--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিবাহৰ এবছৰ সম্পূৰ্ণ হৈছে। একে সময়তে ইণ্টাৰনেটত মানুহৰ দৃষ্টি আকৰ্ষণ কৰা এটা ভিডিঅ’ত বিকি কৌশলে ব্যক্ত কৰা কিছুমান বিশেষ কথাক লৈ ৰাইজে আলোচনা কৰি আছে। প্ৰথমে চাওক বিশেষ ভিডিঅ'টো-


বলীউডৰ অন্যতম তথা আকৰ্ষনীয় দম্পতী হৈছে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত বিবাহপাশত আবদ্ধ হোৱা বিকি কৌশল আৰু কেটৰিনা কাইফ। কেটৰিনা কাইফৰ লগত বিয়া হোৱাৰ পাছত ভিকিৰ জীৱন কেনেকুৱা হৈছে সেয়া সকলোৱে জানিব বিচাৰে। ইফালে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিকি কৌশলৰ এই ভিডিঅ’টো য’ত তেওঁ জীৱনৰ কিছুমান বিশেষ কথা কোৱা দেখা গৈছে। কিয়াৰা আদৱানীকো তেওঁৰ লগত এই ভিডিঅ'টোত দেখা গৈছে। আৰু বৰ্তমান নেটিজেনে এই ভিডিঅ'টোত কোৱা কথাখিনি তেওঁ বিবাহিত জীৱনৰ লগত জড়িত কৰি চৰ্চা অব্যাহত ৰাখিছে।

আচলতে এই ভিডিঅ’টো বিকি কৌশলৰ, কিয়াৰা আদৱানী আৰু ভূমি পেডনেকাৰ অভিনীত ছবি ‘গোবিন্দ নাম মেৰা’ৰ প্ৰচাৰৰ সময়ৰ। ভিডিঅ'টোত যেতিয়া বিকিক সোধা হয়, 'আপুনি ঘৰৰ কোনো কাম কৰে নেকি?' এই বিষয়ে বিকিয়ে কোনো পলম নকৰাকৈয়ে কয়- ‘চাহ বনাওঁ আৰু ৰান্ধি ভাল পাওঁ, গতিকে খাদ্যও ৰান্ধো। ইয়াৰ বাহিৰেও মই লকডাউনত ঝাড়ু দিয়া আৰু বাচন ধোৱাৰ ক্ষেত্ৰত অতি বিশেষজ্ঞ হৈ পৰিছো। বিকিৰ কথা শুনাৰ পাছত ওচৰতে বহি থকা ছবিখনৰ নিৰ্মাতাই ক’লে- ‘বিকি তোমাক বিয়া কৰাব পাৰিম।’ 

এই ভিডিঅ’টোৰ বাহিৰেও বিকি কৌশল আৰু কেটৰিনা কাইফৰ ৱৰ্কফ্ৰন্টৰ কথা কবলৈ গলে, শেহতীয়াকৈ অ’টিটি প্লেটফৰ্মত মুক্তি পোৱা বিকিৰ ছবি ‘গোবিন্দ নাম মেৰা’, য’ত ভূমি পেডনেকাৰ আৰু কিয়াৰা আদৱানীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পাছতে মেঘনা গুলজাৰৰ ‘ছাম বাহাদুৰ’ত ফাতিমা ছানা শ্বেইখ আৰু সন্যা মালহোত্ৰাৰ সৈতে বিকিক দেখা যাব। একে সময়তে অতি সোনকালে ছলমান খানৰ সৈতে ‘টাইগাৰ ৩’ ছবিত দেখা যাব কেটৰিনা কাইফক। এই ছবিখনত তেওঁৰ সৈতে ইমৰাণ হাছমীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক