--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিবাহৰ এবছৰ সম্পূৰ্ণ হৈছে। একে সময়তে ইণ্টাৰনেটত মানুহৰ দৃষ্টি আকৰ্ষণ কৰা এটা ভিডিঅ’ত বিকি কৌশলে ব্যক্ত কৰা কিছুমান বিশেষ কথাক লৈ ৰাইজে আলোচনা কৰি আছে। প্ৰথমে চাওক বিশেষ ভিডিঅ'টো-


বলীউডৰ অন্যতম তথা আকৰ্ষনীয় দম্পতী হৈছে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত বিবাহপাশত আবদ্ধ হোৱা বিকি কৌশল আৰু কেটৰিনা কাইফ। কেটৰিনা কাইফৰ লগত বিয়া হোৱাৰ পাছত ভিকিৰ জীৱন কেনেকুৱা হৈছে সেয়া সকলোৱে জানিব বিচাৰে। ইফালে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিকি কৌশলৰ এই ভিডিঅ’টো য’ত তেওঁ জীৱনৰ কিছুমান বিশেষ কথা কোৱা দেখা গৈছে। কিয়াৰা আদৱানীকো তেওঁৰ লগত এই ভিডিঅ'টোত দেখা গৈছে। আৰু বৰ্তমান নেটিজেনে এই ভিডিঅ'টোত কোৱা কথাখিনি তেওঁ বিবাহিত জীৱনৰ লগত জড়িত কৰি চৰ্চা অব্যাহত ৰাখিছে।

আচলতে এই ভিডিঅ’টো বিকি কৌশলৰ, কিয়াৰা আদৱানী আৰু ভূমি পেডনেকাৰ অভিনীত ছবি ‘গোবিন্দ নাম মেৰা’ৰ প্ৰচাৰৰ সময়ৰ। ভিডিঅ'টোত যেতিয়া বিকিক সোধা হয়, 'আপুনি ঘৰৰ কোনো কাম কৰে নেকি?' এই বিষয়ে বিকিয়ে কোনো পলম নকৰাকৈয়ে কয়- ‘চাহ বনাওঁ আৰু ৰান্ধি ভাল পাওঁ, গতিকে খাদ্যও ৰান্ধো। ইয়াৰ বাহিৰেও মই লকডাউনত ঝাড়ু দিয়া আৰু বাচন ধোৱাৰ ক্ষেত্ৰত অতি বিশেষজ্ঞ হৈ পৰিছো। বিকিৰ কথা শুনাৰ পাছত ওচৰতে বহি থকা ছবিখনৰ নিৰ্মাতাই ক’লে- ‘বিকি তোমাক বিয়া কৰাব পাৰিম।’ 

এই ভিডিঅ’টোৰ বাহিৰেও বিকি কৌশল আৰু কেটৰিনা কাইফৰ ৱৰ্কফ্ৰন্টৰ কথা কবলৈ গলে, শেহতীয়াকৈ অ’টিটি প্লেটফৰ্মত মুক্তি পোৱা বিকিৰ ছবি ‘গোবিন্দ নাম মেৰা’, য’ত ভূমি পেডনেকাৰ আৰু কিয়াৰা আদৱানীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পাছতে মেঘনা গুলজাৰৰ ‘ছাম বাহাদুৰ’ত ফাতিমা ছানা শ্বেইখ আৰু সন্যা মালহোত্ৰাৰ সৈতে বিকিক দেখা যাব। একে সময়তে অতি সোনকালে ছলমান খানৰ সৈতে ‘টাইগাৰ ৩’ ছবিত দেখা যাব কেটৰিনা কাইফক। এই ছবিখনত তেওঁৰ সৈতে ইমৰাণ হাছমীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু