--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট খেলপথাৰত তেওঁক ‘কেপ্তেইন কুল’ বুলি অভিহিত কৰা হয়। পৰিস্থিতি যিয়েই নহওক কিয়, মহেন্দ্ৰ সিং ধোনীৰ মনত কি চলি আছে সেয়া বুজিবলৈ কোনো উপায় নাই। সফলতাত যেনেকৈ আপ্লুত নহয়, বিফলতাইও আৱেগিক কৰি নোতোলে ধোনীক। অনুৰাগীয়ে ধোনীক কন্দা কাহানিও দেখা নাই।

কিন্তু এইগৰাকী ধোনীয়েই এবাৰ কান্দিছিল। সেই কাহিনী তেওঁৰ দুগৰাকী প্ৰাক্তন  সতীৰ্থ হৰভজন সিং আৰু ইমৰাণ তাহিৰে জনালে। শেহতীয়াকৈ আইপিএলৰ কমেণ্টেটৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে হৰভজন আৰু তাহিৰে। দুয়োজনেই এসময়ত চেন্নাই ছুপাৰ কিংছত ধোনীৰ সতীৰ্থ আছিল।

তেওঁলোকে জনায় যে এটা দলীয় ইভেণ্টত ধোণীয়ে চকুলো টুকিছিল। সকলোৰে সন্মুখতে কান্দিছিল। হৰভজনে কয়, ''দুবছৰীয়া নিৰ্বাসনৰ অন্তত ২০১৮ চনত চেন্নাই আই পি এললৈ উভতি আহিছিল। সেইবাবে দলীয় অনুষ্ঠানৰ অন্তত নৈশভোজ চলি আছিল।  সেই নিশা ধোনীক কান্দি উঠা দেখিছিলোঁ। এই কাহিনীটো আগতে কোনেও শুনা নাই।’’

ইমৰান তাহিৰেও হৰভজনৰ কথাক সমৰ্থন কৰে। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন স্পিনাৰগৰাকীয়ে কয়- ''মইও তাত আছিলো। ধোনিৰ বাবে সেয়া আছিল এক অতি আৱেগিক মুহূৰ্ত। সেইদিনা আমি উপলব্ধি কৰিলোঁ যে চেন্নাই তেওঁৰ হৃদয়ৰ কিমান ওচৰত। এই দলটোক তেওঁ নিজৰ পৰিয়াল বুলি গণ্য কৰে। তেওঁক দেখি বহুতে আৱেগিক হৈ পৰিল।''

উল্লেখ্য যে দুবছৰৰ মূৰত ধোনীবাহিনী নিৰ্বাসনৰ পৰা উভতি আহিয়েই চেম্পিয়ন হয়। এইবাৰো আই পি এলৰ প্লে অফত প্ৰৱেশ কৰিছে চেন্নাইয়ে। মঙলবাৰে ঘৰুৱা খেলপথাৰত খেলিব। বিপক্ষ হৈছে যোৱাবাৰৰ চেম্পিয়ন হাৰ্দিক পাণ্ডিয়াৰ গুজৰাট টাইটানছ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে