--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ লীগ পৰ্যায়ৰ অন্তিমখন মেচত গুজৰাট টাইটানছৰ বেটছমেন শুবমান গিলে আৰচিবিক এটা দূৰ্দান্ত শতকৰে পৰাস্ত কৰে। ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে আৰচিবিৰ কিছু সংখ্যক সমৰ্থক। আনকি তেওঁলোকে শুবমানৰ ভগ্নীৰ ওপৰত আক্ৰমণ কৰা হৈছে। শেহতীয়াকৈ দিল্লী মহিলা আয়োগে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।

ছচিয়েল মিডিয়াত কেইবাজনো লোকে শুবমানৰ ভগ্নীক উদ্দেশ্যি আক্ৰমণ কৰিছিল। এই ঘটনাৰ পিছতে শুবমানৰ পৰিয়ালে দিল্লী কমিছন ফৰ উইমেনত এজাহাৰ দাখিল কৰে। দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে কয়- ''শুবমানৰ ভগ্নীক হাৰাশাস্তিৰ ঘটনাটো অতি দুখজনক। মাত্ৰ এখন খেলৰ ভিত্তিত কাকো এনেদৰে গুণ্ডাগিৰি কৰিব নোৱাৰি। ইয়াৰ পূৰ্বে বিৰাট কোহলীৰ কণমানি কন্যাকো নিৰ্যাতন চলাইছিল। আমি তেতিয়াও ব্যৱস্থা লৈছিলো। এইবাৰো কৰিম। এনে ঘটনা সহ্য কৰা নহ’ব।”

উল্লেখ্য যে আই পি এলত ১৪খন মেচত ৬৮০ ৰান সংগ্ৰহ কৰিছে শুবমানে। ৰান সংগ্ৰহৰ ক্ষেত্ৰত তেওঁৰ সন্মুখত আছে কেৱল আৰচিবিৰ অধিনায়ক ফাফ ডু প্লেছিছ। ১৪খন মেচত তেওঁ ৭৩০ ৰান সংগ্ৰহ কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে