--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ লীগ পৰ্যায়ৰ অন্তিমখন মেচত গুজৰাট টাইটানছৰ বেটছমেন শুবমান গিলে আৰচিবিক এটা দূৰ্দান্ত শতকৰে পৰাস্ত কৰে। ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে আৰচিবিৰ কিছু সংখ্যক সমৰ্থক। আনকি তেওঁলোকে শুবমানৰ ভগ্নীৰ ওপৰত আক্ৰমণ কৰা হৈছে। শেহতীয়াকৈ দিল্লী মহিলা আয়োগে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।

ছচিয়েল মিডিয়াত কেইবাজনো লোকে শুবমানৰ ভগ্নীক উদ্দেশ্যি আক্ৰমণ কৰিছিল। এই ঘটনাৰ পিছতে শুবমানৰ পৰিয়ালে দিল্লী কমিছন ফৰ উইমেনত এজাহাৰ দাখিল কৰে। দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে কয়- ''শুবমানৰ ভগ্নীক হাৰাশাস্তিৰ ঘটনাটো অতি দুখজনক। মাত্ৰ এখন খেলৰ ভিত্তিত কাকো এনেদৰে গুণ্ডাগিৰি কৰিব নোৱাৰি। ইয়াৰ পূৰ্বে বিৰাট কোহলীৰ কণমানি কন্যাকো নিৰ্যাতন চলাইছিল। আমি তেতিয়াও ব্যৱস্থা লৈছিলো। এইবাৰো কৰিম। এনে ঘটনা সহ্য কৰা নহ’ব।”

উল্লেখ্য যে আই পি এলত ১৪খন মেচত ৬৮০ ৰান সংগ্ৰহ কৰিছে শুবমানে। ৰান সংগ্ৰহৰ ক্ষেত্ৰত তেওঁৰ সন্মুখত আছে কেৱল আৰচিবিৰ অধিনায়ক ফাফ ডু প্লেছিছ। ১৪খন মেচত তেওঁ ৭৩০ ৰান সংগ্ৰহ কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু