--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিকি কৌশল আৰু কেটৰিনা কাইফে অলপতে ভ্ৰমণলৈ গৈছিল । কিছুদিন পূৰ্বে তেওঁলোকে  প্ৰথম বিবাহ বাৰ্ষিকী উদযাপন  কৰিছে। কেটৰ কোনটো গুণৰ দ্বাৰা বিকি আকৰ্ষিত হৈছে? বিকি কৌশল আৰু কেটৰিনা কাইফৰ সম্পৰ্ক বলীউডৰ তাৰকা দম্পতিসকলৰ মাজৰে  এটা অতি মধুৰ সম্পৰ্ক। 

এনে  লাগে যেন বিকি-কেটৰ বিয়াৰ  এবছৰৰ হোৱা নাই, তেওঁলোকে নতুনকৈহে যেন বিবাহ পাশত আৱদ্ধ হৈছে। বিবাহবাৰ্ষিকীত অভিনেতাজনে তেওঁৰ পত্নী কেটৰ  প্ৰশংসা কৰিছে। 
বিকিয়ে সৰ্বভাৰতীয় সংবাদ মাধ্যমক কয় যে তেওঁ এই জীৱনত কেটৰিনাৰ দৰে ব্যক্তিক কেতিয়াও দেখা নাই। তেওঁৰ পত্নীৰ কিছুমান গুণ আছে যাক প্ৰশংসা নকৰাকৈ থাকিব  নোৱাৰি। "কেটৰিনাই সদায় কয় যদি আপুনি এজন ব্যক্তিক কিবা ভাল কথা ক'ব নোৱাৰে, তেন্তে মনে মনে থকাই ভাল। কেটৰিনা যথেষ্ট  বুদ্ধিমান। তেওঁ জানে কেনেকৈ তেওঁৰ চাৰিওফালৰ লোকসকলক সন্মান কৰিব লাগে। ''

 প্ৰথম বাৰৰ বাবে নহয়, আগতেও বহু সাক্ষাৎকাৰত, বিকিয়ে কৈছিল যে কেটৰিনাৰ দৰে কোনো ব্যক্তি হ’ব নোৱাৰে বুলি কৈছিল। কেটে অভিনেতাজনৰ জীৱন সলনি কৰি পেলাইছে । কেটৰিনাও বিকিক পাই সুখী। তেওঁলোকৰ বিবাহ বলীউডৰ আটাইতকৈ সফল প্ৰেমৰ উদাহৰণ হৈ পৰিছে।

আৰম্ভণিতে, বিকি আৰু কেটৰিনা ইজনে সিজনৰ বাবে সম্পূৰ্ণৰূপে অপৰিচিত আছিল। তেওঁলোকে প্ৰথমে জয়া আখটাৰৰ এটা পাৰ্টিত লগ পাইছিল। অভিনেত্ৰীগৰাকীয়ে প্ৰথমে জয়াক কৈছিল যে বিকিয়ে তাইৰ হৃদয় জয় কৰিছে। কেটৰিনাই বিকিৰ সৈতে এই প্ৰেমৰ সম্পৰ্কক 'সম্পূৰ্ণ অপ্ৰত্যাশিত' বুলি কৈ আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ