--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি সকলোৱে নিজৰ ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে। কিছুমানে তাৰবাবে বহু কষ্ট কৰে আৰু কিছুমানে নকৰে। একাংশই যিমান পাৰে সিমান সোনকালে ওজন কমাব বিচাৰে, কিন্তু তাৰ বাবে সঠিক সমাধান বিচাৰি নাপায়। পেট আৰু কঁকালৰ চাৰিওফালে থকা চৰ্বি কমাবলৈ, আমি আমাৰ দৈনন্দিন জীৱনশৈলী আৰু খাদ্যাভ্যাসত পৰিৱৰ্তন কৰিব লাগিব, তেতিয়াহে আমি ভাল ফলাফল আশা কৰিব পাৰিম। সোনকালে ওজন কমাবলৈ আমি প্ৰতিদিনে খোৱা-বোৱাৰ অভ্যাস সলনি কৰিব লাগিব।

এই অভ্যাসবোৰ গ্ৰহণ কৰিলে সোনকালে ওজন কমে

১/ ব্ৰেকফাষ্টত  পুৰী, পৰঠা নাখাবঃ ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ওজন কমাবলৈ আৰম্ভ কৰিব লাগে কাৰণ ইয়াৰ প্ৰভাৱ গোটেই দিনটো দেখা যাব। যিসকল লোকৰ পুৱা পুৰী, তৰকাৰী, পৰঠা বা আন যিকোনো তেলীয়া খাদ্য খোৱাৰ অভ্যাস আছে, তেন্তে আজিয়েই সলনি কৰক। বৰঞ্চ সতেজ ফল-মূল বা আন যিকোনো স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰক। এনে কৰিলে শৰীৰত থকা চৰ্বি কমি যাব আৰু এমাহৰ ভিতৰতে ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব।

২/ গাখীৰ চাহ খাব নালাগেঃ ভাৰতৰ বেছিভাগ মানুহেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেইবাবাৰো গাখীৰ আৰু চেনিৰ চাহ খাই ভাল পায়, কিন্তু ইয়াৰ ফলত ওজন বৃদ্ধি পায়। গাখীৰ চাহ কমাই খাব লাগে। ইয়াৰ পৰিৱৰ্তে গ্ৰীণ টি সেৱন কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। গ্ৰীণ টিয়ে শৰীৰৰ চৰ্বি কমোৱাত সহায় কৰে।

৩/ ফ্ৰুট শ্বেক বনাব নালাগেঃ মানুহে সতেজ ফল খাব লাগে। ফল গোটাকৈ বা কাটি খাব পাৰে। ফল জুচ কৰিও খাব পাৰে। কিন্তু যদি আপুনি ফলৰ শ্বেক কৰি খায়, তেন্তে শৰীৰে কষ্ট কৰিবলগীয়া হ’ব পাৰে, কাৰণ ফল-মূল আৰু গাখীৰৰ প্ৰভাৱ বেলেগ বেলেগ, যাৰ ফলত পেটত বিঘিনি হ’ব পাৰে আৰু ইয়াৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে।

৪/ মিঠা বস্তুৰ পৰা বিৰত থাককঃ মিঠা বস্তু বেছিকৈ খালে ওজন বাঢ়ে। মিঠাইৰ পৰা আৰম্ভ কৰি আইচক্ৰীমলৈকে মানুহে খায় বৰ ভালপায়। চেনি বা তাৰ পৰা বনোৱা বস্তু বেছিকৈ সেৱন কৰিলে সোনকালে ওজন বৃদ্ধি হয়। গতিকে যিমান পাৰে সিমান মিঠা কমাই খাব পাৰিলে ভাল।

গতিকে এই চাৰিটা অভ্যাস এৰিব পাৰিলে এমাহত আপোনাৰ ওজন অলপ হলেও কমাটো নিশ্চিত। এনেদৰে এই অভ্যাস দীঘলীয়া কৰি গৈ থাকিলে সোনকালে ওজন নিয়ন্ত্ৰণ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ