেৱন কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। গ্ৰীণ টিয়ে শৰীৰৰ চৰ্বি কমোৱাত সহায় কৰে।

৩/ ফ্ৰুট শ্বেক বনাব নালাগেঃ মানুহে সতেজ ফল খাব লাগে। ফল গোটাকৈ বা কাটি খাব পাৰে। ফল জুচ কৰিও খাব পাৰে। কিন্তু যদি আপুনি ফলৰ শ্বেক কৰি খায়, তেন্তে শৰীৰে কষ্ট কৰিবলগীয়া হ’ব পাৰে, কাৰণ ফল-মূল আৰু গাখীৰৰ প্ৰভাৱ বেলেগ বেলেগ, যাৰ ফলত পেটত বিঘিনি হ’ব পাৰে আৰু ইয়াৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে।

৪/ মিঠা বস্তুৰ পৰা বিৰত থাককঃ মিঠা বস্তু বেছিকৈ খালে ওজন বাঢ়ে। মিঠাইৰ পৰা আৰম্ভ কৰি আইচক্ৰীমলৈকে মানুহে খায় বৰ ভালপায়। চেনি বা তাৰ পৰা বনোৱা বস্তু বেছিকৈ সেৱন কৰিলে সোনকালে ওজন বৃদ্ধি হয়। গতিকে যিমান পাৰে সিমান মিঠা কমাই খাব পাৰিলে ভাল।

গতিকে এই চাৰিটা অভ্যাস এৰিব পাৰিলে এমাহত আপোনাৰ ওজন অলপ হলেও কমাটো নিশ্চিত। এনেদৰে এই অভ্যাস দীঘলীয়া কৰি গৈ থাকিলে সোনকালে ওজন নিয়ন্ত্ৰণ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ